চুটিগল্প : দেৱদাসী ~ JOBON.IN

Friday, May 28, 2021

চুটিগল্প : দেৱদাসী

 


দেৱদাসী

                     প্ৰতিভা ভাগৱতী শৰ্মা

    বুঢ়ীগোঁসানী থানত দেৱী পূজাৰ উথপথপ পৰিৱেশ। হাতত বলি কটা দাখন লৈ মন্দিৰৰ পূজাৰী অশোকদেৱ শৰ্মা সাজু হৈছে গোঁসানীক উচৰ্গিত হাঁহ, পাৰ, ছাগলী কেইটা বলিশালত শিৰচ্ছেদ কৰিবলৈ।সিহঁতৰ কেঁচা তেজেৰে দেৱীক পূজা দিলে হেনো অপায়-অমংগল দূৰ হয়। মন্দিৰত বহুলোকৰ সমাগম হৈছে। বলিৰ তেজৰ ফোঁট লৈ দেৱীৰ আশীৰ্বাদ পাবলৈ লোকে লোকাৰণ‍্য মন্দিৰটোত বিৰ দি বাট নোপোৱা অৱস্থা। ৰঙা শাৰী এখন পিন্ধি দেৱদাসীও মন্দিৰটোৰ আশে-পাশে বিচৰণ কৰি ফুৰিছে। মজিয়াত সিঁচৰতি হৈ পৰা বলিৰ মুণ্ডবোৰ এখন হাতেৰে তুলি আনখন হাত কপালত থৈ তাই কেঁচা তেজবোৰ কোট কোটকৈ পি খাইছে। মানুহলৈ ভ্ৰূক্ষেপ নাই। চকুত জ্বলি উঠিছে একুৰা বিদ্ৰোহৰ তীক্ষ্ণ অগ্নি। যেন সৰগৰ বাট হেৰুৱাই তাই পাতালত ঘূৰি ফুৰা এগৰাকী নৰ্তকীহে। গালে-মুখে তেজবোৰ সানি উন্মাদৰ দৰে আচৰণ কৰা দেৱদাসী লোকে লোকাৰণ‍্য মন্দিৰটোৰ চৌপাশে অহৌবলিয়া মানুহৰ দৰে বিহাৰ কৰা এজনী উন্মাদিনী নাৰী। মুখত আখৈ ফুটাদি ফুটি উঠিছে দেৱী মাৰ গুণাণুকীৰ্তন।

য়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা।
নমস্তস‍্যৈ নমস্তস‍্যৈ নমস্তস‍্যৈ নমো নমঃ।।

"এইৰ গাত দেৱী লম্ভিছে।"

"নহয় নহয়। এইৰ জক উঠিছে। বলিয়া হৈছে। এইক মন্দিৰৰ পৰা খেদি দিব লাগে। অসতী তিৰোতাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ নিষেধ।"

মন্দিৰত উপবিষ্ট কোনো কোনোৰ পৰা ভাহি অহা তিক্ত বাক‍্যবাণৰ মাজতেই সদানন্দ খুৰাৰ মুখৰ পৰা ভাহি অহা 'অসতী তিৰোতাৰ' শেলটোৱে নিমিষতে দেৱদাসীৰ বুকু ভেদ কৰি মন মগজুত কোবাই গ'ল এজাক বিধ্বংসী ধুমুহাৰ দৰে।

"অসতী...? হাঃ...হাঃ... হাঃ...।"

কোন অসতী ...? দেৱদাসী...? সতী তিৰোতাৰ প্ৰৱেশহে গ্ৰহণযোগ্য বুলিটো বাটচ'ৰাত লিখি থোৱা নাই। কিহৰ বাবে এই উপহাস ? সমাজৰ ৰক্ষণাবেক্ষণৰ বাবে নে সমাজৰ বৰমূৰীয়া হ'বৰ বাবে ? যদি দেৱদাসী অসতী হয় তেন্তে তাইক অসতী কৰা পুৰুষজন কেনেকৈ সাধুবাবা হ'ব ...?

