ছাই বৰণীয়া শাৰীখন
নিবেদিতা ভৰালী
ছাই বৰণীয়া শাৰীখন
পাৰিটোত জামু বৰণৰ সৰল ৰেখা
তোমাৰ মনত আছেনে?
দেহাটোক আৱৰি ৰখা
ছাই বৰণীয়া শাৰীখন
হয়তো তোমাৰ প্ৰিয় আছিল
সহজভাৱে মেৰিয়াই থৈছিল
তোমাৰ শৰীৰ।
চঞ্চলা বয়সত
চঞ্চল বতাহে
শাৰীখনক বিচলিত
কৰিব পৰা নাছিল।
এই শাৰীখন তোমাৰ
প্ৰিয় আছিল নে নাজানো!
এই শাৰীখনে
তোমাক দি থৈ গৈছিল!
এক সুকীয়া পৰিচয়।
বয়স চঞ্চলা
মনত গাম্ভীযৰ্তা
এক শালীনতা বহন কৰা
ছাই বৰণীয়া শাৰীখন
জামু বৰণৰ সৰল ৰেখাবোৰ
আছেনে সজীৱ হৈ তোমাৰ মনত।
আছেনে সজীৱ হৈ তোমাৰ মনত।।
ফোন: ৯৪৩৫৯৭৯৫১৫
0 comments:
Post a Comment