আত্মকথা
অনামিকা শইকীয়া দত্ত
আজি ৰাতিয়েই শেষ ৰাতি কোনে জানে
কাইলে ৰাতিপুৱা দেখিমনে নাই
যন্ত্ৰনাই কোঙা কৰা বুকুখন
প্ৰতিটো ৰাতিয়েই দীঘলীয়া হয়৷
বিষাদক বিদায় দিয়াটো বৰ কঠিন
আঁতৰি নাযায় সহজে
কুৰুকি কুৰুকি ঘৰ সাজে বুকুত
বহুত দিনলৈ নজহা নপমাকৈ।
কিছুমান নতুনকৈ যোগ হয়
সাতে-পাঁচে মিলি এক দীঘলীয়া যাত্ৰা৷
সকলো থাকিও একো নথকা
একো কথা কাকো ক'ব নোৱাৰাকৈ
তেতিয়াৰ পৰাই উদং হয় যেতিয়া
দুপৰৰ বতাহজাকে তচনচ কৰে
বুকুত বান্ধি লোৱা ঘৰখন।
দুচকুত ওলমি থাকে
পৰো নপৰোকৈ থকা
দোটোপাল চকুলো
কিবা এটা কও নকওকৈ ওঁঠ দুখন কঁপি থাকে
কথাবোৰ ওলাই নাহে।
কথা ক'ব নোৱাৰা যন্ত্ৰনাই
বুকুখন হেঁচা মাৰি ধৰে
যেন এটা গধুৰ শিল পৰি ৰ'ল বুকুত।
ফোন : ৯১০১১৪৪৮৪৩
0 comments:
Post a Comment