কিংকিনীৰ হৃদয়খন চুব খোজোঁ মই
শেৱালি বৰুৱা
কিংকিনী তুমি গুচি যোৱাৰ পৰত তোমাৰ ভৰিৰ ৰুণজুন
নেপুৰৰ সুবংকিম খোজত মোৰ
আগচোতালত সোণাৰুৱে উঁচুপিছিল!
কৃষ্ণচূড়াৰ সিক্ত দুনয়নৰ যন্ত্ৰণাত ৰাধাচূড়াজোপা ভাগৰি
শুই পৰিছিল মোৰ বুকুত;
তপচৰ্য্যা হৃদয়ক বিচাৰি তুমি
উভটি আহিলে এমুঠি
শীতল স্নেহেৰে আৱৰি থ'ম তোমাক মোৰ বুকুত কিংকিনী!
প্ৰকৃতিয়ে অকৃপণ হাতেৰে সজোৱা নাহৰবোৰৰ ডালত
এৰি অহা সভ্যতাৰ বৰপেৰাটিৰ
আজি মেৰামতি কৰিবলৈও সময়ৰ বুকুত বন্দিনী প্ৰকৃতি;
কাক বিচাৰিম এমুঠি সেউজীয়া
বতাহ?
কোনে দিব এমুঠি আকাংক্ষাৰ সেউজীয়া বীজ?
এমুঠি বিশুদ্ধ বতাহ দুহাতেৰে
সাৱটিবলৈ আজি মন যায় বৰকৈয়ে,
কিন্তু কোনে আনি দিব সেই অভেদ্য কৱচ জীৱনৰ বাবে!
আমাৰ বাবে
এই তনূত্ৰ এদিন
নিশ্চয় আছিল পৃথিৱীৰ বুকুত
সেইয়া চোৱা বিচাৰিলেই পাবা
স্ৰোতস্বিনী গঙ্গাৰ তীৰত!
ব্ৰহ্মাৰ নন্দন ব্ৰহ্মপুত্ৰৰ বুকুত!
ভাগীৰথীৰ সোঁতত!
চেনাবৰ শিলনিত!
আৰু সৰজু তটত !
সেইদিনা
জীৱনে হাঁহিছিল তোমাৰ বাবেই
কিংকিনী,
বালিয়ৰী সোৱনশিৰীৰ বুকুত
সোণ বুটলি হেৰাই যোৱা মিছিং কনেঙ জনীৰ উচুপনিত
কপিলীৰ পাৰত
কোনোবা মহান সভ্যতাই ৰুই গৈছিল
হেঁপাহৰ এখন সেউজীয়া বাগিচাত
এটি সুৰ যাউতিযুগীয়া কৰি;
আমাৰ হৃদয়ৰ তানপুৰাত আজিও ভাঁহি আহে ৰিণিকি ৰিণিকি এটি সুৰ
সেই সুৰ তোমাক হেৰুৱাৰ সুৰ কিংকিনী!
আজি বাৰু এটা উশাহ
কাক কষ্টেৰে বিচাৰিম?
কোনেও নোৱাৰে আনিব
কিংকিনী তুমি যোৱাৰ পৰত দি
যোৱা উশাহটো আজিও সাঁচি
ৰাখিছো মোৰ অৰ্পিসত!
নদীৰ তৰংগৰ বুকুত ক্ষণে ক্ষণে
হাঁহিছিল মোৰ চেনেহী কিংকিনীয়ে,
উশাহবোৰে আজি অভিমান কৰিছে নিজৰ মাজতে
দূৰে দূৰে উচুপিছে বিৰহিনী কলঙে,
কিংকিনী বাট হেৰুৱাই এবাৰলৈ উভটি আহাঁচোন
জোনাকবোৰ বিচাৰি আনি সিঁচি
দিওঁ তোমাৰ বুকুত
মোৰ হৃদয়ত
অনুভৱৰ এজাক বৰষুণ
হৈ উমলি থাকা এজনী কিংকিনী হৈ!
0 comments:
Post a Comment