অশ্ৰুবন্যা
প্ৰতিভা ভাগৱতী শৰ্মা
চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলীত
এক অলিখিত ইতিহাস
অৱশ বুকুখনত ৰি ৰি কৈ বাজি উঠা গানবোৰ
কেৱল মাত্ৰ সময়ৰ হিচাপ
ঘৰটোৰ প্ৰতিচপৰা ইটাই কৈ যায় এসাগৰ ঘামৰ কাহিনী
প্ৰতিটো শিলগুটিয়েই দি যায়
হাড় আৰু পেশীত বিষৰ যন্ত্ৰণা
ৰঙীন পৃথিৱীৰ সুখবোৰত বিচাৰি নাপাওঁ এতিয়া
মুধাফুটা দম্ভৰ হিচাপ
অহংকাৰে পুতি থোৱা মনটো এতিয়া নিৰস
ব'হাগ আহিল আৰু গ'ল
পথাৰেও বুকুত খুন্দা মাৰিছে লাহে লাহে
অসুখীয়া পৃথিৱীখনে মোক কাৰাগাৰৰ জীৱন দিছে
জ্বলোৱা চিগাৰেটটো হুপি হুপি ধোঁৱাৰ কুণ্ডলীবোৰ
ডিঙি মেলি মেলি চাইছোঁ
দহোটা বছৰৰ আগতে খহি পৰা আকাশখনৰ
চিতাৰ ধোঁৱাৰ কুণ্ডলীয়ে
মোক কন্দুৱাব পৰা নাছিল
অহংকাৰৰ সময়তকৈ নিংসঙ্গ সময় বৰ যন্ত্ৰণাদায়ক
জীৱনটোযে হাঁহি আৰু কান্দোনৰ খেলা।
0 comments:
Post a Comment