         খিলখিলাই হাঁহি উঠে দেৱদাসীয়ে। মানুহৰ নিকৃষ্ট মানসিকতাৰ ওচৰত তাই বাকৰুদ্ধ। বৰ্তমানৰ লগত মিলিব পৰাকৈ তাই নিজকে প্ৰস্তুত কৰি তুলিছে।

"দেউ , দেৱদাসীৰ গাত দেও লম্ভিছে, দেও...। সেয়ে তাই এনে আচৰণ কৰিছে। এনেকৈ দেও লম্ভিলে দেৱদাসীয়ে দেওধনী নাচিব লাগিব। এনেও তাই...।

সদানন্দ খুৰাই আকৌ এবাৰ তাইক ইংগিতেৰে বুজাই দিলে অসতীৰ কৰ্ম। তাই হতভম্ব। নামানিলে যে তাইৰ জীৱনটোৱেই বৃথা। সকলোৱে একমুখে স্বীকাৰ কৰিলে দেৱদাসীৰ দেওধনী। পুৰুষৰ ফালৰ পৰা অধিক সঁহাৰি আহিল। লাহে লাহে দেৱদাসীৰ চকু জ্বলিবলৈ ধৰিলে। তাই সঁচাকৈয়ে জানো দেওধনী দিয়াৰ যোগ‍্য। সিহঁতে কিয় বাধ্য কৰিছে দেওধনীৰে তাইৰ নিমাখিত মনটোক অপবিত্ৰ কৰিবলৈ। তাইৰ শৰীৰটোৰ দোহাৰি দি এতিয়া মনটোকো কলংকৰে ভৰাই তুলিছে। এনে নিকৃষ্ট মানুহৰ সন্মুখত ননচাকৈ দেৱদাসীৰ সাৰি যোৱাৰ উপায় নাই।যিটো নৃত্য নচাসকলক কেৱল অসতী বা সমাজৰ পৰা উপেক্ষিতা হিচাপে গণ্য কৰা হয় সেই নৃত্যৰে আজি দেৱদাসীয়ে একাংশ পুৰুষৰ প্ৰেমো জিনিব।

‌         চিন্তাক্লিষ্ট দেৱদাসী। তাইক অসতী বুলি অপমান কৰিলেও তাইৰ কোনো ক্ষতি হ'ব লগা নাই। যি শ‍্যামৰ কাৰণে সমাজৰ সন্মুখত তাই আগতেই অসতী ৰূপেৰে পৰিচিতা হৈ পৰিছিল, যিখন সমাজে তাইৰ মাক আৰু তাইক এঘৰীয়া কৰি ৰাখিছে সেইখন সমাজে সিহঁতক পোহপাল দি ৰখা নাই।খাবলৈ এমুঠি অন্নৰ আৰু ৰুগীয়া মাকৰ দৰৱকেইটাৰ বাবে তাই দেওধনী নাচিবলৈ বাধ্য।দেৱীক সন্তুষ্ট কৰিবলৈ যদি এটা জীৱ হত্যা কৰি কেঁচা তেজেৰে পূজা অৰ্চনা কৰিব পাৰি তেন্তে তাইৰ এই দেহটোৰে দেৱীৰ সন্মুখত নৃত্য কৰিও অন্ন মুঠি মোকলাবলৈ সিহঁতক সন্তুষ্ট কৰিব পাৰিব। দেওধনী তাই সদায়েই নাচি আহিছে লুকাই-চুৰকৈ। আজি মাত্ৰ সমজুৱাকৈ নাচিব। মানি ল'ব দেৱদাসীয়ে সেইসকল উন্মত্ত পুৰুষৰ উন্মাদ চাৱনিৰে দিয়া আদেশ। প্ৰথমতে তাইৰ বাবে অসহনীয় হৈ পৰা এই সকলোবোৰ এতিয়া একেবাৰে সহজ বৃত্তি হৈ পৰিছে। বুঢ়ীগোঁসানী থানৰ খটখটীত বহি থানলৈ অহা লোকৰ পৰা ভিক্ষা মাগিবলৈ আৰম্ভ কৰা জীৱনটো দেৱদাসীৰ সলনি হৈ পৰিছিল বেশ‍্যা বৃত্তিলৈ।

