June 2021 ~ JOBON.IN

Wednesday, June 30, 2021

কবিতা : অম্বুবাচীৰ ৰাতি....

 


অম্বুবাচীৰ ৰাতি....

ময়ূৰী শৰ্মা গোস্বামী


কামাখ্যে বৰদে দেবী

নীলপৰ্বতবাসিনী

তং দেবী জগতমাতা

যোনীমুদ্ৰে নমঃস্তোতে।


অম্বুবাচীৰ ৰাতি....... 


যোৰ কৰি নিস্ব দুহাত 

সূৰুযৰ মিঠুন লগ্নত

অঙ্গবস্ত্ৰা, ৰজস্বলা মা কামাখ্যা।

জ্যোতিৰ্ময়... 

মাৰ ধামলৈ যোৱাৰ বাট। 


শক্তিপীঠ মা কামাখ্যা

যোনী সম্ভুতা মা আৰাধ্যা

চাৰি দিন, চাৰি ৰাতি

গন্ধ পুষ্প ধুপ দ্বীপ বৰ্জিতা

শক্তিৰূপিনী,

শান্তৰূপিনী, 

সভক্তিৰে দেব যোগীৰ আৰ্চিতা।


তোমাৰ অঙ্গবস্ত্ৰৰ মহিমা অপাৰ

মাটি পানী বায়ুত - 

তেজস্বলা তোমাৰ,

শক্তিৰূপ সাকাৰ।


চৌদিশে নিনাদিত,

তোমাৰ শক্তি ভক্তিৰ মহিমা।

জগত ব্যাপি আছে,

তোমাৰ ৰূপ - 

তামসিক শক্তিৰ গৰিমা। 

 

প্ৰতি বছৰে সৃষ্টিৰ আদি তত্ব বুজাই, 

ৰজস্বলা পৃথিবীক ভক্তিৰে সজায়, 

ভক্তৰ সকলো ইচ্ছাৰ ফলদাত্ৰী,

এইয়া যে পবিত্ৰ সময়,

এইয়া সময় অম্বুবাচীৰ ৰাতি -

জ্ঞান দিয়া মা,

পোহৰ দিয়া মা,

শান্তি দিয়া মা, 

ভক্তগণ ৰৈ আছোঁ  - 

আচল পাতি পাতি।



Share:

কবিতা : এমুঠি শব্দ বিচাৰি

 


এমুঠি শব্দ বিচাৰি

শেৱালি বৰুৱা


বাস্তৱৰ এমুঠি শব্দেৰে লিখি থৈ যাব খোজো ছন্দোবদ্ধ কবিতা,

তোমাৰ হৃদয়ৰ অন্তৰ্মুখী

জটিল প্ৰশ্নটোৰ সমাধানসূত্ৰ বিচাৰি বিচাৰি আজিও বাট হেৰুৱালোঁ সপোনৰ;

বৈভৱৰ শব্দবোৰৰ মাজত দেখোন নিভাঁজ শব্দবোৰৰ আউল লাগিবলৈ ধৰে,

এখন ছবি আঁকিম জীৱনৰ

 সকলো থাকিবনে বাৰু তাত?

মোৰ আকাংক্ষাৰ এজাক বিহংগক লৈ

উশাহৰ সেউজীয়া বেলিটোক

সামৰি আঁকিম এখন জীয়া ছবি

জীৱনৰ পৰা জীৱনলৈ!

হৃদয়ৰ পৰা হৃদয়লৈ!

শব্দৰ পৰা শব্দলৈ!

কিন্তু হালধীয়া সৰাপাতৰ বুকুত

নিৰ্লিপ্ততাৰ জীয়া সুহুৰি এটাই

মোক ক্ৰমশঃ আঁতৰাই নিব খোজে এই জীৱনৰ পৰা,

এই সেউজীয়া আবেলিটোৰ

সেউজীয়া বেলিটোৰ পৰা বহু দূৰলৈ স্পর্শৰ উৰ্ধত,

প্ৰাচীনতম শিলৰ বুকুত লিখি থোৱা ইতিহাস খুচৰি ভাগৰুৱা

আবেলিটো শুই পৰিল অদৃশ্য

এন্ধাৰৰ কোলাত,

কিহৰ বাবে এই অর্থিতা?

জীয়াই থকাৰ বাবেনে?

কিহৰ বাবে এই অনুৰণন?

এমুঠি ভালপোৱা শব্দ বিচাৰি

বিচাৰি ব্যথিত অনুভূতিবোৰক

এতিয়া বেদনাবোৰে কৰ্ষিত কৰিব নোৱাৰাকৈয়ে সমাধিস্থ কৰিলো অচিন ঠিকনাত,

তোমাৰ অভ্যন্তৰৰ ডেউকা বিহীন কবিতাৰ ভাষাবোৰক

বকুলৰ সুবাস বিচাৰি  বিচাৰি মদাৰবোৰ মোৰ

হৃদয়ৰ পদূলিত

ৰুই গ'লে এটি বৃহৎ ফাঁক ৰৈ যাব

জীৱন জিজ্ঞাসাৰ মাজত অজানিতে

সংগোপনে!


Share:

Tuesday, June 29, 2021

কবিতা : অপেক্ষা


অপেক্ষা

নিবেদিতা ভৰালী


পৃথিৱীখন নিজৰ আছিল

     দূৰলৈ উভতি গ'ল

বাট-পথবোৰ যেন ৰৈ আছে

  কাৰোবাৰ অপেক্ষাত।


মৃত্যুৰ স'তে যুঁজি

অৰ্ধচেতনাত কাতৰৰ

মাত দিয়ে জোনবাই বুলি।

ঘন আন্ধাৰত

মেঘৰ চাদৰ উৰুৱাই

ক'ত আছা তুমি?  

কোনোবাই আহি প্ৰশ্ন কৰে?


উভতি যাবা কিমান 

  দিনৰ পাছত?

আজিও তোমাৰ বাবে

মই নিতৌ অপেক্ষাত।

দিনৰ পিছত দিন 

  বাগৰি যায়

সঘনাই হাত আগবঢ়াও,

  জীয়াই থাকিবলৈ

নিশাৰ সপোনে ভাঙি দিয়ে

  বাৰম্বাৰ

তোমাক ক'বলৈ ৰৈ আছো

 জনহীন শূন্য শব্দটোত

  তুমি আছা ৰৈ

আজি মোৰ অপেক্ষাত।


Share:

Monday, June 28, 2021

কবিতা : ৰাঙলী পুৱা

 


ৰাঙলী পুৱা

নিবেদিতা ভৰালী


পুৱাতেই ৰাঙলী হৈ

আনিছ কি বতৰা।

সপোন সপোন লগা

এজাক বৰষুণে

ধেমালি কৰে

ৰামধেনুৰ স'তে।

আকাশত নিমিষতে

হেৰাল কলীয়া ডাৱৰবোৰ

দুৱৰিত মুকুতাৰ টোপালবোৰে

টোপ টোপ শব্দ কৰি

 নাচে আনন্দত।

পৃথিৱীয়ে আকৌ

নতুন প্ৰভাত পালে

কাল ৰাত্ৰি আঁতৰি গ'ল

পৃথিৱীৰ বুকুত পুৱাৰ

ৰাঙলী সুৰুযে সুবাস বিলায়।


Share:

Sunday, June 27, 2021

কবিতা : হেৰাই গ’ল শব্দবোৰ


 হেৰাই গ’ল শব্দবোৰ

(কোভিডত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যক্তিলৈ উৎসৰ্গিত)

অনামিকা ভূঞা


মেঘৰ গিৰ্জনিৰ পাছতে

ভাহি আহিল 

বৰষুণৰ টোপালৰ শব্দ


শব্দবোৰ আৰ্তনাদ হৈ পৰিল


আমাক বচোৱা

আমাক বচোৱা

আমিও জীয়াই থাকিব বিচাৰো


লাহে লাহে

গছৰ পাতবোৰ

লৰিবলৈ ধৰিলে


আমি নিৰুপায়

আমাৰ হাতত থকা 

'অক্সিজেন'

কমি আহিছে


ক্ৰমশঃ শব্দবোৰ

নোহোৱা হ’ল


হেৰাই গ’ল 

সকলো শব্দ


Share:

Friday, June 25, 2021

অণুগল্প : এইয়াই জীৱন

 


এইয়াই জীৱন

 নিবেদিতা ভৰালী

ভৰ দুপৰীয়া সময়তে অপৰিপাটীকৈ মলিয়ন বস্ত্ৰ পৰিধান কৰা নাৰীগৰাকীয়ে এখন চাহ দোকানৰ পৰা আন এখন চাহ দোকানলৈ পেটৰ পোৰণি মাৰিবলৈ হাত পাতি ঘুৰি ফুৰিছে। তাইৰ কোবাকোবি খোজত খহি পৰিছিল তাইৰ অসংলগ্ন কাপোৰখন।ক্ষুধাতুৰ মানুহজনীয়ে তালৈ মুঠেই কাণসাৰ নকৰি ব্যস্ত হৈ পৰিছিল খোৱা বস্তু সংগ্ৰহ কৰাত। তেনেতে ডেকাচাৱনীৰ বিৰূপ দৃষ্টি তাইৰ দেহাটোৰ ওপৰত পৰা তাই ঘপকৰে লক্ষ্য কৰাত  হাততে পেট ভৰি লুকাল। ভয়ত কাপোৰখন মজবুতকৈ মেৰিয়াই ধৰিছে।

সেই একেই প্ৰখৰ ৰ'দৰ দুপৰীয়া সময়ত ঘুৰি ফুৰা মেদবহুল নাৰী এখন ষ্টলৰ পৰা আন এখন ষ্টললৈ উদ্ধত বুকুত কাগজৰ পেকেট চেপি ধৰি ছটফটাই ঘুৰি ফুৰা ধনীৰ দুলালীৰ দল দেখি ভাৱ হয় যে এইখনেই সেই গুৱাহাটী নে... য'ত দুখ যন্ত্ৰণা অপমানেৰে লাঞ্ছিত অনেক লোক এতিয়াও নিশাৰ সময়ত অকনমান আশ্ৰয়ৰ অভাৱত নিদ্ৰামগ্ন হয় ফুটপাথ প্লেটফৰ্ম অথবা অভাৰ ব্ৰীজৰ তলত।


Share:

Thursday, June 24, 2021

কবিতা : ফাগুন মোৰ প্ৰিয়


 ফাগুন মোৰ প্ৰিয়

কুমকুম ভূঞা


ফাগুন মোৰ অতিকৈ প্ৰিয়

কিয় জানানে?

ফাগুনৰ পছোৱা বতাহহে

 কহুঁৱা বনবোৰক যেনেকৈ

নচুৱাই...

একেদৰেই মোৰ মনটোক

নচুৱাই


কিয় জানানে?

ফাগুনৰ কোনোবা এটা 

দিনতে তুমি আহিছিলা

ফাগুনৰ ধুলিৰ স'তে

আকাশে বালিঘৰ সাজিছিল

ৰামধেনুৱে ৰঙৰ মেলা

পাতিছিল

মোৰ হিয়াই সপোনৰ

ঘৰটি সাজিছিল

ফাগুন অহাৰ বাটত।

অচিন আলহী এই বাটে যায়,মনে কয় চিনা,

ক'ত যে আমি ল'গ

পাইছিলো

কোনোবা ফাগুন দিনা।


বুজা-নুবুজাৰ ভাষাৰে আমাৰ

বুকু ভৰিছিল দৰদী নিশাৰ

তোমাৰ বাটত 

তুমি গুচি গ'লা

আপোনপাহৰা হৈ,

মাথোঁ থৈ গ'লা বাটৰ ধূলিত মৰমৰ পৰিচয়।


সেই পৰিচয় যদি সঁচা হয়

বাট হেৰোৱাৰ দিনা

অচিন আলহী উলটি আহিবা

ফাগুন মৰহি গ'লেও।


Share:

Wednesday, June 23, 2021

কবিতা : ৰ'দৰ বুকুত বৰ্ষাস্নাতা সপোনবোৰে ৰিঙিয়াই মাতে

 


ৰ'দৰ বুকুত বৰ্ষাস্নাতা সপোনবোৰে ৰিঙিয়াই মাতে

শেৱালি বৰুৱা


জীৱনৰ বাটত তেজষ্ক্ৰিয় ৰশ্মিৰে  আবৃত ধূসৰ ছবিখন আকোঁতে

এজাক জীপাল সেউজীয়া বৰষুণ  সেইদিনা

প্লাৱনসিক্ত ধৰাক বিচাৰিছিলো

মোৰ হৃদয়ৰ আলয়ত

সপোনৰ এজাক বৰষুণ!

ঝমঝম শব্দেৰে মুখৰিত বর্ষণ সিক্ত নিশাৰ শেতেলীত এজাক সপোনে ঘৰ বান্ধে আইৰ বুকুৰ পিৰালিত ,

পিতাইৰ হেঁপাহৰ নাঙলটোৰ কৰ্ষণত বৰষুণ জাকেও হাঁহি উঠে এটি সেউজীয়া সপোন হৈ

খিলখিলাই!

বাৰিষাৰ প্ৰথম জাক বৰষুণ আমাৰ বাবে প্ৰত্যয়ৰ এটি নতুন পুৱাৰ আলিংগন,

কাগজৰ নাও সাজি চোতালৰ

এডোঙা পানীত উটুৱাই দিওঁতে

এজাক অবুজ সপোনে ছুই গৈছিল শৈশৱতে,

নষ্টালজিক হওঁ বর্ষণ মুখৰ আবেলিবোৰত

 মনত পৰে কাগজৰ নাও সজা কোমল আঙুলিকেইটালৈ,

সেইজাক সপোনৰ বুকুত প্ৰেমৰ

মিঠা আবেলিটোৱে সিঁচি দিছিল

 মৰমসিক্ত দুটি  ওঁঠত খৰিকাজাইৰ চুমাবোৰ, আলফুলকৈ বুকুত সাৰ পাবলৈ

আৰম্ভ কৰিছিল মৰম নামৰ এটি শব্দই তোমাৰ হ'বলৈ মৰম;

সেউজীয়া বৰষুণ জাকত ৰ'দৰ আলিংগনে নিচুকাব নোৱাৰে 

জীৱনৰ ভাল লগা শব্দবোৰক,


বৰষুণৰ ছন্দত বুকুৰ কুটীৰত 

এজাক অনুভৱী শব্দই সংগোপনে লিখি যায় ভালপোৱাৰ  প্ৰথমখন চিঠি তোমাৰ বাবে মৰম,

বৰষুণৰ বুকুত মোৰ পিতাইৰ হেঁপাহবোৰে ঘৰ সাজোঁতে সিদিনা ময়ো অজানিতে 

আকুল হৈছিলো  পিতাইৰ সপোনবোৰক সজাই দিবলৈ,

ৰাশি ৰাশি হেঁপাহৰ বৰ্ণমালাৰে

এজাক ৰিমজিম বৰষুণৰ নূপুৰৰ

শব্দত জীৱনৰ কথাবোৰ গভীৰতৰ হৈ মোক নিচুকাব খোজে তোমাৰ বাবেই মৰম;

আজিও বর্ষণ মুখৰ সন্ধিয়াত

হেঁপাহৰ তৰাৰ থোপাবোৰক বিচাৰি বুকুৰ মাজত নিশব্দে উঁচুপি উঠো,

যোৱানিশাও আহিছিল এজাক 

প্ৰত্যয়ৰ বৰষুণ মোৰ হৃদয়ৰ কুটীৰ পোহৰাই হাঁহিবলৈ ঠিক

তোমাৰ দৰেই মৰম,

আজিও বৰষুণ মোৰ প্ৰিয়

শব্দ আকাশৰ বুকুত উমলি ভাগৰ লাগিলে মোৰ কোলাত

উঁচুপিবলৈ অহা এজাক সেউজীয়া বৰষুণ!


Share:

Board of Secondary Education, Assam Recruitment 2021 : Apply for the Post of Junior Administrative Assistant cum Program Assistant

 Board of Secondary Education, Assam Recruitment 2021 : Board of Secondary Education, Assam Guwahati - 781021 Assam has invited applications for the post of Junior Administrative Assistant cum Program Assistant

Name of the Post
Junior Administrative Assistant cum Program Assistant

Number of Post : 3

Applications are invited from the intending candidates for the post of 3 (Three) nos. of Junior Administrative Assistant cum Program Assistant on Contractual basis in the Board of Secondary Education, Assam (SEBA), Bamunimaidam, Guwahati-21. Initial contractual period will be for 11 months from the date of joining, which will be revised on the basis of performance of the selected candidate.

1. Required Qualifications: Candidates must be graduate in Science, Arts or Commerce stream having minimum 55% marks in 10th, 55% in 12th and 55% in graduation.

2. Candidate having MCA (Master of Computer Applications) will get extra points of up to 10 (ten) points based on MCA degree marks.

3. Candidate having BCA (Bachelor of Computer Applications) will get extra points of up to 5 (Five) points based on BCA degree marks.

4. Candidate having experience in computer application system in any Govt. and Private sector will get extra points as mentioned below:
Up to 1 year : 1 point
2 years : 2 points
3 years : 3 points
4 years : 4 points
5 years and above : 5 points

5. Required Age as on 01.01.2021: Minimum 21 years and maximum 43 years.

6. Remuneration: Rs. 17,000 per month (with Annual Increment and DA as admissible).

7. Application fees: Applicant has to deposit an amount of Rs 250 in favour of Secretary, Board of Secondary Education, Assam either through Demand Draft of any National Bank payable at Guwahati or through challan of the Assam Co-operative Apex Bank Ltd., Bamunimaidam Branch Guwahati (Challan available in the SEBA office) payable at Assam Co-operative Apex Bank, SEBA complex.

8. How to Apply: Please visit SEBA's official website sebaonline.org.
Link for online application will be available from 22nd June 2021 to 4th July 2021.

After applying online, the Application Form with all filled data, as entered by the candidate, will be downloaded.

Candidate has to submit/send all the relevant documents along with the downloaded Application Form and necessary Fees to SEBA office; Guwahati, by 10th July, 2021.
9. Shortlisted candidates will be called for further process (Computer skill test and Viva).
10. Under no circumstance the applications will be accepted after the last date as declared.

Advertisement Details :


Share:

কবিতা : জীৱনৰ ভাল পোৱা

 


জীৱনৰ ভাল পোৱা

নিবেদিতা ভৰালী


প্ৰেম এক মৌনতাৰ সঙ্গীত

প্ৰেম অস্তিত্বৰ এক বৃহৎ সুখ

প্ৰেম এক প্ৰতিশ্ৰুতি বিহীন

মিলনৰ দুটি মনৰ একাত্মতা


সোনাৰুৰ হালধীয়া ৰং

ছটিয়াই

অপৰূপ মাত্ৰা প্ৰদান কৰা

সেউজী দলিচা ডৰাত

নুপুৰৰ ৰুণজুন শব্দৰে....


তমসা নিশাৰ আন্ধাৰ

ফালি এগৰাকী লাৱণ্যময়ী.....

মই গীত ৰচিম সোনালী দিনৰ 

তুমি কাষত বহি শুনিবা

মই কথা কম দুখ জীৱনৰ

যদি পাৰা তুমি কান্দিবা। 

    

শইচ, পথাৰ, শীতল বতাহেই

নিয়ৰত চকুলো টুকি....

হেপাঁহৰ হৃদয়ে 

হাতে হাত ধৰি

অনুভৱৰ বন্যাত 

সিচি দিওঁ.....

বৈ যোৱা সোঁতে 

মোৰ যুগৰ দাপোন হৈ

যুগে যুগে বুৰঞ্জীৰ 

পাতনি মেলিব।

বিশাল বুকুত মোৰ

জোন-বেলি পোহৰত

শিল্পী, কবি, কল্পনাই

সপোন ৰচিব।


Share:

Tuesday, June 22, 2021

কবিতা : জ্যোতিবিন্দু

 

জ্যোতিবিন্দু

নিবেদিতা ভৰালী  


এখন বিশাল আকাশ

আকাশে বুকুত লৈ আছে

     সুউজ্জ্বল সুৰুজ,

তুমি জ্যোতিস্মান সূৰ্য 

তুমি তীব্ৰ শক্তিশালী

তোমাৰ কিৰণত

পৃথিৱী জিলিকি উঠে।


তুমি আনৰ শক্তি দাতা

তুমি মহত্বপ্ৰেমৰ পিতা

তুমি অন্তৰ আত্মাৰ

এক অনুভূতি।


থমকি নৰয় তোমাৰ

দুৰন্ত তেজাল ঘোঁৰা

থমকি নৰয় তোমাৰ

উমাল উশাহ  

থমকি নৰয় তোমাৰ

হৃদয়ৰ স্পন্দন

চিৰকাল মনৰ ভাৱ বিনিময়েৰে শান্তিৰ

পৰিৱেশ গঢ়াই

ৰাখিছা তোমাৰ ছত্ৰছায়াত।


Share:

Monday, June 21, 2021

কবিতা : বিস্মৃতি

 


বিস্মৃতি

    

নিবেদিতা ভৰালী


নীলিমাত ৰক্তিম সুৰুযে

শেষবাৰ ভুমুকি মাৰি

মোৰ হৃদয়ত তুলিলে

বাসন্তী জোৱাৰ।

দিগন্তৰ সিপাৰলে কেইটামান বনৰীয়া চৰায়ে

ভিন্ন সুৰত গীত জুৰি

আনন্দত উৰি গ'ল,

মোৰ হৃদয়ত তুলি গ'ল

বহুত আশাৰ ঝঙ্কাৰ।


সৌৱা,

এখন ক'লা উৰণি লৈ

ওলাই আহিছে সন্ধ্যাৰাণী

ব্যস্ত যেন সমগ্ৰ পৃথিবী

এহাল চাকৈ চকোৱা 

 উৰি গ'ল

সীমান্তৰ সিপাৰত থকা

নিজৰ দেশলৈ

জুমি জুমি চাওঁতে

মোৰ হঠাৎ মনত পৰিল..........


Share:

Sunday, June 20, 2021

কবিতা : শোক

 


শোক

ৰূপজ্যোতি ফুকন



কাকতি ফৰিংবোৰ খেদি গান গোৱা


কবিজন সাহস বান্ধি অঘৰী হ'ল

আজলী পুৱাৰ নি়ঃকিন বতাহজাকে

বৰগছৰ কবিতা এটা হৈ

মোৰ বুকুৰ পদূলিত

শোকৰ পুলি এটা ৰুলে,


নিৰ্ঘাত সত্য

কল্লোলিত বন্দৰ এতিয়া নিমাত

শত দধিচীৰ প্ৰেমবোৰ ছাই হৈ

মৌন-মুক কবিতাৰ পংক্তি

বিষ্ণু ৰাভা সাৰে আছে

সাৰে আছে অশোক দাস।


Share:

কবিতা : বিষ্ণুৰাভা তুমি প্ৰভাতী পুৱা

 


বিষ্ণুৰাভা তুমি প্ৰভাতী পুৱা

শেৱালি বৰুৱা


মোৰ আইৰ চোতালৰ তুলসীৰ

তলত তোমাৰ অন্তিম শয়নত

সেইদিনা চৌদিশে হাঁহাকাৰ শুনিছিলো!

সকলোৰে কলিজাৰ 

হাঁহাকাৰবোৰ

চকুপানীবোৰ

সেইদিনা মৌন সমদলত

হেৰাই যাব খুজিছিল! 

নিজম নিশা তোমাৰ 

শেষ গীতে উচুপিছিল!

আমাৰ বুকুৰ মাজত  তুমি

নোহোৱা হোৱাৰে পৰা আইৰ

দুৰ্গতিৰ সীমা নোহোৱা হ'ল'।

অসমৰ বাৰে বৰণীয়া কৃষ্টি 

সংস্কৃতিক  বুকুৰ বৰপেৰাটিত লুকুৱাই 

অসমৰ বৰ লুইতৰ দুয়োপাৰে

প্ৰবাহমান  জাতি-জনজাতিৰ

কৃষ্টি বুটলি বুটলি

তুমি কেতিয়াও ভাগৰি পৰা

নাছিলা কমৰেড!

তোমাৰ যাউতিযুগীয়া গীতৰ

মাজে মাজে বৰগীতৰ অমিয়া

সুৰ আমাৰ হৃদয়ৰ শিৰাই শিৰাই

প্ৰবাহিত হৈ ৰ'ল আজিও!

পৰজনমৰ শুভ লগনত

তোমাক আকৌ লগ পোৱাৰ

হাবিয়াস বুকুৰ মাজতেই

কঢ়িয়াই  ফুৰিছো!

তোমাৰ কবিতাৰ ছন্দ লাগি

বুকুৰ মাজত সৰি পৰে

চেনেহীৰ  ভালপোৱা

তোমাৰ মুক্তিৰ দেউলত 

আজিও তোমাক  হিয়াৰ মাজত জনতাই বিচাৰি থাকে

তুমি যে নাই!

অসমৰ সংস্কৃতিৰ  আকাশৰ

 ভোটা তৰাটো অহা বাটে উভটি

গ'লগৈ!

হাতত ষ্টেনগান লৈ

জনতাৰ ক্ষুধাৰ অগনি

বুকুত বান্ধি ফুৰিবলৈ আৰু

যে তুমি কেতিয়াও উভটি

 আহিব নোখোজা নহয়নে???

জীৱনৰ বৈভৱবোৰ ভগাই

দি উৰুখা পঁজাতেই জীৱন

নাটৰ কল্যাণ খৰখান গাই 

তুমি পোহৰ ছটিয়াই গ'লাগৈ

তিমিৰৰ বুকুত জ্বলি থকা

বন্তি গচিয়েই আছিলা 

তুমি আমাৰ সৰ্বহাৰাৰ পিতৃদেৱতা !

হে ৰাভাদেৱ তোমাক 

সহস্ৰ প্ৰণাম!

হে শিল্পী তোমাৰ কপর্দকহীন

জীৱনে আমাক শিকাই গ'ল

তুমি অনিৰ্বাণ

তোমাৰ প্ৰজ্বলিত শিখাই

আমাৰ কলিজাত বাকি গ'ল


ওৰেটো জীৱনৰ বাবে সুৰৰ পিয়লা আৰু জীৱনৰ জয়গান!



Share:

কবিতা : জীৱনৰ ছন্দ

 


জীৱনৰ ছন্দ

(কলাগুৰুৰ শ্ৰীচৰণত)

উৎপল ভূঞা


ছন্দ বিচাৰি ফুৰিছো

জীৱনৰ ছন্দ


বিচাৰি ফুৰিছো 

ৰ’দে পুৰা শাওণৰ মাটিত

ৰক্তক পানী কৰি 

দেহাৰ ঘাম পেলাই 

পথাৰত চন পেলোৱা 

মানুহৰ গোন্ধ


হেঙুল হাইতাল বিলাবলৈ

মোৰ কাষত আজি নাই 

আপোনজন


সুৰৰ দেউলত

জিঞ্জিৰি চিঙি 

মানুহৰ জয় গান গাবলৈ

নাই আপোনজন


বুকুত সাঁচি থৈছো

এটাই নাম

বুকুৰ আপোনজনৰ 


Share:

কবিতা : কমৰেড তুমি আগবাঢ়া

 


কমৰেড তুমি আগবাঢ়া

(বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে)

