আইৰ আঁচলৰ এমুঠি পোহৰেৰে
শেৱালি বৰুৱা
সেউজীয়া শব্দেৰে লিখা মোৰ কবিতাৰ কোমল শেতেলীত এন্ধাৰবোৰ ছটিয়াই নিদিবা
এমুঠি এন্ধাৰৰ স’তে মোৰ যুদ্ধ এইয়া যুগ-যুগান্তৰৰ!
পৃথিৱীৰ সেউজীয়াৰ মাজত এপলক জিৰাবলৈ আইৰ গৰ্ভৰ আন্ধাৰ ফালি আহিছিলো
কিন্তু! যন্ত্ৰণাৰ মৰুক বাৰে বাৰে
সিক্ত কৰিবলৈ এখন মৰুদ্যান
বিচাৰোঁতে তোমাৰ
সততাৰ শব্দবোৰ আজি বৰকৈয়ে ভাগৰুৱা হৈছে আই;
অনুবদ্ধ মই সময়ৰ ওচৰত!
কঙাল সময়ৰ বুকুত কাগজৰ ফুলবোৰক কেনেকৈ গোলাপৰ
পাহিবুলি আঁকোৱালি লওঁ?
এন্ধাৰ আঁচলত এমুঠি পোহৰ
আয়ে ওপজা মুহূৰ্ততে বান্ধি দিছিল স্নেহেৰে;
এন্ধাৰ বাটত জোনাকীৰ আগমনে
সিঁচি যায় ৰাশি ৰাশি সেউজীয়া চিয়াঁহীৰে লিখা
সেউজীয়া হেঁপাহবোৰ,
জীৱনৰ উকা পৃষ্ঠাত সেউজীয়া
পথে পথে নব্য উপন্যাসৰ কাহিনীবোৰক
সকলোৰে অলক্ষিতে লিখিছিলোঁ,
জীৱনে গতি সলনি কৰোঁতে
সিদিনা পোহৰৰ শতাব্দীত
মই মলিনতাবোৰক কবৰস্থ কৰিছিলোঁ ,
স্নিগ্ধতাৰে আৱৰি লোৱা অনুভৱে ৰুগ্ন হৃদয়খনক
বুজাইছিল বৰ মৰমেৰে
মোৰ আইৰ স্নেহময়ী সেই কথাবোৰৰ দৰেই,
মই অস্বচ্ছ সপোনবোৰক তোমাৰ পিংগলাক্ষ দুনয়নৰ কাষত সমৰ্পন কৰিলো,
বিষন্ন প্ৰহৰবোৰক দিগন্তৰ শেষ সীমনাত শব্দেৰে আঁকি দিলোঁ
এখন বৰ্ণাভ পৃথিৱীক তোমাৰ মাজত!
আয়ে আঁচলত সিঁচি দিয়া
জীৱনমুখী এমুঠি পোহৰে শিকাব পাৰে নান্দনিকতাৰ
কোমল কুঁহিপাতবোৰৰ মাজে মাজে জীৱন জিয়াৰ ঐক্যতান!
0 comments:
Post a Comment