        কিছুমান কালিকা লগা মুহূৰ্তই দেৱদাসীৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনিছিল। তাই মাথোঁ প্ৰেমত পৰিছিল শ‍্যামৰ বাঁহীৰ সুৰৰ। সামান্য এটা বাঁহৰ বাদ‍্যৰো থাকিব পাৰে মন ভুলাব পৰা সন্মোহনী শক্তিৰ। দেৱদাসী ঠিক তেনে সন্মোহনী শক্তিৰে বলি হৈছিল। কৃষ্ণৰ ভুৱন ভুলোৱা বাঁহীৰ প্ৰেমত ৰাধা বিয়াকুল হোৱাৰ দৰেই৷ দেৱদাসীহঁতে বাস কৰা গাওঁখনৰ সিটো মূৰে থকা নৈখনৰ পৰা প্ৰত‍্যেক দুপৰীয়া ভাহি অহা অনুপম বাঁহীৰ সুৰে দেৱদাসীক বিয়াকুল কৰি তুলিছিল। সৰুতে টিভিত দেখা মহাভাৰত নাইবা শ্ৰীকৃষ্ণ চিৰিয়েলত ৰাধাই কৃষ্ণৰ বাঁহীৰ সুৰৰ প্ৰেমত পৰাৰ দৰে দেৱদাসীও শ‍্যামৰ বাঁহীৰ সুৰত আকৃষ্ট হৈছিল। নিজান দুপৰীয়া শ‍্যামৰ বাঁহীৰ সুৰ অনুকৰণ কৰি দেৱদাসী নৈৰ পাৰ পাইছিলগৈ। তাতেই দেখা পাইছিল সেই বাঁহীবাদকজনক যাৰ বাঁহীৰ সুৰৰ ৰাগীত মতলীয়া হৈছিল দেৱদাসী।

: কোন আপুনি ? ইয়াত কেতিয়াও দেখা মনত নপৰেচোন আপোনাক ? কি বিৰহত এই আপোনভুলোৱা বাঁহীৰ সুৰ ?

: মই শ‍্যামপ্ৰকাশ। নৈখন পাৰ হৈ সিটো পাৰে বাঁহনিডৰা সাৰি মোৰ ঘৰ। মোৰ পত্নীৰ মৃত্যু হৈছে। পত্নীৰ বিয়োগৰ বিৰহত আতুৰ মোৰ প্ৰাণ।

        বিগলিত হৈ পৰে দেৱদাসীৰ মন। এগৰাকী নাৰীৰ বিৰহত এই হেন সুৰৰ সৃষ্টি।কি বিষাদ...! কি সৃষ্টি...! ভাৱনা সাগৰত বুৰ গৈ তাই ঘৰ পালেহি।নিজান দুপৰীয়াটো তাইৰ বাবে সদায় এটি চিনাকি সুৰ হৈ পৰিবলৈ ধৰিলে। আৰু সেই সুৰৰ মোহত বন্দী হৈ দেৱদাসী আগবাঢ়ি গ'ল শ‍্যামৰ কাষলৈ শ‍্যামৰ বিৰহক সান্ত্বনা দিবলৈ। সংগবোৰে ক্ৰমান্বয়ে প্ৰেমৰ ৰূপ ল'লে। নৈৰ পাৰত প্ৰায়েই শ‍্যামৰ লগত দেৱদাসীক একেলগে দেখা পোৱা গ'ল। কেতিয়াবা শ‍্যামৰ বাহুবন্ধনত। কেতিয়াবা শ‍্যামৰ বাহুত শিৰ থৈ একান্ত চিত্তে বাঁহীৰ সুৰত নিমগ্ন হৈ থাকোঁতে।কেতিয়াবা আকৌ দুয়োৰে হাতৰ স্পৰ্শকাতৰ সময়ত। বতাহত কথাবোৰ বিয়পি পৰিল। মাকৰ কাণতো পৰিল।

: তই এইবোৰ কি কৰিছ দেৱদাসী। এনে পাপ নকৰিবি। তই ব্ৰাহ্মণ কন্যা। তই উচ্চ জাতৰ ছোৱালী হৈ কৈৱৰ্তৰ ল'ৰালৈ বিয়া হ'লে সমাজে আমাক এঘৰীয়া কৰিব।

: মই নোৱাৰিম আই। সংকীৰ্ণ মনোভাৱৰ সমাজখনৰ দোহাৰি নিদিবা মোক আই। ৰাধাৰ জাত কি আছিল যিগৰাকী নাৰী ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমত পৰিছিল নিজৰ স্বামীক এৰি।

