কবিতা : তুমি ~ JOBON.IN

Friday, May 21, 2021

কবিতা : তুমি


 তুমি


নিবেদিতা ভৰালী



তুমি অহাৰ বাটত 

বেলিটোৱে বিদায় লয়

তুমি অহাৰ বাটত

এটা দিনে বিদায় লয়


তুমি অহাৰ পৰত

খৰিকাজাঁয়ে সুগন্ধি বিলায়

তুমি অহাৰ পৰত

জোনাকী পৰুৱাই পোহৰ চটিয়ায়


তুমি কাৰ বাবে আনা

আপোন বতৰা

তুমি কাৰ বাবে দিয়া

যৌৱনৰ মাদকতা


Share:

1 comment:

  1. এটা দিনে মাদকতাৰে ভৰাই যি বাটে গুছি যায় সেই বাটেৰেই সুন্দৰতাই আনে প্ৰেমৰ মাধোৰিমা। বৰ ধুনীয়া লাগিল কবিতাটো ।

    ReplyDelete

Labels

Archive

Contact Us

Name

Email *

Message *

Pages