কবিতা : সৌমাৰপীঠৰ বুকুত তোমাক বিচাৰিম ~ JOBON.IN

Saturday, May 29, 2021

কবিতা : সৌমাৰপীঠৰ বুকুত তোমাক বিচাৰিম



 সৌমাৰপীঠৰ বুকুত তোমাক বিচাৰিম

শেৱালি বৰুৱা


স্বৰ্ণপীঠৰ বুকুত খোদিত হোৱা জীয়া শিলৰ ইতিহাসৰ ভাঁজটোতে লাগি ৰৈছিল

অশ্ৰুবোৰে হৃদয়ত সজোৱা মোৰ জীৱনৰ অকথিত ইতিহাস!


প্ৰাচীনতম নৈখনে সেইদিনা মোক বাৰে বাৰে কৈছিল

 নহ'বি নদীৰ দৰেই

চিৰ প্ৰবাহিনী;


স্বাভিমানৰ দুৱাৰদলিত থমকি ৰৈ আজি এবাৰলৈ মাথোঁ  ইতিহাসে লিখি যোৱা অতৃপ্ত দিনপঞ্জীৰ পৃষ্ঠাত

মোৰ বুকুৰ নদীখনত আকৌ এবাৰলৈ আউজিলো তোমাৰ স'তে মৰম!


সময়ৰ বুকুতেই লাগি ৰোৱা হুমুনিয়াহবোৰক আঁতৰাই থৈ

নিশ্বাসবোৰক এবাৰলৈ সুধিব

পৰাহেঁতেন

জীৱনৰ বাবে প্ৰতীক্ষা নে এইয়া??

নে মৰমৰ বাবে প্ৰতীক্ষা??




সময়ৰ উত্তৰবোৰ পাবলৈ

অজস্ৰ প্রয়াস আজিও আছে মোৰ বুকুত;

ভ্ৰান্ত সময়বোৰক

জীৱনে শিকাই নদীৰ কুঁৱলীৰ

ভাঁজটোৰ মাজত এৰাসুঁতিয়ে

আঁকি যোৱা বুকুৰ  উশৃংখল শব্দৰ উন্মাদনাত

সন্ধ্যাতৰাক ওভোটাই অনাৰ

অযুত ভাৱনা!


চাওঁ এবাৰলৈ সন্ধ্যাতৰাটিক

শেতেলিৰ জোনাকত শুৱাই

লৈ নিচুকনি গীত এটি গাও 

টোপনি যাওঁক শান্ত মনেৰে;

শান্ত নৈখনে কেঁকাইছিল তাইৰ  দুখৰ কেঁকুৰিত!


জীৱনক ভালপাব পৰাকৈ

নদীয়ে শিকাই দিয়া মানৱতাৰ

আদিপাঠ আজিও সমাহিত

হৈ আছে ইতিহাসৰ ঘুমটিৰ মাজত লিখিযোৱা স্বৰ্ণপীঠৰ কাষত;

খিৰিকীৰে নদীৰ বুকুৰ জোনাক

চোৱাৰ হেঁপাহবোৰে বৰকৈয়ে এদিন আমনি কৰিছিল!


প্ৰেম হৈছিল নদীৰ স'তে

অনুভৱৰ সেউজময় পুলকত

নদীয়ে শিকাইছিল জীৱনক

ভালপোৱাকৈ নিজক সজাবলৈ;

আজিও সজাইছোঁ তুমি নিবিচৰাকৈয়ে!


মই  ভালপোৱাবোৰ নিজক দিব খোজো স্নেহেৰে সিক্ত মোৰ শব্দৰ আলিংগনত;

প্ৰেমৰ মাজত তোমাৰ

অভিমানবোৰক সুধিব পৰাকৈ

মোক কিয় বাৰে বাৰে দুখবোৰ

দিবলৈকে তোমাৰ নিবিৰ

বন্ধনৰ পৰা আঁতৰাই দিয়া!


 নাৰীক নদীৰ দৰেই হ'বলৈ

শিকোৱা সময়ক সুধিছো

আৰু কিমান দিন স্বাভিমানৰ

শিথিলতা নেওচি নিজক বিচাৰিম তোমাৰ মাজত 

কোৱা মৰম!


তোমাৰ সহস্ৰ সাহসৰ বাবেই এলাগী দুখবোৰক বন্ধকীত

থ'ব পাৰো আকৌ এবাৰলৈ

আকুলতাৰ অপেক্ষাত

তোমাৰ বাবেই 

 পাহৰি নাযাবা মৰম!

Share:

2 comments:

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages