পৌনঃ পৌনিক
নিৰ্মালি কলিতা
নৈশব্দৰ এক তৰংগ বাগৰি যায় তাইৰ বুকুৰ মাজেদি
নিঃসংগতাই ছানি ধৰে চৌপাশ
ইয়াত সময় বৰ কঠিন
থিক শিলৰ দৰে
শব্দবোৰো গোট মাৰি শিল হয়
শেলুৱৈয়ে ছানি ধৰে গা
শিলৰ হাঁহি দেখিছা জানো কেতিয়াবা
চকুৰ পানীওটো নবয়
এটা মাথোন নিষ্প্ৰাণ শীতলতা
শৰীৰবোৰ শৱ হোৱাৰ দৰে
ক্ৰমশঃ সকলোবোৰ সাধুকথা হয়
যেন তেজীমলাৰ সাধু, কিম্বা চিলনীৰ জীয়েকৰ সাধু ইত্যাদি ইত্যাদি
সাধুকথাবোৰ মুখ বাগৰি যায়
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ
নৈশব্দৰ সুৰটো গুম গুমকৈ তাইৰ বুকুত বাজি ৰয়
সিঁচি যায় বীজ
লহপহকৈ বাঢ়ে বিষাদ বৃক্ষ
চকুৰ পানী গোট মাৰি শিল হয়
শেলুৱৈয়ে ছানি ধৰে শিলৰ গা
সৃষ্টি হয় এক নিৰন্তৰ প্ৰবাহ ।
ফোন : ৯৭০৬৯৭৬২৪২
Beautiful words and expressions
ReplyDelete