নিবেদিতা ভৰালী


হৃদয়ত অহৰহ জ্বলিব লাগিছে

একুৰা গমগমীয়া জুই

প্ৰাণৰ প্ৰতিটো স্পন্দনত

উঠা নমা কৰিছে

কিছুমান ভাৱৰ টুকুৰা,


কমৰেড----

সংগ্ৰাম কৰা, বিপ্লৱ কৰা,

ইতিহাসৰ ৰক্ত-বৰ্ণ আশনত

নিজকে এবাৰ গৰকি চোৱা ইতিহাস,

মান্ধাতা যুগৰ মৰা মৰা মানুহৰ কোকিল


কমৰেড----

জীৱন যুঁজত যুঁজি

তোমাৰ শৰীৰ যদি 

ক্ষত বিক্ষত

যদি তোমাৰ শৰীৰ

জৰ্জৰিত

তথাপিও তুমি সেও নামানিবা।

কমৰেড-----

বৰ বৰ ধন তন্ত্ৰৰ ৰক্ত চক্ষুৱে

যদি তোমাক পুৰিব খোজে

নিৰ্ভয়ে অগ্ৰগামী হোৱা

তোমাৰ লক্ষ্য স্থানলৈ।

নিস্পেষণক স্থান দিয়া

প্ৰপিতীতক স্থান দিয়া

আৰু এখন নতুন সমাজ গঢ়া।


কমৰেড------

কমৰেড তুমি আগবাঢ়া।।



Share:

Saturday, June 19, 2021

কবিতা : আপদীয়া পদ্য

 


আপদীয়া পদ্য

 ৰূপজ্যোতি ফুকন



পিতাইয়ে চপাই-গোটাই দিয়া

আয়ে ৰান্ধে

আইৰ বাবেই সম্ভৱ

এইয়া আমাৰ তোষামোদ,


পিতাইৰ নিমখীয়া ঘাম

পেশীৰ বলত চৌকা জ্বলে

নিমাখিত আইয়ে বোজা বয় ওৰে জীৱন বদনামী

মুখৰ তোষামোদ

এইয়া আইৰ বাবেই সম্ভৱ


পিতাই কেৱল পাৰ্শ্বচৰিত্ৰ

আই তোষামোদৰ আসনস্থ

কৌতিকালৰ......

আমিবোৰে তৈল বটিয়াৰে সী দিয়া

চোলা এটা পিন্ধি অনামী কবিৰ

কবিতা আওৰাই---

"আইৰ সমান হ'ব কোন

নৈৰ সমান বব কোন''?



Share:

Friday, June 18, 2021

Tezpur University Recruitment 2021 : Apply for the Post of Internal Audit Officer, UDC, LDC etc

Tezpur University Recruitment 2021 : Tezpur University, (A Central University), Napaam, Tezpur-784028 (Assam) has invited applications for the post of (i) Internal Audit Officer (On Deputation basis) (01),  (ii) Assistant Registrar (02), (ii) Deputy Librarian (01), (iv) Information Scientist (01), (V) UDC (04), (vi) LDC (04), (vii) Junior Accountant (02) and (vii) Technical Assistant (01).

Vacancy Details :
(i) Internal Audit Officer (On Deputation basis) (01)
(ii) Assistant Registrar (02)
(ii) Deputy Librarian (01)
(iv) Information Scientist (01)
(V) UDC (04)
(vi) LDC (04)
(vii) Junior Accountant (02)
(vii) Technical Assistant (01).

Applications (through online only) are invited from eligible candidates for the posts of (i) Internal Audit Officer (On Deputation basis) (01),  (ii) Assistant Registrar (02), (ii) Deputy Librarian (01), (iv) Information Scientist (01), (V) UDC (04), (vi) LDC (04), (vii) Junior Accountant (02) and (vii) Technical Assistant (01).

Website : www.tezu.ernet.in.

Last date for submission of filled-in applications through ONLINE portal is 13-07-2021 (Till 11.59 PM, IST).

Advertisement Details :


Share:

Thursday, June 17, 2021

কবিতা : নাম তোমাৰ লক্ষীমী

 


নাম তোমাৰ লক্ষীমী

প্ৰদীপ কুমাৰ হাজৰিকা

  

নাম তোমাৰ লক্ষীমী

নীলা নীলা দুচকুৰ

চাৱনিত সৃষ্টি কৰা কিয়

প্ৰকৃতিৰ বিজুলী চমকনি?


তোমাৰ ঘন ক'লা চুলিৰ সৌন্দৰ্যৰে

প্ৰকৃতিৰ মেঘাচ্ছন্ন ক'লা ডাৱৰবোৰেও 

চুৰমাৰ কৰে কিয়

বৃষ্টিৰ ভয়াৱহ বানৰ সৃষ্টি


তোমাৰ মুখমণ্ডলৰ সৌন্দৰ্যৰে 

ভবাচন্ন কৰে গোলাপ, কেতেকী, তগৰৰ

ৰেখাপাত কৰি তুলে

প্ৰকৃতিৰ বসন্তৰ কোলাহল।


তোমাৰ জোঙা নাকেৰে

প্ৰতিহিংসা জগাই তোলে

ওখ ওখ পৰ্বত শৃংগৰ

উৎজাগৰণ কৰি পৃথিৱী কপাই তুলে।

   

তোমাৰ ডালিম গুটিয়া দাঁতে 

পৰাভূত কৰি তুলে

প্ৰকৃতিৰ শিলাখণ্ড

বিশাল শিলা বৃষ্টিৰ।


তোমাৰ ওঠৰ মিচিকীয়া হাঁহিৰে

প্ৰকৃতি চমকী উঠি 

বিশ্ব কপাই-

কৰে ধুমুহাৰ সৃষ্টি।


তোমাৰ খামুচীয়া  ককালটি 

ইমান চনকা কিয়? 

পদুমৰ ঠাঁৰিত কৈয়ো

স্পৰ্শ কোমল!


তোমাৰ প্ৰতিটো খোজত 

প্ৰকৃতিৰ কোমল দলিচাই

হাঁহি হাঁহি নাচি নাচি

তোমাৰ স্পৰ্শক কৰে চুম্বন


তোমাৰ দুচকু ভৰা লোতকে 

সৃষ্টি কৰে বিশাল সাগৰৰ 

পৰাজয়ৰ ভাবমুৰ্ত্তিত-

থমকি উঠে প্ৰকৃতিৰ প্ৰাণ।


তোমাৰ প্ৰতিটো স্তৰতে পৰাজয়

প্ৰকৃতিৰ সকলো অবদান

তথাপিও তুমি কৰিব পৰা নাই ম্লান

সংগী বিহীন তুমি-

-কিয় গ্ৰহণ নকৰা প্ৰকৃতিৰ দান।


Share:

Tuesday, June 15, 2021

কবিতা : অভিমানৰ এবুকু প্ৰতীক্ষাত তুমি অনুভৱ

 


অভিমানৰ এবুকু প্ৰতীক্ষাত তুমি অনুভৱ

শেৱালি বৰুৱা


অভিমানী মনটোৱে

যেতিয়া নিসংগ ৰাতিবোৰৰ স'তে যুঁজিবলৈ সাজু হয়

সোণাৰুৰ এবুকু মৰমেৰে

বুকুৰ মাজত আলফুলে সিঁচি লয় তোমাৰ সান্নিধ্য অনুভৱ!

