মৃত্যুৱে যেতিয়া কথা কয়
মনবীনী দাস
মৃত্যুৱে ক'লে-
অনুপম জীৱনৰ ঐক্যত অনৈক্য
হাঁহিৰ ভিন্নতা বিচাৰি এজাক..
কেতিয়াবা সাগৰ তলিত, কেতিয়াবা ডাৱৰৰ দেশত।
একেই সুৰৰ জাকৰ পেট-পিঠি একাকাৰ
অনাদৰ, অৱহেলা, উপেক্ষা
মই আহিবলে বাধ্য হওঁ।
নিয়ন্ত্ৰণহীন হৈ অবাধে ঘূৰি ফুৰে 'মই'ৰূপী লোভ, স্বাৰ্থ
জপিয়াই পৰে হিংসা
মোৰ উপায় নাথাকে।
মৃত্যুৱে পুনৰ ক'লে-
ফুল ক'লিত চোকা কাইটৰ আঁচোৰ
অসহনীয়!
মুক্তি দিওঁ ফুলপাহক।
নিয়মত, নিয়ম মোৰো প্ৰিয়।
নিয়মহীনতাই যেতিয়া হেঁচুকি ধৰে
সময়ৰ আগত আহিবলে বাধ্য হওঁ।
জন্মৰ দৰে চিৰসত্য মই।
সুন্দৰৰ সাধনাত মই অমৰ।
কৰ্মই ধৰ্মৰ সাধনাত মই অমৰ।
শুকান নিৰস নৈখন দেখিলে ৰৈ যাওঁ
ধৰিত্ৰী আই নাৰাজ হ'লে মোৰ যে উপায় নাথাকে
সেউজ পথাৰৰ নীলাক অভিমান কৰি যেতিয়া ব্ৰুজ খালিফাক বিচাৰে,
মন যায় ফাগুনী সৰাপাতহীন অট্টালিকা এটি সাজিব
মন যায় বহাগৰ বৰষুণহীন মঙলত অতি-আধুনিকতাবাদীক আদৰ কৰিবলৈ।
পৃথিৱীখন নিভাঁজ হওঁক
কেঁচা মাটিৰ গোন্ধত উম লওঁক কেঁচুই
নিয়মত, নিয়ম মোৰো প্ৰিয়।
ফোন : ৯৫০৮৫৬০৪৮৫
0 comments:
Post a Comment