তুমি আহিছিলা
নিবেদিতা ভৰালী
শৰতৰ বতৰা লৈ
তুমি আহিছিলা
শেৱালীবোৰ মাটিত পৰি
এখন দলিচা কৰাৰ
দিনতে তুমি আহিছিলা
মনত পৰেনে বাৰু
শৰতৰ সেই দিনটো
বাৰিষাৰ বিদায় পৰত
তুমি আহিছিলা
বৰষুণত তিতি থকা মাটি
তেতিয়া শুকুৱাই নাছিল
এটা দীৰ্ঘ বিৰতি...
মনত পৰেনে বাৰু
শৰতৰ সেই দিনটো??
তুমি তেতিয়া প্ৰাণ চঞ্চলা
হৈ আছিলা।
আকাশত উৰি থকা
মৌ পিয়াজনীয়ে
বিচাৰি আছে
মৰমসনা ঠাইবোৰ।
নিশাটো বৰ গভীৰ
হৈ পৰে।
ফোন : ৯১০১৮৩৭২১২
0 comments:
Post a Comment