উভটিব নোৱাৰা বুলি জানিও

সাৰে থাকে  অভিমানী দুচকু

তোমাৰ অপেক্ষাত;

এজাৰৰ বিষাদ সাৱটি নিসংগ বেদনাবোৰক নিজেই নিচুকাব

পাৰে তোমাৰ এবুকু 

মৰমৰ সান্নিধ্যত

 মোৰ বুকুত গোপনে

বাজি উঠে অনুভূতিৰ ধৱল শিখা

কৃষ্ণচূড়াৰ আৱেগত প্ৰাণময় হৈ উঠে আমাৰ মৰহা অতীত;

তুমি এৰি যোৱা অতীতৰ অভিশপ্ত সময়ৰ বুকুত

মই হেৰুৱাই পেলোৱা মোৰ চিনাকি বাটটোৱে আজিও

তোমাৰ সান্নিধ্য বিচাৰি 

কঁপি উঠে 

অৰ্পিসত কেৱল তোমাৰ 

উঁচুপনি শুনো অনুভৱ!


 ওৰে নিশা গোপনে গোপনে এজাক সমীৰৰ আলিংগণত স্থবিৰ হৈ পৰে মোৰ সমগ্ৰ সত্তা,

তুমিবিহীন অনুৰাগত মোৰ 

প্ৰতিটো পুৱাই অপেক্ষাৰত;

প্ৰতিটো নিবিৰ সন্ধ্যা আজি

নিস্তব্ধ জীৱনৰ ৰাগত ধূসৰিত

প্ৰতীক্ষাৰ দোদুল্যমান শব্দত অনুৰক্ত আজিও তোমাৰ স'তে

অনুভৱ!


Share:

Monday, June 14, 2021

কবিতা : কূলৰ যাতনা

 কূলৰ যাতনা

ৰূপজ্যোতি ফুকন


(গণ কবি অশোক দাস সমীপেষু)


কৰ্ণ মহাবীৰ দাতা

নহ'লেটো কৰ্ণ আজিও অস্পৃশ্য

সূৰ্যৰ বীৰ্যত হওঁক

তথাপিও অস্পৃশ্য

অস্ত্ৰ বিদ্যা দিও অভিশপ্ত


নিৰাশ নহ'বা গণকবি

তুমিওটো কৰ্ণ

জন্ম তোমাৰ কোন কূলত

বিচাৰ্য নহয়

তুমিয়েটো হাজাৰজনৰ কণ্ঠত

পিন্ধালা কবিতাৰ মালা

তোমাৰ সুখত হাঁহো আমি

দুখত অশ্ৰুৰ কবিতা

তোমাক নো আৰু কি লাগে


আমি বুজোঁ

তোমাৰ বুকুৰ উত্তাপ

উশাহ ঘন কলিজাৰ হুমূনিয়াহ


আৰ্যসম্ভূত চতুবৰ্ণৰ তুমি

ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য

তোমাৰ দহো আঙুলিত স্বাভিমান

কিংখাপ হৈ উজলি থাকিব

পদাতিক

তুমি মানুহৰ কবি

খাতি খোৱা মানুহৰ চহোৱা পথাৰত

তুমি তুমি হৈয়ে জীয়াই থাকিবা


ৰতনাৰ মুখবোৰ এদিন খোল খাব

তোমাৰ ব্ৰজসম কবিতাৰ ধাৰত

বৰ্ণবৈষম্যৰ পাতবোৰ উঁৱলিব


গণ কবি

পদাতিক

দিগম্বড় তুমি

তোমাক লৈ আমি গৌৰৱ কৰোঁ

তুমি আমাৰ বাবে                          

আৰু

আমি তোমাৰ কামিহাড়


তোমাক গণই স্বীকাৰ কৰে

স্বীকৃত তুমি


নিপীড়িত খাটি খোৱাৰ গায়ক তুমি

তোমাৰ উদাত্ত কণ্ঠই

টোপনি শৰণ কৰে মাফিয়াৰ

গণ কবি

উচিষ্টৰ পাটীত শয়ন কৰাসকলে

কেনেকৈ স্বীকাৰ কৰে তোমাক


হতাশ নহ’বা

তুমি সিংহ

নালাগে পৰিচয় কোন কূলৰ

দাসত্বৰ শৃংখল চিঙা তুমি

স্বাভিমানী কবি

গ  ণ  ক   বি৷


Share:

Sunday, June 13, 2021

কবিতা : শতাব্দীৰ পুৰোধা ঐশানুৱে জিৰণি লোৱাৰ পৰত

 


শতাব্দীৰ পুৰোধা ঐশানুৱে জিৰণি লোৱাৰ পৰত

শেৱালি বৰুৱা


খেয়ালী অথচ দৃঢ়তাৰ প্ৰতিমূৰ্তি

জনৰ প্ৰজ্ঞাৰ সাধনাত

থোপাথোপে  সৰিছিল শব্দৰ জোনাকবোৰ আমাৰ জীৱনৰ চোতালত!

জীৱনবোধৰ গভীৰত্বত বহেমিয়ান খেয়ালি মনৰ মানুহজনৰ কান্ধত এখনি

স্পৰ্শৰ উমাল হাতে সাহস দিছিল সেইদিনা;

নিৰূপমা সেই নাৰীৰ সহস্ৰ সাহসৰ শব্দেৰে সজাইছিল সাহিত্যৰ স্বৰ্ণিল বকুল সৰা পদূলিটোক জীৱনৰ গভীৰতাৰে; হৈমন্তীৰ অনুভৱৰ শব্দেৰে  জীৱনৰ কবিতাবোৰক

সাৱটি লৈছিল বুকুৰ গভীৰতাত;

সাউদৰ পুতেকে নাও মেলি

বহু দূৰ দিগন্তৰ সিপাৰৰ সাগৰ মহাসাগৰৰ বক্ষত অৱগাহন কৰি সাৱটি লৈছিল এখন

নতুন পৃথিৱী!


আশাৰ বুকুত  তোমাৰ শব্দগুচ্ছই সোণাৰুৰ হালধীয়া ফুলবোৰক আদৰিবলৈ জকমকাই ফুলিছিল,


চাৰিকড়ীয়াৰ পাৰত তুমি দেখা সপোনটোৱে আমাক

 হাতবাউলি মাতিছিল!

 

মানুহ হোৱাৰ  সাধনাৰ কথা 

তুমি কৈ যাওঁতে  মহানুভৱতাৰ পৃষ্ঠাত

সেইদিনাই হৃদয়খন এখন যুদ্ধ ক্ষেত্ৰলৈ  সলনি হৈছিল আৰু

মানুহ হোৱাৰ গৌৰৱৰ অন্তৰালত

আমিবোৰে কিতাপৰ সৈতে যুদ্ধ আৰু শান্তি স্থাপন কৰিছিলোঁ;

কিতাপ আৰু প্ৰকৃতিৰ  প্ৰেমেৰে

চিৰদিন আৱদ্ধ হৈ থাকিবা হিয়াৰ দাপোনত 

অসমীয়া জাতিৰ

মনৰ গহন কোণত,

তুমি ক্লান্ত নোহোৱাকৈয়ে

হৃদয়ৰ মানচিত্ৰত আঁকিছিলা

তোমাৰ টোকাবহীৰ পৃষ্ঠাৰ পৰা ৰহস্যময় বিষাদ আৰু যন্ত্ৰণাবোৰক সুন্দৰকৈ জীৱনৰ পৰিভাষাৰে,

কটনৰ পদূলিত শেৱালি ফুলা সুবাসেৰে সুবাসিত গধূলিবোৰত

বাপুকণৰ সপোনবোৰে প্ৰাণ পাবলৈ আৰম্ভ কৰিছিল!

প্রিয় কবি নৱকান্তই তোমাক "ছাইফনৰ"" লগত তুলনা কৰিহে আনন্দ পাইছিল,

তোমাৰ  আত্মাৰ মাজুলীত 

এখুদ ককাইদেউৱে সজাইছিল

নিৰাভৰণ  পৃথিৱীৰ

বুকুত

সভ্যতাৰ এক সুকীয়া বাট;

তোমাৰ বুকুত বিচাৰি পাইছিল


ফুলা সৰিয়হৰ ভাঁজে ভাঁজে 

ওলমি থকা জোনাকবোৰৰ খবৰ,

হৃদয়ত আলফুলকৈ সিঁচি দিছিল এচেৰেঙা আত্মপ্ৰত্যয়ৰ

ৰ'দালি তোমাৰ বাবে!

তোমাৰ মহাপ্ৰস্থানৰ বেলাত নীৰৱতাক 

সামৰি লৈ

আমিবোৰে আজি বিচৰণ  কৰিছোঁ  কিতাপ পঢ়াৰ আনন্দতে চিৰন্তন এখন  কিতাপৰ পৃথিৱীত;

প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই

লৈ যাম তোমাৰ সাধনাৰ চিতাভস্ম,

তোমাক বিদায় দিছোঁ মাথোঁ কায়িক ভাৱে

আমাৰ আত্মাৰ মাজত তোমাৰ

আত্মানুসন্ধানৰ এক নৱতম

প্ৰৱেশ পথত আমিবোৰে

অপেক্ষা কৰিম কিতাপৰ বাবে,,

কিতাপ পঢ়া আনন্দেৰে নিজকে

জীয়াই ৰাখিম তোমাৰ টোকা বহীৰ পৃষ্ঠাৰ শব্দবোৰক আগুৰি!

প্ৰণাম মহীৰূহ

মহাপ্ৰস্থানৰ মহাসমুদ্ৰৰ তীৰত আমিবোৰে তোমালৈ বাট চাই থাকিম এখন নতুন  কিতাপৰ সন্ধানত ,

প্ৰজ্ঞাৰ সাধনাত

কিতাপৰ আত্মাক আমিবোৰে 

এতিয়াৰ পৰাই শিৰত ধাৰণ কৰিম

জীৱনৰ পৰা মহাজীৱনলৈ!

বোধিবৃক্ষই জিৰণি ল'লে

শতাব্দীৰ ইতিহাসে গৰকা

ঐশানুৰ ছাঁত !


Share:

Saturday, June 12, 2021

কবিতা : প্ৰকৃতিৰ জয়

 প্ৰকৃতিৰ জয়

ববীতা মিশ্ৰ শৰ্মা


অহংকাৰী মানৱক 

              ভেঙুচালী কৰি

প্ৰকৃতিয়ে উৰুৱাই আজি

                বিজয়ৰ ধ্বনি!

গৃহবন্দী মানৱ জীৱন

পশুপক্ষীৰ মুক্ত বিচৰণ,

প্ৰকৃতিয়ে যেন ঘূৰাই পাইছে

                হেৰুওৱা সৌষ্ঠৱ 

ইয়েই প্ৰমাণিত

             প্ৰকৃতিয়েই শ্ৰেষ্ঠ!


বিচাৰি পাওঁ এতিয়া

সৃষ্টিৰ সনাতন সেউজীয়া

এয়া যেন...

মহাজীৱনৰ জীপাল কবিতা!


সৃষ্টিৰ পাতনিৰে পৰা দেখো

নিয়ঁতিৰ সৈতে মানুহৰ

               সংগ্ৰাম অক্ষয়

অহ‌ংকাৰী মানৱৰ ওচৰত হয়

                   নিয়তিৰেই জয়,

বিজ্ঞানো যেন থমকি যায়

ক্ষণিকৰ উশাহ নাপাই!


অনুধাৱন কৰি

মৰণ বিজয়ী সাধনা

দূৰ্বল মানৱৰ আজি

জীৱন পাবৰ কামনা।।


Share:

Friday, June 11, 2021

Indian Council of Medical Research Recruitment 2021 : Apply for the Post of Scientific Positions

Indian Council of Medical Research Recruitment 2021 : Indian Council of Medical Research, V.Ramalingaswami Bhavan, New Delhi has invited applications for the post of Scientific Positions

Indian Council of Medical Research (ICMR), an Autonomous Organization under Department of Health Research, Ministry of Health & Family Welfare, invites online application(s) up to 26.06.2021 til 5.30 PM to fillup the 04 vacancies of Scientist 'D' (Dental) from Indian Citizens for appointment on regular basis under Direct Recruitment with all India transfer liability under the Council.

Those candidates who have already applied in reference to ICMR website advertisement need not apply again.

For detailed advertisement, please visit ICMR website at https://recruit.icmr.org.in

Advertisement Details :



Share:

কবিতা : সম্পৰ্ক



 সম্পৰ্ক

প্ৰতিভা ভাগৱতী শৰ্মা


অংকটোত

হৰ আৰু লব

এটা ভগ্নাংশ


আখৰা যুদ্ধৰ

নিবাস আৰু মনৰ

প্ৰেমান্ধ আৰু বিধ্বস্ত


বৰফ গলিলেও

প্ৰলয়ৰ অগ্নি বৰষিবাই

সিহঁত নিশ্চিহ্ন হ'ব।


ঠিকনা : 

গাওঁ : চকৰিগাওঁ (নগাঁও)

ফোন : ৯১০১৮৩৭২১২


Share:

Thursday, June 10, 2021

কবিতাৰ : কিংকিনীৰ হৃদয়খন চুব খোজোঁ মই



 কিংকিনীৰ হৃদয়খন চুব খোজোঁ মই


শেৱালি বৰুৱা


কিংকিনী তুমি গুচি যোৱাৰ পৰত তোমাৰ ভৰিৰ ৰুণজুন 

নেপুৰৰ সুবংকিম খোজত মোৰ

আগচোতালত সোণাৰুৱে উঁচুপিছিল!

কৃষ্ণচূড়াৰ সিক্ত দুনয়নৰ যন্ত্ৰণাত ৰাধাচূড়াজোপা ভাগৰি

শুই পৰিছিল মোৰ বুকুত;

তপচৰ্য্যা  হৃদয়ক বিচাৰি তুমি

উভটি আহিলে এমুঠি

শীতল স্নেহেৰে আৱৰি থ'ম তোমাক মোৰ বুকুত কিংকিনী!


প্ৰকৃতিয়ে অকৃপণ হাতেৰে সজোৱা নাহৰবোৰৰ ডালত

এৰি অহা সভ্যতাৰ বৰপেৰাটিৰ

আজি মেৰামতি কৰিবলৈও সময়ৰ বুকুত বন্দিনী প্ৰকৃতি;

কাক বিচাৰিম এমুঠি সেউজীয়া

বতাহ?

কোনে দিব এমুঠি আকাংক্ষাৰ সেউজীয়া বীজ?

এমুঠি বিশুদ্ধ বতাহ দুহাতেৰে

সাৱটিবলৈ আজি মন যায় বৰকৈয়ে,

কিন্তু কোনে আনি দিব সেই অভেদ্য কৱচ জীৱনৰ বাবে!

আমাৰ বাবে 

এই তনূত্ৰ  এদিন 

নিশ্চয় আছিল পৃথিৱীৰ বুকুত

সেইয়া চোৱা বিচাৰিলেই পাবা

স্ৰোতস্বিনী গঙ্গাৰ তীৰত!

ব্ৰহ্মাৰ নন্দন ব্ৰহ্মপুত্ৰৰ বুকুত!

ভাগীৰথীৰ সোঁতত!

চেনাবৰ শিলনিত!

আৰু সৰজু তটত !

সেইদিনা

জীৱনে হাঁহিছিল তোমাৰ বাবেই

কিংকিনী,

বালিয়ৰী  সোৱনশিৰীৰ বুকুত

সোণ বুটলি হেৰাই যোৱা মিছিং কনেঙ জনীৰ উচুপনিত

কপিলীৰ পাৰত

কোনোবা মহান  সভ্যতাই ৰুই গৈছিল

হেঁপাহৰ এখন সেউজীয়া বাগিচাত

এটি সুৰ যাউতিযুগীয়া কৰি;

আমাৰ হৃদয়ৰ তানপুৰাত আজিও ভাঁহি আহে ৰিণিকি ৰিণিকি এটি সুৰ 

সেই সুৰ তোমাক হেৰুৱাৰ সুৰ কিংকিনী!


আজি বাৰু এটা উশাহ 

কাক কষ্টেৰে বিচাৰিম?

কোনেও নোৱাৰে আনিব

কিংকিনী তুমি যোৱাৰ পৰত দি

যোৱা উশাহটো আজিও সাঁচি

ৰাখিছো মোৰ অৰ্পিসত!


নদীৰ তৰংগৰ বুকুত ক্ষণে ক্ষণে

হাঁহিছিল মোৰ চেনেহী কিংকিনীয়ে,

উশাহবোৰে আজি অভিমান কৰিছে নিজৰ মাজতে

দূৰে দূৰে উচুপিছে বিৰহিনী কলঙে,

কিংকিনী বাট হেৰুৱাই এবাৰলৈ উভটি আহাঁচোন

জোনাকবোৰ  বিচাৰি আনি সিঁচি

দিওঁ তোমাৰ বুকুত 

মোৰ হৃদয়ত

 অনুভৱৰ এজাক বৰষুণ

হৈ উমলি থাকা এজনী কিংকিনী হৈ!


Share:

Tuesday, June 8, 2021

কবিতা : ৰ'দৰ বাঁহী

 ৰ'দৰ বাঁহী


ৰূপজ্যোতি ফুকন 


ৰ'দ ভাল পোৱাজনক কোনে ভাবে

টাবত অৰণ্যৰ সৌৰভ বিচৰাসকলে?

দুই কিলো দাংবডি, তিনি কিলো বেঙেনা

মোনাত আটেমানে ভাত কেৰেলা, অমিতা কেইটাৰে বজাৰ ভ্ৰমা

ঘামৰ উমত বজোৱা ৰ'দৰ বাঁহী

কোনে শুনে

ধূলি-মাটিৰ লেছেৰি বিছাৰি নোপোৱাজনে?

চুইচ দিলেই জাৰ-জহ আতঁৰি যোৱা

মৌন মুক ভাওৰে কঠালভাঙি খোৱা

মুখত মিচিৰি থকাজনে?


এযোৰ পাৰত তিনিসাজ ভাত

খাহিটো বিকি পোনাহঁতৰ গৰম সাজ 

পুৰণি ওক দিয়া ৰোগৰ চিকিৎসা

দীঘলীয়া হুমুনিয়াহৰ হিচাপ কৰা

ৰ'দৰ বাঁহী

কোনে শুনিব?


শাওনৰ সংজ্ঞাহীনতাত ভোগা

আউঁসীৰ আবিৰে নুচোৱাজনে

ৰ'দৰ বাঁহীৰ আৱাহন বুজিব?


কুঁৱলী খেদি খেদি জীৱনৰ বাট সিয়া

ৰ'দ ভাল পোৱা জনক কোনে ভাবে

হাজাৰটা বহাগক জীপাল কৰা

উৰুঙা পথাৰক সেউজীয়াৰ পৰা

সেওঁতা ফালি আঘোণত নৰা পেঁপা বজোৱা

ৰ'দৰ বাঁহীৰ আৰতি কোনে কৰিব?


ৰ'দৰ নিদাঘ পিঠিত সামৰি

উন্মুক্ত আকাশ অঁকাজনে

নে Morning/Eveningত বাটে ঘাটে

প্ৰভূভক্তৰ লেকামত ঘাম সৰুৱা জনে?


বৰদৈ জাপিত সেউজীয়া নামে

ৰ'দৰ বাঁহী বাজে

সৰুদৈয়া জাপিত কৰতাল বাজে

ঢেমাধৰাৰ টিপ্পনি

বজাই যোৱা

তালিকাত হিতাধিকাৰী।


ৰ'দৰ বাঁহী বজোৱাজনক

আপাতঃ

কোনেও নুপোচে।


তথাপি!


বাটতেই হওঁক ঘাটতেই হওঁক

ৰ'দৰ বাঁহীৰ বুকুচাত সেউজীয়া নামে

শাওনৰ ঢলত ৰ'দ বগায়

আঘোণ এদিন সোণালী হয়।


ৰ'দৰ বাঁহীত সুখ

ৰ'দৰ বাঁহী। ৰ'দৰ।

পথাৰ। চ'তালৰ।।।

ঠিকনা : বিষয় শিক্ষক, গোলাঘাট ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়


Share:

Labels

Archive

Contact Us

Name

Email *

Message *

Pages