: এনে পাপ কথা নক'বি আই। আমাক সমাজ লাগিবই। আমি সৰু মানুহ।

: পিতাই ঢুকোৱাৰ পিছত জানো আমাক সমাজে পোহপাল দিছে আই। তুমি দেখোন লোকৰ ঘৰে ঘৰে কাম কৰি পেট প্ৰৱৰ্তাইছা। তেনেস্থলত সমাজৰ কথা কিয় ভাবিছা? ভালপোৱা জানো পাপ আই। মই শ‍্যামক ভাল পাইছোঁ। তেওঁৰ হেৰুৱা পত্নীৰ বিৰহত আতুৰ মনটোক মই নিজকে সঁপি দিছোঁ। ইয়াত সম্প্ৰদায়ৰ কথা কেনেকৈ আহিব আই? তেওঁ কৈৱৰ্ত হ'লেও তেজৰ ৰং একেই। কমণ্ডলু ভৰ্তি পানী শিৱলিংগত মইও দিওঁ তেওঁৱো দিয়ে। কিয় এই ভাগবতৰা আই...?

    নোৱাৰিলে বুজাব দেৱদাসীক মাকে। অবুজ হৈ পৰিল দেৱদাসী। নিজৰ যুক্তিত অলৰ-অচৰ দেৱদাসী। মাকে বুজি উঠিল নিশ্চিত বিপদৰ আগজাননী। সেইদিনা মাকৰ কথা পেংলাই কৰি এদিন দেৱদাসী গুচি গৈছিল সেই অচিন পুৰুষজনৰ লগত কোনোবা অচিন  ঠাইলৈ। শোৱাপাটীত উদ্ধাৰ হোৱা চিঠিখন পঢ়ি  মাকে কেৱল চকুলোহে টুকিব পাৰিছিল। নিজকে সান্ত্বনা দিব পৰা নাছিল। খঙৰ ভমকত এফালৰ পৰা সংহাৰ কৰিছিল ঘৰৰ বস্তু-বাহানি। জ্বলাই দিছিল তাইৰ কাপোৰ-কানি, কিতাপ-পত্ৰ। সিমানতে অন্ত পৰা নাছিল মাকৰ বিষাদ-বন্দনা। এঘৰীয়া হৈছিল সমাজৰ পৰা।অৱশ্যে পিছলৈ চৰু ধুই, পা-পৰাচিত হৈ দেৱদাসী মৰিল বুলি শপত লৈ উদ্ধাৰ হৈছিল সমাজৰ সন্মুখত।

     বেছিদিন নিটিকিল এই পৰাচিতৰ মূল‍্য। এজাক বিধ্বংসী ধুমুহাই ঘৰ-বাৰী তচনচ কৰাৰ ফলত যি অৱস্থাৰ সৃষ্টি হয় সেই একেই অৱস্থা দেৱদাসীৰ ক্ষেত্ৰতো হৈছিল। ভুৱা প্ৰেমৰ মায়াজালত বন্দী হৈ কোনোমতেহে নিজৰ প্ৰাণটো আৰু শৰীৰটো ৰক্ষা কৰিছিল বন্ধ কুঠৰীত বিক্ৰী হোৱাৰ পৰা। এদিন নিশা বিজুলী ঢেৰেকণিৰে অহা এজাক দোপালপিতা বৰষুণৰ মাজতে দেৱদাসীৰ ঘৰৰ দৰজাত টোকৰ পৰিছিল। বহু নিশা মাকে ভয়ভয়কৈ বাহিৰৰ পৰা ভাহি অহা নাৰীৰ কণ্ঠস্বৰটো শুনি দৰজাখন খুলি দেৱদাসীক সেই ৰূপত দেখি আচৰিত হৈছিল যিটো এগৰাকী মাতৃৰ বাবে কল্পনাৰো অগোচৰ। অচিন কাঠৰ থোৰা নলগাবলৈ বাৰে বাৰে সকীয়নি পোৱাৰ পিছতো দেৱদাসীয়ে মাকৰ কথা নুশুনাৰ ফলত আজিৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ল সেয়া অকল্পনীয়। দেৱদাসীৰ গাতে সমস্ত দোষ জাপি দি  মাকে নিৰৱে চকুলো টুকিছে। মাতৃৰ বুকু শুদা কৰি তাই গুচি গ'লেও সমাজৰ কথা চিন্তা নকৰি মাতৃ হৃদয়ৰ মনটোৱে পুনৰাই সামৰি ল'লে দেৱদাসীক।

