ফৰ গেট মি নট
নিবেদিতা ভৰালী
আহিছিলা দুপৰ বেলা
ভাগৰুৱা শৰীৰে
আনিছিলা দুখনি হাতত
'ফৰগেট মি নট।'
চোৱা,
তোমাৰ বাবে আনিছো
সুগন্ধি ফুল
কৈছিলা,
মোক পাহৰি নাযাবা সোণ।
মই নাথাকিলেও
সোঁৱাৰাব তোমাক
বেঙুনীয়া ৰঙৰ
ফৰগেট মি নটে।
মৰমত বাধা আহি
কাল ধুমুহাই নিলে কাঢ়ি
তোমাৰ সৰ্বশৰীৰ।
তথাপিতো ৰাখিছো জীয়াই তোমাক
চৌপাশে ফুলি থকা
ফৰ গেট মি নটৰ মাজত।
চৌদিশে শূন্যতা
চৌদিশে এন্ধাৰ
তথাপিতো আছো জীয়াই
মন জীপাল কৰি।
চৌপাশৰ সুগন্ধিয়ে
নিশাটো কৰে পাৰ
দুচকুত ভাহিঁ আহে
স্বপ্নৰ
ফৰ গেট মি নট।
ফোন : ৯৪৩৫৯৭৯৫১৫
0 comments:
Post a Comment