অভিব্যঞ্জক সময়ৰ সংলাপ
শেৱালি বৰুৱা
দুঃসময়ৰ শিলালিপিত অংকন কৰিব নোখোজোঁ হৃদয়ৰ অভিব্যঞ্জনা;
প্রিয় কবি তোমাৰ শব্দৰ লহৰত
নিজম নিশা জোনাকৰ ফুলবোৰ
ফুলিলে মুৰুলীধৰৰ কাষলৈ
যাবলৈ বৰকৈয়ে মন যায় অ'!
তেওঁৰ বাঁহীৰ আকুলতাত নিৰ্বাপিত কৰিব খোজোঁ বেদনাৰে সী লোৱা মোৰ সপোনবোৰক!
তোমালৈ মনত পৰে শব্দেৰে মুখৰিত হৈ পৰা সেই নিজম সন্ধ্যা নদীৰ বলুকাত বহি তোমাৰ
পৰা এআকাশ সুখ
মোৰ হোৱাকৈ আজুৰিবলৈ মন যায় প্রিয় কবি !
বসন্তৰ উতনুৱা শব্দেৰে লিখা চিঠিখন সংগোপনে থাকিল
বুকুৰ অভ্যন্তৰত
কওঁ বুলিও নোকোৱাকৈয়ে ৰৈ গ'লো ওৰেটো সময় তোমাৰ
শব্দৰ সৈতে;
ভালপোৱা শব্দবোৰ জীৱনৰ অস্তাচলত বুৰ গ'ল দুঃসময়ৰ
আবেলিটোত উর্ণনাভৰ আবেষ্টনীত!
উৰিয়ামৰ ছাঁয়া ঘন বননিত
খোপনি ল'লে এন্ধাৰৰ এযুগ
অপ্ৰকাশী তীব্ৰ বেদনাই;
বেদনাবোৰক মোহনাৰ বুকুৱেদি
ভহাই দিব পৰাহেঁতেন
শব্দৰ পুৰাতন পৃথিৱীৰ বসন্ত
ৰাগত সখিয়তিজনীক কাষলৈ
হাত বাউলি মাতিবলৈ এবাৰলৈ
মন গ'ল হেঁতেন প্ৰিয়কবি!
কিন্তু! দুঃসময়ৰ পৃষ্ঠাত অৱসাদবোৰ সাৱটি লৈ
একোৱেই লিখিব পৰাকৈ
কলমটোক
মোৰ মন মগজুক
আজি দেখোন সাজু কৰিব
পৰা নাই কিয় নাজানো;
সময়ক ভৰসা কৰি আগুৱাই
যাব পৰাকৈ অক্ষম
মোৰ কলিজাত নিয়ম বৰ্হিভূত হাতুৰীৰ
কোব বৰকৈয়ে পৰিছে
মই নিয়ৰৰ সুমনত শায়িত হ'ব
খোজোঁ নিজৰ মাজতেই
অলপমান অৱকাশ বিচাৰি !
ফোন : ৬০০৩৪৬৭৩৪২
0 comments:
Post a Comment