        ঘৰৰ ভিতৰত একেৰাহে আবদ্ধ হৈ থকাটো অসম্ভৱ হৈ পৰিছে দেৱদাসীৰ বাবে। মুকলি আকাশৰ তলত উমলিবলৈ তাইৰ খুব মন গ'ল। নৈৰ পাৰে পাৰে গীত জুৰি জুৰি এপাক নাচিবলৈ তাইৰ মনটো বিয়াকুল হৈ পৰিছে। মুকলি বতাহ খাই জী-বলৈ তাইৰ প্ৰৱল হেঁপাহ জাগিছে।

        বুজি নাপালে সমাজখনে আপোনভোলা দেৱদাসীক। ইকাণ-সিকাণকৈ তাইক মাকে সামৰি লোৱা কথাটো বিয়পি পৰিল। নামঘৰত ৰাইজ গোট খালে। পুনৰাই সিহঁতক এঘৰীয়া কৰাৰ আলোচনা চলিল। এইবাৰ দেৱদাসীহঁতৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিল। চকুৰপানীৰে বাট নেদেখা হ'ল।

"মোৰ ছোৱালী দেৱদাসী যদি সঁচাকৈয়ে অসতী হয় তেন্তে তাইক ফাঁকি দি বিয়া কৰাম বুলি নাৰী দেহ চক্ৰৰ ওচৰত লৈ যোৱা পুৰুষজন দেখোন আপোনালোকৰ দৰে এখন সভ‍্য সমাজৰ বাসিন্দা।তেওঁৰ শাস্তি কি হ'ব ? দেৱদাসী এই গাওঁ এৰি ক'লৈকো নাযায়।তাই মোৰ লগতেই থাকিব।"

           দেৱদাসীৰ মাকৰ কোনো কথাই সমজুৱাক প্ৰভাৱ পেলাব নোৱাৰিলে। পুঞ্জীভূত বেদনাবোৰ মনতে সামৰি দেৱদাসীহঁত আঁতৰি আহিল সমাজৰ পৰা।

        দেৱদাসীৰ মাকে  গাঁৱৰ মানুহৰ ঘৰত কাম কৰিবলৈ যাব নোৱাৰা হ'ল এঘৰীয়া হৈ থকাৰ বাবে।এক কথাত ভাতে-পানীয়ে নিষেধ সমজুৱাৰ ঘৰত।দুবেলা দুসাজৰ চিন্তাই সিহঁতক খুলি খুলি খাবলৈ ধৰিলে। বুঢ়ীগোঁসানী থানৰ খটখটীয়েই দেৱদাসীৰ উপাৰ্জনৰ পথ হ'ল। থানলৈ নিতৌ অহা-যোৱা কৰা মানুহৰ পৰা দিনটোত পোৱা সামান্য পইচা কেইটাৰে বা মন্দিৰৰ প্ৰসাদকেইটা সিহঁতৰ ক্ষুধাৰ চাবিকাঠি হ'ল। এইহেন ধুমুহাৰ মাজতেই দেৱদাসীৰ মাকক এজাক কালধুমুহাই আৱৰি ধৰিলে। অচিন ৰোগটোৱে জৰায়ুত থিতাপি লোৱাৰ দিন ধৰি সিহঁতৰ মূৰত আকৌ আকাশী সৰগ ভাগি পৰিল।অপাৰেচনৰ লগতে ঔষধ-পাতিৰ প্ৰয়োজনীয়তাই দেৱদাসীক দিনকদিনে খিঙখিঙীয়া আৰু বিদ্ৰোহী কৰি তুলিলে সমাজখনৰ প্ৰতি। এযোৰ ভাল পিন্ধা কাপোৰৰ অভাৱত তাই বলি হ'ল অশ্লীল মন্তব্য আৰু অশ্লীল দৃষ্টিৰ। গোঁসানীৰ নামত উচৰ্গিত ৰঙা শাৰীকেইখন অশোক দেৱ শৰ্মাই তাইৰ হাতত মৰমেৰে তুলি দিলে তাই তাতেই সন্তুষ্টি লাভ কৰে।সেই শাৰীকেই শৰীৰত মেৰিয়াই যেতিয়া দেৱদাসী নিতৌ দেৱী থানৰ প্ৰাঙ্গনত থিয় হয় তেতিয়া অস্তাচলৰ বেলিটোৱেও যেন বিষাদৰ হাঁহি মাৰে তাইক এৰি যোৱাৰ বেদনাত। এনে এটা বেলি কপালত আঁকি দেৱদাসী হৈ পৰে দেৱী মাৰ মন্দিৰত সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ নাৰী। আজিকালি দেৱদাসীৰ ঘৰলৈ ওভতাৰ সময়ো সলনি হৈছে।হাতত মোটাকৈ কেইখনমান খমখমীয়া কাগজৰ নোট লৈ ঘৰত প্ৰৱেশ কৰিয়েই ৰুগীয়া মাকৰ হাতত লক্ষ্মীক গুজি দি শোৱাপাটীত নিৰলে উচুপি উঠে দেৱদাসীয়ে। কৃষ্ণৰ প্ৰেমত বলিয়া ৰাধাই যমুনাৰ বালিত বহি উচুপি উঠাৰ দৰে দেৱদাসীৰ চকুৰে নাবাগৰে শ‍্যামলৈ লোতক। যি শ‍্যামৰ পত্নী বিৰহৰ সমভাগী হ'বলৈ গৈ তাই আঁকোৱালি ল'লে মহাপাপীৰ জীৱন সেই মহাপাপ ভাঙি-চিঙি-মোহাৰি তাই খণ্ডন কৰিবলৈ নোপোৱাৰ বিৰহতহে চকুলো টুকিছে।

       বলিৰ তেজ তাই সানো বুলিয়েই সানিছে সৰ্ব শৰীৰত। উন্মাদৰ দৰে আচৰণ তাই কৰোঁ বুলিয়েই কৰিছে ভক্তৰ সন্মুখত। যাতে পুনৰাই নতুন দেৱদাসীৰ সৃষ্টি নহয় এই জগতত। এতিয়া দেৱদাসীক শান্ত কৰা সহজ নহয় যিদৰে সাগৰৰ ছুনামীক  শান্ত কৰিব নোৱাৰি। পূজাৰ আৰতিলৈ সাজু হৈছে পুৰোহিত। মংগল ধ্বনিৰে শংখ, ঘণ্টা, ডবাৰ শব্দত ধূপ-ধূনাৰ ধোঁৱাৰ আৱৰণত পুৰোহিত সকলৰ লগতে ভক্তগণেও আৰতিত ভাগ লৈছে।দেৱদাসীয়েও লাহে লাহে দেহৰ ভাঁঁজ দিবলৈ আৰম্ভ কৰিছেই।

       দেৱী পূজা আৰম্ভ হৈছে। থানৰ ঘণ্টাধ্বনি বাজি উঠিছে। পুৰোহিতৰ কণ্ঠেৰে নিগৰিত হৈছে দেৱী মাৰ মন্ত্ৰধ্বনি।

নমো কালী নমো কালী মহাকালী
কালীৰে পাপহাৰিনী
ধৰ্মাৰ্থ মোক্ষদে দেৱী নাৰায়নী নমস্তুতে
সৰ্বমঙ্গল মঙ্গল‍্যে শিৱ সৰ্বাৰ্থ সাধিকে
শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে।।

      দেৱদাসী আগবাঢ়িল পূজা মণ্ডপৰ দিশে।পূজাৰীয়ে আগবঢ়াই দিয়া আগলি কলপাতখনত দেৱদাসী চকু মুদি বহি ল'লে৷ দেৱতাৰ স্তুতি বন্দনা আৰম্ভ হোৱাৰ লগে লগে দেৱদাসীয়ে মূৰটো ঘূৰাই থিয় হ'বলৈ ধৰিলে নৃত্যৰ ভংগীৰে। মৃদু নৃত্য ভংগীমাৰ মাজতে দেৱদাসী মুক্ত কেশী হ'ল। দুটা ডাঙৰ জয়ঢোল আৰু এযোৰ বৰতালৰ শব্দত তাই সৰ্বশৰীৰ কঁপাই চিৎকাৰ কৰি উঠিল। হাতত পিন্ধাই দিয়া গামখাৰু, গলপতা, নাকফুলি আৰু ডিঙিত চন্দ্ৰহাৰেৰে দেৱদাসীয়ে নৃত্য ভংগিমা দিবলৈ ধৰিলে।বাদ‍্যযন্ত্ৰৰ প্ৰখৰতাত দেৱদাসীৰ নাচৰ গতিও ৰণচণ্ডী হৈ পৰিল। নাচৰ পাকত মেলা চুলিবোৰো শৰীৰত পাক খাই আউলী বাউলী হৈ পৰিছে।

      ইংগিতধাৰী কেইজনমান পুৰুষৰ সন্তুষ্টিৰ বাবেই আমাৰ মাজত জনপ্ৰিয়তা নথকা নৃত‍্যবিধ তাই আকোঁৱালি ধৰিব লগা হ'ল৷ সতী বেউলাই বাৰু লক্ষীন্দাৰক জীয়াবলৈকে দেওধনী নাচিছিল দেৱতাৰ সন্মুখত। কিন্তু তাই কাৰ বাবে ....? সুবিধাবাদী এচাম পুৰুষৰ বাবেইটো দেৱী মাৰ সন্মুখত এই দশা দেৱদাসীৰ। সংহাৰী দেৱতা শিৱৰ ভংগিমা দি থাকোঁতে তাইৰ মনত কেৱল দুষ্টক দমনৰ প্ৰচেষ্টা এটাইহে যেন মন-মগজুত লাহে লাহে খুন্দিয়াইছিলহি। পুৰোহিতৰ মন্ত্ৰধ্বনি তাইৰ কাণত নোসোমোৱা হ'ল। অসহায় দেৱদাসী আজি যেন নিজেই এজনী দেও লগা পখী হৈ পৰিছে। যেনি তেনি দেও দি দি তাই ঘূৰি ঘূৰি ৰণচণ্ডী হৈ পৰিছে।ঠিক তেনে এক তত্বগধুৰ সময়তে কেইখনমান খমখমীয়া কাগজৰ নোট উৰি আহি দেৱদাসীৰ গাত সিচঁৰতি হৈ পৰিছে৷ তাই স্পষ্টকৈ দেখিছে সেইসকলৰ মাজত সদানন্দ খুৰাও আছে যাৰ হাতৰ পৰা উৰি আহি এখন মোটা অংকৰ নোটে দেৱদাসীৰ বুকুত খুন্দা মাৰিছেহি।

য়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা।
নমস্তস‍্যৈ নমস্তস‍্যৈ নমস্তস‍্যৈ নমো নমঃ।।

     যিমানেই শক্তি পূজাৰ মন্ত্ৰ উচ্চাৰিত হ'ল সিমানেই দেৱদাসী ভয়ংকৰ হৈ পৰিল। শক্তিৰূপিনী দেৱীমাৰ সন্মুখত দেৱদাসীয়ে নিজকে দেৱী ৰূপত দেখা পালে। তাই নাজানে এনে দিব‍্যশক্তি তাই ক'ৰপৰা আহৰণ কৰিছে। হয়তো এলান্ধুকলীয়া সমাজখনৰ একাংশ অন্ধবিশ্বাসী লোকৰ বাবে ভুগি থকা পানীত হাঁহ নচৰা অৱস্থাটোৰ বাবে নতুবা নিশাৰ ভাগত ঘৰৰ দুৱাৰত পৰা টোকৰকেইটাৰ বাবে নাইবা পদূলিৰ পৰা উফৰি অহা শিলগুটিৰ শব্দ অথবা অশ্লীল ইংগিতেৰে দিয়া গালি-গালাজবোৰৰ পৰা ভুগি থকা  দুৰ্বিসহ  জীৱনটোৰ বাবে। সেয়ে নাৰীক আত্মৰক্ষা কৰিব পৰাকৈ কৌশলগত প্ৰক্ৰিয়াৰেই দেৱদাসীৰ নৃত্য ভংগিমা আগবাঢ়ি গৈ আছে।

       নৃত্যৰ উন্মাদনাই পুৰুষসকলক বলিয়া কৰি তুলিছে। দেৱদাসীৰ লাহী শৰীৰটো মেৰিয়াই ধৰিবলৈ পুৰুষৰ হেতা ওপৰা লাগিছে। অসতী, বেশ‍্যা বুলিয়েই দিনৰ ভাগত বদনাম যঁচা দেৱদাসীৰ কাষলৈ সদানন্দ খুৰাৰ লোলুপ দৃষ্টি নিশা হ'লেই বিদ‍্যমান হৈ পৰে। আজি তাই বাৰে বাৰে ঠেলি পঠিয়াইছে সদানন্দ খুৰাক দূৰলৈ। সোমৰস পান কৰি নৰ্তকীৰ নৃত্যত মচগুল হোৱা সৰগৰ দেৱতাৰ দৰে সদানন্দ খুৰাৰ অৱস্থাও এপিয়লা মদিৰাৰ দৰে হৈছে।দেৱদাসীৰ শৰীৰৰ মৌৰস পান কৰিবলৈ অস্থিৰ হৈ পৰা মানুহজনে এপাকত দেৱদাসীৰ চুলিত থাপ মাৰি ধৰি চোঁচৰাই নিবলৈ কৰা বৃথা চেষ্টাত বিফল হৈও আঁতৰি যোৱা নাই দেৱদাসীৰ কাষৰ পৰা। তাইও দেহ ভংগিমাৰে নৃত্য কৰি কৰি সদানন্দ খুৰাক প্ৰেমৰ ডোলেৰে মেৰিয়াই ধৰিছে। দুয়োৰে উত্তাল নৃত্য ভংগিমা ক্ৰমান্বয়ে দেৱী মাৰ মণ্ডপৰ ফালে গতি কৰিছে। ঘন হৈ পৰা সদানন্দ খুৰাৰ উশাহবোৰে দেৱদাসীৰ মুখত তপত চুম্বন হৈ ধৰা দিছে। এখন হাতেৰে বলিৰ এটা মুণ্ড লৈ কোট কোটকৈ কেঁচা তেজবোৰ পি দেৱদাসীয়ে কাষতে থকা সংহাৰৰূপী শিৱ বাবাৰ ত্ৰিশূল পাত একেকোবে আজুৰি আনি জ্বলন্ত দুচকুৰে  ৰণচণ্ডী মূৰ্তি ধৰি কৈ উঠিল--

"অঁ মই সমাজৰ উপেক্ষিতা নাৰী। মই অসতী। মই বেশ‍্যা। মোক চুলে তহঁতৰ পাপ হয়। ৰাতিৰ আন্ধাৰত মোৰ দেহৰ সুবাস ল'বলৈ আহিলে তহঁতৰ পাপ নহয়।মোৰ ঘৰত অহা-যোৱা নিষেধ কিন্তু ৰাতিৰ আন্ধাৰত দৰজাত টোকৰ মাৰিলে তহঁতৰ গাত চুৱা নালাগে।তহঁতৰ দৰে পুৰুষৰ হাতত মই নিৰ্যাতিতা। এঘৰীয়া।ভিক্ষাৰিণী।"

     দেৱদাসীয়ে কাৰো মুখলৈ নাচালে। দুচকুত দপদপকৈ জ্বলি থকা বিস্ফোৰিত অগ্নিৰ ফিৰিঙতিবোৰ কেৱল সদানন্দ খুৰাৰ গালৈ চিটিকি পৰিল। তাই হাতত লৈ থকা ত্ৰিশূলপাত সদানন্দ খুৰাৰ বুকুত সুমুৱাই স্থিতপ্ৰজ্ঞ হৈ থিয় দি থাকিল মহিষবধিনীৰ ৰূপত ভক্তগণৰ সন্মুখত।

      সেইসময়ত জয়াল নিৰৱতাই বিৰাজ কৰা থানখনত সকলোৱে চকুলো টুকিলে কেৱল দেৱদাসীৰ মৰ্মান্তিক জীৱন পটৰ দৃশ্য সুঁৱৰি।সমাজসেৱক সদানন্দ খুৰাৰ নিথৰ দেহটো   মজিয়াত পৰি ৰ'ল ৰাঙলী হৈ। কাৰো কান্দিবলৈ সময় নহ'ল তেওঁৰ মৃত্যুত।
ফোন : ৯১০১৮৩৭২১২


Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages