May 2021 ~ JOBON.IN

Saturday, May 29, 2021

কবিতা : সৌমাৰপীঠৰ বুকুত তোমাক বিচাৰিম



 সৌমাৰপীঠৰ বুকুত তোমাক বিচাৰিম

শেৱালি বৰুৱা


স্বৰ্ণপীঠৰ বুকুত খোদিত হোৱা জীয়া শিলৰ ইতিহাসৰ ভাঁজটোতে লাগি ৰৈছিল

অশ্ৰুবোৰে হৃদয়ত সজোৱা মোৰ জীৱনৰ অকথিত ইতিহাস!


প্ৰাচীনতম নৈখনে সেইদিনা মোক বাৰে বাৰে কৈছিল

 নহ'বি নদীৰ দৰেই

চিৰ প্ৰবাহিনী;


স্বাভিমানৰ দুৱাৰদলিত থমকি ৰৈ আজি এবাৰলৈ মাথোঁ  ইতিহাসে লিখি যোৱা অতৃপ্ত দিনপঞ্জীৰ পৃষ্ঠাত

মোৰ বুকুৰ নদীখনত আকৌ এবাৰলৈ আউজিলো তোমাৰ স'তে মৰম!


সময়ৰ বুকুতেই লাগি ৰোৱা হুমুনিয়াহবোৰক আঁতৰাই থৈ

নিশ্বাসবোৰক এবাৰলৈ সুধিব

পৰাহেঁতেন

জীৱনৰ বাবে প্ৰতীক্ষা নে এইয়া??

নে মৰমৰ বাবে প্ৰতীক্ষা??




সময়ৰ উত্তৰবোৰ পাবলৈ

অজস্ৰ প্রয়াস আজিও আছে মোৰ বুকুত;

ভ্ৰান্ত সময়বোৰক

জীৱনে শিকাই নদীৰ কুঁৱলীৰ

ভাঁজটোৰ মাজত এৰাসুঁতিয়ে

আঁকি যোৱা বুকুৰ  উশৃংখল শব্দৰ উন্মাদনাত

সন্ধ্যাতৰাক ওভোটাই অনাৰ

অযুত ভাৱনা!


চাওঁ এবাৰলৈ সন্ধ্যাতৰাটিক

শেতেলিৰ জোনাকত শুৱাই

লৈ নিচুকনি গীত এটি গাও 

টোপনি যাওঁক শান্ত মনেৰে;

শান্ত নৈখনে কেঁকাইছিল তাইৰ  দুখৰ কেঁকুৰিত!


জীৱনক ভালপাব পৰাকৈ

নদীয়ে শিকাই দিয়া মানৱতাৰ

আদিপাঠ আজিও সমাহিত

হৈ আছে ইতিহাসৰ ঘুমটিৰ মাজত লিখিযোৱা স্বৰ্ণপীঠৰ কাষত;

খিৰিকীৰে নদীৰ বুকুৰ জোনাক

চোৱাৰ হেঁপাহবোৰে বৰকৈয়ে এদিন আমনি কৰিছিল!


প্ৰেম হৈছিল নদীৰ স'তে

অনুভৱৰ সেউজময় পুলকত

নদীয়ে শিকাইছিল জীৱনক

ভালপোৱাকৈ নিজক সজাবলৈ;

আজিও সজাইছোঁ তুমি নিবিচৰাকৈয়ে!


মই  ভালপোৱাবোৰ নিজক দিব খোজো স্নেহেৰে সিক্ত মোৰ শব্দৰ আলিংগনত;

প্ৰেমৰ মাজত তোমাৰ

অভিমানবোৰক সুধিব পৰাকৈ

মোক কিয় বাৰে বাৰে দুখবোৰ

দিবলৈকে তোমাৰ নিবিৰ

বন্ধনৰ পৰা আঁতৰাই দিয়া!


 নাৰীক নদীৰ দৰেই হ'বলৈ

শিকোৱা সময়ক সুধিছো

আৰু কিমান দিন স্বাভিমানৰ

শিথিলতা নেওচি নিজক বিচাৰিম তোমাৰ মাজত 

কোৱা মৰম!


তোমাৰ সহস্ৰ সাহসৰ বাবেই এলাগী দুখবোৰক বন্ধকীত

থ'ব পাৰো আকৌ এবাৰলৈ

আকুলতাৰ অপেক্ষাত

তোমাৰ বাবেই 

 পাহৰি নাযাবা মৰম!

Share:

কবিতা : জোঙাল বলহু গড়

 


জোঙাল বলহু গড়


প্ৰদীপ হাজৰিকা

মাজ নিশা পূৰ্ণিমাৰ
  দেখিছানে কেতিয়াবা
প্ৰকৃতিৰ ৰঙীন
আনন্দৰ খলকনি

         থৰ লাগি চাই ৰ'বা
       এক অভাৱনীয় দৃশ্য
       মাদকতাৰ পৰিতৃপ্তিৰ
      জোঙাল বলহু গড়



চাৰিওকাষে আছে য'ত
শাৰী শাৰী মীন মহল
আনন্দত নাচি বাগি
সকলোকে কৰে স্বাগতম
           
           দেখিছানে তুমি
          কৰিছানে অনুভৱ
          বুৰঞ্জী প্ৰসিদ্ধ
      এই বিশাল লীলা ভুমি

প্ৰাচীন পটভূমি
সোণৰ অসমৰ
আজিও গৌৰৱান্বিত
সেই জোঙাল বলহু গড়ৰ
ফোন: ৯৪৩৫০৬২০৪৫

Share:

কবিতা : পৌনঃ পৌনিক

 


পৌনঃ পৌনিক


নিৰ্মালি কলিতা

নৈশব্দৰ এক তৰংগ বাগৰি যায় তাইৰ বুকুৰ মাজেদি
নিঃসংগতাই ছানি ধৰে চৌপাশ
ইয়াত সময় বৰ কঠিন
থিক শিলৰ দৰে

শব্দবোৰো গোট মাৰি শিল হয়
শেলুৱৈয়ে ছানি ধৰে গা
শিলৰ হাঁহি দেখিছা জানো কেতিয়াবা
চকুৰ পানীওটো নবয়
এটা মাথোন নিষ্প্ৰাণ শীতলতা
শৰীৰবোৰ শৱ হোৱাৰ দৰে



ক্ৰমশঃ সকলোবোৰ সাধুকথা হয়
যেন তেজীমলাৰ সাধু, কিম্বা চিলনীৰ জীয়েকৰ সাধু ইত্যাদি ইত্যাদি
সাধুকথাবোৰ মুখ বাগৰি যায়
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ

নৈশব্দৰ সুৰটো গুম গুমকৈ তাইৰ বুকুত বাজি ৰয়
সিঁচি যায় বীজ
লহপহকৈ বাঢ়ে বিষাদ বৃক্ষ
চকুৰ পানী গোট মাৰি শিল হয়
শেলুৱৈয়ে ছানি ধৰে শিলৰ গা
সৃষ্টি হয় এক নিৰন্তৰ প্ৰবাহ ।
ফোন : ৯৭০৬৯৭৬২৪২

Share:

Friday, May 28, 2021

কবিতা : তুমি আহিছিলা

 


তুমি আহিছিলা

নিবেদিতা ভৰালী

শৰতৰ বতৰা লৈ
     তুমি আহিছিলা
শেৱালীবোৰ মাটিত পৰি
এখন দলিচা কৰাৰ
দিনতে তুমি আহিছিলা

মনত পৰেনে বাৰু
শৰতৰ সেই দিনটো

বাৰিষাৰ বিদায় পৰত
তুমি আহিছিলা
বৰষুণত তিতি থকা মাটি
তেতিয়া শুকুৱাই নাছিল

এটা দীৰ্ঘ বিৰতি...
মনত পৰেনে বাৰু
শৰতৰ সেই দিনটো??
তুমি তেতিয়া প্ৰাণ চঞ্চলা
হৈ আছিলা।

আকাশত উৰি থকা
মৌ পিয়াজনীয়ে
বিচাৰি আছে
মৰমসনা ঠাইবোৰ।
নিশাটো বৰ গভীৰ     
হৈ পৰে।
ফোন : ৯১০১৮৩৭২১২


Share:

চুটিগল্প : দেৱদাসী

 


দেৱদাসী

                     প্ৰতিভা ভাগৱতী শৰ্মা

    বুঢ়ীগোঁসানী থানত দেৱী পূজাৰ উথপথপ পৰিৱেশ। হাতত বলি কটা দাখন লৈ মন্দিৰৰ পূজাৰী অশোকদেৱ শৰ্মা সাজু হৈছে গোঁসানীক উচৰ্গিত হাঁহ, পাৰ, ছাগলী কেইটা বলিশালত শিৰচ্ছেদ কৰিবলৈ।সিহঁতৰ কেঁচা তেজেৰে দেৱীক পূজা দিলে হেনো অপায়-অমংগল দূৰ হয়। মন্দিৰত বহুলোকৰ সমাগম হৈছে। বলিৰ তেজৰ ফোঁট লৈ দেৱীৰ আশীৰ্বাদ পাবলৈ লোকে লোকাৰণ‍্য মন্দিৰটোত বিৰ দি বাট নোপোৱা অৱস্থা। ৰঙা শাৰী এখন পিন্ধি দেৱদাসীও মন্দিৰটোৰ আশে-পাশে বিচৰণ কৰি ফুৰিছে। মজিয়াত সিঁচৰতি হৈ পৰা বলিৰ মুণ্ডবোৰ এখন হাতেৰে তুলি আনখন হাত কপালত থৈ তাই কেঁচা তেজবোৰ কোট কোটকৈ পি খাইছে। মানুহলৈ ভ্ৰূক্ষেপ নাই। চকুত জ্বলি উঠিছে একুৰা বিদ্ৰোহৰ তীক্ষ্ণ অগ্নি। যেন সৰগৰ বাট হেৰুৱাই তাই পাতালত ঘূৰি ফুৰা এগৰাকী নৰ্তকীহে। গালে-মুখে তেজবোৰ সানি উন্মাদৰ দৰে আচৰণ কৰা দেৱদাসী লোকে লোকাৰণ‍্য মন্দিৰটোৰ চৌপাশে অহৌবলিয়া মানুহৰ দৰে বিহাৰ কৰা এজনী উন্মাদিনী নাৰী। মুখত আখৈ ফুটাদি ফুটি উঠিছে দেৱী মাৰ গুণাণুকীৰ্তন।

য়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা।
নমস্তস‍্যৈ নমস্তস‍্যৈ নমস্তস‍্যৈ নমো নমঃ।।

"এইৰ গাত দেৱী লম্ভিছে।"

"নহয় নহয়। এইৰ জক উঠিছে। বলিয়া হৈছে। এইক মন্দিৰৰ পৰা খেদি দিব লাগে। অসতী তিৰোতাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ নিষেধ।"

মন্দিৰত উপবিষ্ট কোনো কোনোৰ পৰা ভাহি অহা তিক্ত বাক‍্যবাণৰ মাজতেই সদানন্দ খুৰাৰ মুখৰ পৰা ভাহি অহা 'অসতী তিৰোতাৰ' শেলটোৱে নিমিষতে দেৱদাসীৰ বুকু ভেদ কৰি মন মগজুত কোবাই গ'ল এজাক বিধ্বংসী ধুমুহাৰ দৰে।

"অসতী...? হাঃ...হাঃ... হাঃ...।"

কোন অসতী ...? দেৱদাসী...? সতী তিৰোতাৰ প্ৰৱেশহে গ্ৰহণযোগ্য বুলিটো বাটচ'ৰাত লিখি থোৱা নাই। কিহৰ বাবে এই উপহাস ? সমাজৰ ৰক্ষণাবেক্ষণৰ বাবে নে সমাজৰ বৰমূৰীয়া হ'বৰ বাবে ? যদি দেৱদাসী অসতী হয় তেন্তে তাইক অসতী কৰা পুৰুষজন কেনেকৈ সাধুবাবা হ'ব ...?

         খিলখিলাই হাঁহি উঠে দেৱদাসীয়ে। মানুহৰ নিকৃষ্ট মানসিকতাৰ ওচৰত তাই বাকৰুদ্ধ। বৰ্তমানৰ লগত মিলিব পৰাকৈ তাই নিজকে প্ৰস্তুত কৰি তুলিছে।

"দেউ , দেৱদাসীৰ গাত দেও লম্ভিছে, দেও...। সেয়ে তাই এনে আচৰণ কৰিছে। এনেকৈ দেও লম্ভিলে দেৱদাসীয়ে দেওধনী নাচিব লাগিব। এনেও তাই...।

সদানন্দ খুৰাই আকৌ এবাৰ তাইক ইংগিতেৰে বুজাই দিলে অসতীৰ কৰ্ম। তাই হতভম্ব। নামানিলে যে তাইৰ জীৱনটোৱেই বৃথা। সকলোৱে একমুখে স্বীকাৰ কৰিলে দেৱদাসীৰ দেওধনী। পুৰুষৰ ফালৰ পৰা অধিক সঁহাৰি আহিল। লাহে লাহে দেৱদাসীৰ চকু জ্বলিবলৈ ধৰিলে। তাই সঁচাকৈয়ে জানো দেওধনী দিয়াৰ যোগ‍্য। সিহঁতে কিয় বাধ্য কৰিছে দেওধনীৰে তাইৰ নিমাখিত মনটোক অপবিত্ৰ কৰিবলৈ। তাইৰ শৰীৰটোৰ দোহাৰি দি এতিয়া মনটোকো কলংকৰে ভৰাই তুলিছে। এনে নিকৃষ্ট মানুহৰ সন্মুখত ননচাকৈ দেৱদাসীৰ সাৰি যোৱাৰ উপায় নাই।যিটো নৃত্য নচাসকলক কেৱল অসতী বা সমাজৰ পৰা উপেক্ষিতা হিচাপে গণ্য কৰা হয় সেই নৃত্যৰে আজি দেৱদাসীয়ে একাংশ পুৰুষৰ প্ৰেমো জিনিব।

‌         চিন্তাক্লিষ্ট দেৱদাসী। তাইক অসতী বুলি অপমান কৰিলেও তাইৰ কোনো ক্ষতি হ'ব লগা নাই। যি শ‍্যামৰ কাৰণে সমাজৰ সন্মুখত তাই আগতেই অসতী ৰূপেৰে পৰিচিতা হৈ পৰিছিল, যিখন সমাজে তাইৰ মাক আৰু তাইক এঘৰীয়া কৰি ৰাখিছে সেইখন সমাজে সিহঁতক পোহপাল দি ৰখা নাই।খাবলৈ এমুঠি অন্নৰ আৰু ৰুগীয়া মাকৰ দৰৱকেইটাৰ বাবে তাই দেওধনী নাচিবলৈ বাধ্য।দেৱীক সন্তুষ্ট কৰিবলৈ যদি এটা জীৱ হত্যা কৰি কেঁচা তেজেৰে পূজা অৰ্চনা কৰিব পাৰি তেন্তে তাইৰ এই দেহটোৰে দেৱীৰ সন্মুখত নৃত্য কৰিও অন্ন মুঠি মোকলাবলৈ সিহঁতক সন্তুষ্ট কৰিব পাৰিব। দেওধনী তাই সদায়েই নাচি আহিছে লুকাই-চুৰকৈ। আজি মাত্ৰ সমজুৱাকৈ নাচিব। মানি ল'ব দেৱদাসীয়ে সেইসকল উন্মত্ত পুৰুষৰ উন্মাদ চাৱনিৰে দিয়া আদেশ। প্ৰথমতে তাইৰ বাবে অসহনীয় হৈ পৰা এই সকলোবোৰ এতিয়া একেবাৰে সহজ বৃত্তি হৈ পৰিছে। বুঢ়ীগোঁসানী থানৰ খটখটীত বহি থানলৈ অহা লোকৰ পৰা ভিক্ষা মাগিবলৈ আৰম্ভ কৰা জীৱনটো দেৱদাসীৰ সলনি হৈ পৰিছিল বেশ‍্যা বৃত্তিলৈ।

        কিছুমান কালিকা লগা মুহূৰ্তই দেৱদাসীৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনিছিল। তাই মাথোঁ প্ৰেমত পৰিছিল শ‍্যামৰ বাঁহীৰ সুৰৰ। সামান্য এটা বাঁহৰ বাদ‍্যৰো থাকিব পাৰে মন ভুলাব পৰা সন্মোহনী শক্তিৰ। দেৱদাসী ঠিক তেনে সন্মোহনী শক্তিৰে বলি হৈছিল। কৃষ্ণৰ ভুৱন ভুলোৱা বাঁহীৰ প্ৰেমত ৰাধা বিয়াকুল হোৱাৰ দৰেই৷ দেৱদাসীহঁতে বাস কৰা গাওঁখনৰ সিটো মূৰে থকা নৈখনৰ পৰা প্ৰত‍্যেক দুপৰীয়া ভাহি অহা অনুপম বাঁহীৰ সুৰে দেৱদাসীক বিয়াকুল কৰি তুলিছিল। সৰুতে টিভিত দেখা মহাভাৰত নাইবা শ্ৰীকৃষ্ণ চিৰিয়েলত ৰাধাই কৃষ্ণৰ বাঁহীৰ সুৰৰ প্ৰেমত পৰাৰ দৰে দেৱদাসীও শ‍্যামৰ বাঁহীৰ সুৰত আকৃষ্ট হৈছিল। নিজান দুপৰীয়া শ‍্যামৰ বাঁহীৰ সুৰ অনুকৰণ কৰি দেৱদাসী নৈৰ পাৰ পাইছিলগৈ। তাতেই দেখা পাইছিল সেই বাঁহীবাদকজনক যাৰ বাঁহীৰ সুৰৰ ৰাগীত মতলীয়া হৈছিল দেৱদাসী।

: কোন আপুনি ? ইয়াত কেতিয়াও দেখা মনত নপৰেচোন আপোনাক ? কি বিৰহত এই আপোনভুলোৱা বাঁহীৰ সুৰ ?

: মই শ‍্যামপ্ৰকাশ। নৈখন পাৰ হৈ সিটো পাৰে বাঁহনিডৰা সাৰি মোৰ ঘৰ। মোৰ পত্নীৰ মৃত্যু হৈছে। পত্নীৰ বিয়োগৰ বিৰহত আতুৰ মোৰ প্ৰাণ।

        বিগলিত হৈ পৰে দেৱদাসীৰ মন। এগৰাকী নাৰীৰ বিৰহত এই হেন সুৰৰ সৃষ্টি।কি বিষাদ...! কি সৃষ্টি...! ভাৱনা সাগৰত বুৰ গৈ তাই ঘৰ পালেহি।নিজান দুপৰীয়াটো তাইৰ বাবে সদায় এটি চিনাকি সুৰ হৈ পৰিবলৈ ধৰিলে। আৰু সেই সুৰৰ মোহত বন্দী হৈ দেৱদাসী আগবাঢ়ি গ'ল শ‍্যামৰ কাষলৈ শ‍্যামৰ বিৰহক সান্ত্বনা দিবলৈ। সংগবোৰে ক্ৰমান্বয়ে প্ৰেমৰ ৰূপ ল'লে। নৈৰ পাৰত প্ৰায়েই শ‍্যামৰ লগত দেৱদাসীক একেলগে দেখা পোৱা গ'ল। কেতিয়াবা শ‍্যামৰ বাহুবন্ধনত। কেতিয়াবা শ‍্যামৰ বাহুত শিৰ থৈ একান্ত চিত্তে বাঁহীৰ সুৰত নিমগ্ন হৈ থাকোঁতে।কেতিয়াবা আকৌ দুয়োৰে হাতৰ স্পৰ্শকাতৰ সময়ত। বতাহত কথাবোৰ বিয়পি পৰিল। মাকৰ কাণতো পৰিল।

: তই এইবোৰ কি কৰিছ দেৱদাসী। এনে পাপ নকৰিবি। তই ব্ৰাহ্মণ কন্যা। তই উচ্চ জাতৰ ছোৱালী হৈ কৈৱৰ্তৰ ল'ৰালৈ বিয়া হ'লে সমাজে আমাক এঘৰীয়া কৰিব।

: মই নোৱাৰিম আই। সংকীৰ্ণ মনোভাৱৰ সমাজখনৰ দোহাৰি নিদিবা মোক আই। ৰাধাৰ জাত কি আছিল যিগৰাকী নাৰী ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমত পৰিছিল নিজৰ স্বামীক এৰি।

: এনে পাপ কথা নক'বি আই। আমাক সমাজ লাগিবই। আমি সৰু মানুহ।

: পিতাই ঢুকোৱাৰ পিছত জানো আমাক সমাজে পোহপাল দিছে আই। তুমি দেখোন লোকৰ ঘৰে ঘৰে কাম কৰি পেট প্ৰৱৰ্তাইছা। তেনেস্থলত সমাজৰ কথা কিয় ভাবিছা? ভালপোৱা জানো পাপ আই। মই শ‍্যামক ভাল পাইছোঁ। তেওঁৰ হেৰুৱা পত্নীৰ বিৰহত আতুৰ মনটোক মই নিজকে সঁপি দিছোঁ। ইয়াত সম্প্ৰদায়ৰ কথা কেনেকৈ আহিব আই? তেওঁ কৈৱৰ্ত হ'লেও তেজৰ ৰং একেই। কমণ্ডলু ভৰ্তি পানী শিৱলিংগত মইও দিওঁ তেওঁৱো দিয়ে। কিয় এই ভাগবতৰা আই...?

    নোৱাৰিলে বুজাব দেৱদাসীক মাকে। অবুজ হৈ পৰিল দেৱদাসী। নিজৰ যুক্তিত অলৰ-অচৰ দেৱদাসী। মাকে বুজি উঠিল নিশ্চিত বিপদৰ আগজাননী। সেইদিনা মাকৰ কথা পেংলাই কৰি এদিন দেৱদাসী গুচি গৈছিল সেই অচিন পুৰুষজনৰ লগত কোনোবা অচিন  ঠাইলৈ। শোৱাপাটীত উদ্ধাৰ হোৱা চিঠিখন পঢ়ি  মাকে কেৱল চকুলোহে টুকিব পাৰিছিল। নিজকে সান্ত্বনা দিব পৰা নাছিল। খঙৰ ভমকত এফালৰ পৰা সংহাৰ কৰিছিল ঘৰৰ বস্তু-বাহানি। জ্বলাই দিছিল তাইৰ কাপোৰ-কানি, কিতাপ-পত্ৰ। সিমানতে অন্ত পৰা নাছিল মাকৰ বিষাদ-বন্দনা। এঘৰীয়া হৈছিল সমাজৰ পৰা।অৱশ্যে পিছলৈ চৰু ধুই, পা-পৰাচিত হৈ দেৱদাসী মৰিল বুলি শপত লৈ উদ্ধাৰ হৈছিল সমাজৰ সন্মুখত।

     বেছিদিন নিটিকিল এই পৰাচিতৰ মূল‍্য। এজাক বিধ্বংসী ধুমুহাই ঘৰ-বাৰী তচনচ কৰাৰ ফলত যি অৱস্থাৰ সৃষ্টি হয় সেই একেই অৱস্থা দেৱদাসীৰ ক্ষেত্ৰতো হৈছিল। ভুৱা প্ৰেমৰ মায়াজালত বন্দী হৈ কোনোমতেহে নিজৰ প্ৰাণটো আৰু শৰীৰটো ৰক্ষা কৰিছিল বন্ধ কুঠৰীত বিক্ৰী হোৱাৰ পৰা। এদিন নিশা বিজুলী ঢেৰেকণিৰে অহা এজাক দোপালপিতা বৰষুণৰ মাজতে দেৱদাসীৰ ঘৰৰ দৰজাত টোকৰ পৰিছিল। বহু নিশা মাকে ভয়ভয়কৈ বাহিৰৰ পৰা ভাহি অহা নাৰীৰ কণ্ঠস্বৰটো শুনি দৰজাখন খুলি দেৱদাসীক সেই ৰূপত দেখি আচৰিত হৈছিল যিটো এগৰাকী মাতৃৰ বাবে কল্পনাৰো অগোচৰ। অচিন কাঠৰ থোৰা নলগাবলৈ বাৰে বাৰে সকীয়নি পোৱাৰ পিছতো দেৱদাসীয়ে মাকৰ কথা নুশুনাৰ ফলত আজিৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ল সেয়া অকল্পনীয়। দেৱদাসীৰ গাতে সমস্ত দোষ জাপি দি  মাকে নিৰৱে চকুলো টুকিছে। মাতৃৰ বুকু শুদা কৰি তাই গুচি গ'লেও সমাজৰ কথা চিন্তা নকৰি মাতৃ হৃদয়ৰ মনটোৱে পুনৰাই সামৰি ল'লে দেৱদাসীক।

        ঘৰৰ ভিতৰত একেৰাহে আবদ্ধ হৈ থকাটো অসম্ভৱ হৈ পৰিছে দেৱদাসীৰ বাবে। মুকলি আকাশৰ তলত উমলিবলৈ তাইৰ খুব মন গ'ল। নৈৰ পাৰে পাৰে গীত জুৰি জুৰি এপাক নাচিবলৈ তাইৰ মনটো বিয়াকুল হৈ পৰিছে। মুকলি বতাহ খাই জী-বলৈ তাইৰ প্ৰৱল হেঁপাহ জাগিছে।

        বুজি নাপালে সমাজখনে আপোনভোলা দেৱদাসীক। ইকাণ-সিকাণকৈ তাইক মাকে সামৰি লোৱা কথাটো বিয়পি পৰিল। নামঘৰত ৰাইজ গোট খালে। পুনৰাই সিহঁতক এঘৰীয়া কৰাৰ আলোচনা চলিল। এইবাৰ দেৱদাসীহঁতৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিল। চকুৰপানীৰে বাট নেদেখা হ'ল।

"মোৰ ছোৱালী দেৱদাসী যদি সঁচাকৈয়ে অসতী হয় তেন্তে তাইক ফাঁকি দি বিয়া কৰাম বুলি নাৰী দেহ চক্ৰৰ ওচৰত লৈ যোৱা পুৰুষজন দেখোন আপোনালোকৰ দৰে এখন সভ‍্য সমাজৰ বাসিন্দা।তেওঁৰ শাস্তি কি হ'ব ? দেৱদাসী এই গাওঁ এৰি ক'লৈকো নাযায়।তাই মোৰ লগতেই থাকিব।"

           দেৱদাসীৰ মাকৰ কোনো কথাই সমজুৱাক প্ৰভাৱ পেলাব নোৱাৰিলে। পুঞ্জীভূত বেদনাবোৰ মনতে সামৰি দেৱদাসীহঁত আঁতৰি আহিল সমাজৰ পৰা।

        দেৱদাসীৰ মাকে  গাঁৱৰ মানুহৰ ঘৰত কাম কৰিবলৈ যাব নোৱাৰা হ'ল এঘৰীয়া হৈ থকাৰ বাবে।এক কথাত ভাতে-পানীয়ে নিষেধ সমজুৱাৰ ঘৰত।দুবেলা দুসাজৰ চিন্তাই সিহঁতক খুলি খুলি খাবলৈ ধৰিলে। বুঢ়ীগোঁসানী থানৰ খটখটীয়েই দেৱদাসীৰ উপাৰ্জনৰ পথ হ'ল। থানলৈ নিতৌ অহা-যোৱা কৰা মানুহৰ পৰা দিনটোত পোৱা সামান্য পইচা কেইটাৰে বা মন্দিৰৰ প্ৰসাদকেইটা সিহঁতৰ ক্ষুধাৰ চাবিকাঠি হ'ল। এইহেন ধুমুহাৰ মাজতেই দেৱদাসীৰ মাকক এজাক কালধুমুহাই আৱৰি ধৰিলে। অচিন ৰোগটোৱে জৰায়ুত থিতাপি লোৱাৰ দিন ধৰি সিহঁতৰ মূৰত আকৌ আকাশী সৰগ ভাগি পৰিল।অপাৰেচনৰ লগতে ঔষধ-পাতিৰ প্ৰয়োজনীয়তাই দেৱদাসীক দিনকদিনে খিঙখিঙীয়া আৰু বিদ্ৰোহী কৰি তুলিলে সমাজখনৰ প্ৰতি। এযোৰ ভাল পিন্ধা কাপোৰৰ অভাৱত তাই বলি হ'ল অশ্লীল মন্তব্য আৰু অশ্লীল দৃষ্টিৰ। গোঁসানীৰ নামত উচৰ্গিত ৰঙা শাৰীকেইখন অশোক দেৱ শৰ্মাই তাইৰ হাতত মৰমেৰে তুলি দিলে তাই তাতেই সন্তুষ্টি লাভ কৰে।সেই শাৰীকেই শৰীৰত মেৰিয়াই যেতিয়া দেৱদাসী নিতৌ দেৱী থানৰ প্ৰাঙ্গনত থিয় হয় তেতিয়া অস্তাচলৰ বেলিটোৱেও যেন বিষাদৰ হাঁহি মাৰে তাইক এৰি যোৱাৰ বেদনাত। এনে এটা বেলি কপালত আঁকি দেৱদাসী হৈ পৰে দেৱী মাৰ মন্দিৰত সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ নাৰী। আজিকালি দেৱদাসীৰ ঘৰলৈ ওভতাৰ সময়ো সলনি হৈছে।হাতত মোটাকৈ কেইখনমান খমখমীয়া কাগজৰ নোট লৈ ঘৰত প্ৰৱেশ কৰিয়েই ৰুগীয়া মাকৰ হাতত লক্ষ্মীক গুজি দি শোৱাপাটীত নিৰলে উচুপি উঠে দেৱদাসীয়ে। কৃষ্ণৰ প্ৰেমত বলিয়া ৰাধাই যমুনাৰ বালিত বহি উচুপি উঠাৰ দৰে দেৱদাসীৰ চকুৰে নাবাগৰে শ‍্যামলৈ লোতক। যি শ‍্যামৰ পত্নী বিৰহৰ সমভাগী হ'বলৈ গৈ তাই আঁকোৱালি ল'লে মহাপাপীৰ জীৱন সেই মহাপাপ ভাঙি-চিঙি-মোহাৰি তাই খণ্ডন কৰিবলৈ নোপোৱাৰ বিৰহতহে চকুলো টুকিছে।

       বলিৰ তেজ তাই সানো বুলিয়েই সানিছে সৰ্ব শৰীৰত। উন্মাদৰ দৰে আচৰণ তাই কৰোঁ বুলিয়েই কৰিছে ভক্তৰ সন্মুখত। যাতে পুনৰাই নতুন দেৱদাসীৰ সৃষ্টি নহয় এই জগতত। এতিয়া দেৱদাসীক শান্ত কৰা সহজ নহয় যিদৰে সাগৰৰ ছুনামীক  শান্ত কৰিব নোৱাৰি। পূজাৰ আৰতিলৈ সাজু হৈছে পুৰোহিত। মংগল ধ্বনিৰে শংখ, ঘণ্টা, ডবাৰ শব্দত ধূপ-ধূনাৰ ধোঁৱাৰ আৱৰণত পুৰোহিত সকলৰ লগতে ভক্তগণেও আৰতিত ভাগ লৈছে।দেৱদাসীয়েও লাহে লাহে দেহৰ ভাঁঁজ দিবলৈ আৰম্ভ কৰিছেই।

       দেৱী পূজা আৰম্ভ হৈছে। থানৰ ঘণ্টাধ্বনি বাজি উঠিছে। পুৰোহিতৰ কণ্ঠেৰে নিগৰিত হৈছে দেৱী মাৰ মন্ত্ৰধ্বনি।

নমো কালী নমো কালী মহাকালী
কালীৰে পাপহাৰিনী
ধৰ্মাৰ্থ মোক্ষদে দেৱী নাৰায়নী নমস্তুতে
সৰ্বমঙ্গল মঙ্গল‍্যে শিৱ সৰ্বাৰ্থ সাধিকে
শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে।।

      দেৱদাসী আগবাঢ়িল পূজা মণ্ডপৰ দিশে।পূজাৰীয়ে আগবঢ়াই দিয়া আগলি কলপাতখনত দেৱদাসী চকু মুদি বহি ল'লে৷ দেৱতাৰ স্তুতি বন্দনা আৰম্ভ হোৱাৰ লগে লগে দেৱদাসীয়ে মূৰটো ঘূৰাই থিয় হ'বলৈ ধৰিলে নৃত্যৰ ভংগীৰে। মৃদু নৃত্য ভংগীমাৰ মাজতে দেৱদাসী মুক্ত কেশী হ'ল। দুটা ডাঙৰ জয়ঢোল আৰু এযোৰ বৰতালৰ শব্দত তাই সৰ্বশৰীৰ কঁপাই চিৎকাৰ কৰি উঠিল। হাতত পিন্ধাই দিয়া গামখাৰু, গলপতা, নাকফুলি আৰু ডিঙিত চন্দ্ৰহাৰেৰে দেৱদাসীয়ে নৃত্য ভংগিমা দিবলৈ ধৰিলে।বাদ‍্যযন্ত্ৰৰ প্ৰখৰতাত দেৱদাসীৰ নাচৰ গতিও ৰণচণ্ডী হৈ পৰিল। নাচৰ পাকত মেলা চুলিবোৰো শৰীৰত পাক খাই আউলী বাউলী হৈ পৰিছে।

      ইংগিতধাৰী কেইজনমান পুৰুষৰ সন্তুষ্টিৰ বাবেই আমাৰ মাজত জনপ্ৰিয়তা নথকা নৃত‍্যবিধ তাই আকোঁৱালি ধৰিব লগা হ'ল৷ সতী বেউলাই বাৰু লক্ষীন্দাৰক জীয়াবলৈকে দেওধনী নাচিছিল দেৱতাৰ সন্মুখত। কিন্তু তাই কাৰ বাবে ....? সুবিধাবাদী এচাম পুৰুষৰ বাবেইটো দেৱী মাৰ সন্মুখত এই দশা দেৱদাসীৰ। সংহাৰী দেৱতা শিৱৰ ভংগিমা দি থাকোঁতে তাইৰ মনত কেৱল দুষ্টক দমনৰ প্ৰচেষ্টা এটাইহে যেন মন-মগজুত লাহে লাহে খুন্দিয়াইছিলহি। পুৰোহিতৰ মন্ত্ৰধ্বনি তাইৰ কাণত নোসোমোৱা হ'ল। অসহায় দেৱদাসী আজি যেন নিজেই এজনী দেও লগা পখী হৈ পৰিছে। যেনি তেনি দেও দি দি তাই ঘূৰি ঘূৰি ৰণচণ্ডী হৈ পৰিছে।ঠিক তেনে এক তত্বগধুৰ সময়তে কেইখনমান খমখমীয়া কাগজৰ নোট উৰি আহি দেৱদাসীৰ গাত সিচঁৰতি হৈ পৰিছে৷ তাই স্পষ্টকৈ দেখিছে সেইসকলৰ মাজত সদানন্দ খুৰাও আছে যাৰ হাতৰ পৰা উৰি আহি এখন মোটা অংকৰ নোটে দেৱদাসীৰ বুকুত খুন্দা মাৰিছেহি।

য়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা।
নমস্তস‍্যৈ নমস্তস‍্যৈ নমস্তস‍্যৈ নমো নমঃ।।

     যিমানেই শক্তি পূজাৰ মন্ত্ৰ উচ্চাৰিত হ'ল সিমানেই দেৱদাসী ভয়ংকৰ হৈ পৰিল। শক্তিৰূপিনী দেৱীমাৰ সন্মুখত দেৱদাসীয়ে নিজকে দেৱী ৰূপত দেখা পালে। তাই নাজানে এনে দিব‍্যশক্তি তাই ক'ৰপৰা আহৰণ কৰিছে। হয়তো এলান্ধুকলীয়া সমাজখনৰ একাংশ অন্ধবিশ্বাসী লোকৰ বাবে ভুগি থকা পানীত হাঁহ নচৰা অৱস্থাটোৰ বাবে নতুবা নিশাৰ ভাগত ঘৰৰ দুৱাৰত পৰা টোকৰকেইটাৰ বাবে নাইবা পদূলিৰ পৰা উফৰি অহা শিলগুটিৰ শব্দ অথবা অশ্লীল ইংগিতেৰে দিয়া গালি-গালাজবোৰৰ পৰা ভুগি থকা  দুৰ্বিসহ  জীৱনটোৰ বাবে। সেয়ে নাৰীক আত্মৰক্ষা কৰিব পৰাকৈ কৌশলগত প্ৰক্ৰিয়াৰেই দেৱদাসীৰ নৃত্য ভংগিমা আগবাঢ়ি গৈ আছে।

       নৃত্যৰ উন্মাদনাই পুৰুষসকলক বলিয়া কৰি তুলিছে। দেৱদাসীৰ লাহী শৰীৰটো মেৰিয়াই ধৰিবলৈ পুৰুষৰ হেতা ওপৰা লাগিছে। অসতী, বেশ‍্যা বুলিয়েই দিনৰ ভাগত বদনাম যঁচা দেৱদাসীৰ কাষলৈ সদানন্দ খুৰাৰ লোলুপ দৃষ্টি নিশা হ'লেই বিদ‍্যমান হৈ পৰে। আজি তাই বাৰে বাৰে ঠেলি পঠিয়াইছে সদানন্দ খুৰাক দূৰলৈ। সোমৰস পান কৰি নৰ্তকীৰ নৃত্যত মচগুল হোৱা সৰগৰ দেৱতাৰ দৰে সদানন্দ খুৰাৰ অৱস্থাও এপিয়লা মদিৰাৰ দৰে হৈছে।দেৱদাসীৰ শৰীৰৰ মৌৰস পান কৰিবলৈ অস্থিৰ হৈ পৰা মানুহজনে এপাকত দেৱদাসীৰ চুলিত থাপ মাৰি ধৰি চোঁচৰাই নিবলৈ কৰা বৃথা চেষ্টাত বিফল হৈও আঁতৰি যোৱা নাই দেৱদাসীৰ কাষৰ পৰা। তাইও দেহ ভংগিমাৰে নৃত্য কৰি কৰি সদানন্দ খুৰাক প্ৰেমৰ ডোলেৰে মেৰিয়াই ধৰিছে। দুয়োৰে উত্তাল নৃত্য ভংগিমা ক্ৰমান্বয়ে দেৱী মাৰ মণ্ডপৰ ফালে গতি কৰিছে। ঘন হৈ পৰা সদানন্দ খুৰাৰ উশাহবোৰে দেৱদাসীৰ মুখত তপত চুম্বন হৈ ধৰা দিছে। এখন হাতেৰে বলিৰ এটা মুণ্ড লৈ কোট কোটকৈ কেঁচা তেজবোৰ পি দেৱদাসীয়ে কাষতে থকা সংহাৰৰূপী শিৱ বাবাৰ ত্ৰিশূল পাত একেকোবে আজুৰি আনি জ্বলন্ত দুচকুৰে  ৰণচণ্ডী মূৰ্তি ধৰি কৈ উঠিল--

"অঁ মই সমাজৰ উপেক্ষিতা নাৰী। মই অসতী। মই বেশ‍্যা। মোক চুলে তহঁতৰ পাপ হয়। ৰাতিৰ আন্ধাৰত মোৰ দেহৰ সুবাস ল'বলৈ আহিলে তহঁতৰ পাপ নহয়।মোৰ ঘৰত অহা-যোৱা নিষেধ কিন্তু ৰাতিৰ আন্ধাৰত দৰজাত টোকৰ মাৰিলে তহঁতৰ গাত চুৱা নালাগে।তহঁতৰ দৰে পুৰুষৰ হাতত মই নিৰ্যাতিতা। এঘৰীয়া।ভিক্ষাৰিণী।"

     দেৱদাসীয়ে কাৰো মুখলৈ নাচালে। দুচকুত দপদপকৈ জ্বলি থকা বিস্ফোৰিত অগ্নিৰ ফিৰিঙতিবোৰ কেৱল সদানন্দ খুৰাৰ গালৈ চিটিকি পৰিল। তাই হাতত লৈ থকা ত্ৰিশূলপাত সদানন্দ খুৰাৰ বুকুত সুমুৱাই স্থিতপ্ৰজ্ঞ হৈ থিয় দি থাকিল মহিষবধিনীৰ ৰূপত ভক্তগণৰ সন্মুখত।

      সেইসময়ত জয়াল নিৰৱতাই বিৰাজ কৰা থানখনত সকলোৱে চকুলো টুকিলে কেৱল দেৱদাসীৰ মৰ্মান্তিক জীৱন পটৰ দৃশ্য সুঁৱৰি।সমাজসেৱক সদানন্দ খুৰাৰ নিথৰ দেহটো   মজিয়াত পৰি ৰ'ল ৰাঙলী হৈ। কাৰো কান্দিবলৈ সময় নহ'ল তেওঁৰ মৃত্যুত।
ফোন : ৯১০১৮৩৭২১২


Share:

বিশেষ : ভালপোৱাৰ সংজ্ঞা বিচাৰি

 


"এই ধৰাৰ আটাইতকৈ সুন্দৰ আৰু আশ্চৰ্য বস্তু, যাক দেখা পোৱা নাযায় বা যাক হাতেৰে চুই চাব নোৱাৰি, কেৱল হৃদয়েৰে অনুভৱ কৰিব পাৰি,  সিয়েই 'ভাল পোৱা''!"
                                                           হেলেন কেলাৰ

"The best and the most beautiful things in the World can not be seen, ever touched, they must be felt with the heart, it is Love"
                                                           Helen Kelar

                   ভালপোৱাৰ সংজ্ঞা বিচাৰি
                            শেৱালি বৰুৱা

ভালপোৱাবোৰ সৃষ্টিৰ আদিতেই মোৰ বুকুত তুমি গুজি দিয়াৰে পৰা আজিলৈকে এই ভালপোৱাবোৰ  বিচাৰি ফুৰো মৰুভূমিৰ বেদুইন পক্ষীটিৰ দৰেই।ভালপোৱাক কাৰ সৈতে তুলনা কৰো??? হিমালয়ৰ উচ্চতাৰ লগত নে মহাকাশৰ বিশাল বক্ষত নে মহাসাগৰৰ গভীৰতাত। ভালপাওঁ বুলি নোকোৱাকৈয়ে আজীৱন ভাল পোৱাৰ চিৰ শাশ্বত  ভালপোৱাবোৰ অনুভৱ কৰিব পৰাকৈ একোখন সুন্দৰ হৃদয়ৰ লগত সকলোৱেই সংপৃক্ত। সন্তানক ডাঙৰ কৰাৰ পিছতো শীতৰ নিশাবোৰত গাৰ পৰা পৰি যোৱা কম্বলখন মা বা দেউতাই উঠাই দিয়ে। কেনেবাকৈ  ঠাণ্ডা লাগিলে আমিবোৰ অসুখত পৰিম। নিশ্চয় প্রিয়জনৰ এই কামটোৰ মাজতেই ভালপোৱা আছে। জনমৰ আদিম পুৱাতেই আইৰ আঁচলৰ উমাল ছাঁত পৃথিৱীৰ অনুপম ভালপোৱাবোৰ বিচাৰি পায় প্ৰতিটো সন্তানে। ভাল পাওঁ বুলি নোকোৱাকৈয়ে অনুভৱ কৰিব পৰাকৈ  হৃদয়খন ভৰাই দিব পৰা প্ৰিয়জনৰ বাবে নিশ্চয় আমি সকলোৱেই  কিবা এটা কৰিবলৈ চেষ্টা কৰো। সন্তানেও স্নেহৰ আলয়ত পিতৃ-মাতৃক ৰাখিবলৈ চেষ্টা কৰে সদায়। মাত্ৰ দুই এজন আমাৰ  মাজতো ব্যতিক্ৰম আছে। তেওঁলোকৰ কথা একো নকওঁ। নিজৰ সন্তান থাকিও অসহায় এটি সন্তানক পিতৃ- মাতৃৰ ছাঁয়া দি  ডাঙৰ কৰিলে ইয়াৰ মাজত লুকাই থাকে চিৰন্তন ভালপোৱা। নিজৰ প্ৰিয়জনৰ বাহিৰেও জীৱনৰ বাটত লগ পোৱা হাজাৰজন অচিনাকি ব্যক্তিও আমাৰ বাবে আপোন হৈ পৰে অজানিতে।এই আপোনত্বৰ মাজতেই আছে ভালপোৱাৰ  সেউজীয়া বীজ। ভালপাওঁ বুলি  আপোনাক অহৰহ কৈ নথকাকৈও আমাৰ কামৰ মাজেৰে সেই ভালপোৱা প্ৰকাশ কৰিব পাৰি। এজন মহানমনীষীয়ে কৈছিল, "যিজন ব্যক্তিয়ে আপোনাক তোষামোদ কৰিব পাৰে সেইজন ব্যক্তিয়ে আপোনাৰ অনুপস্থিতিত আপোনাৰ সমালোচনা কৰিবলৈও কুন্ঠা বোধ নকৰিব কেতিয়াও।"


যাদৱ পায়েং : প্ৰকৃতিক ভাল পাওঁ বুলি চিঞৰি নথকাকৈয়ে অৰণ্য মানৱ যাদৱ পায়েং নামৰ ব্যক্তিজনা আজি প্ৰকৃতিৰ বাবেই দেৱদূত হৈ পৰিল। আনুষ্ঠানিক শিক্ষা ল'বলৈ দৰিদ্ৰতাৰ বাবে সুযোগ নাপালে যদিও আজি কিন্তু তেখেতক সমগ্ৰ বিশ্বই চিনি পায়। যিজনাক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ''ভাৰতৰ অৰণ্য মানৱ" (Forest Man Of India) উপাধি প্ৰদান কৰিছে। ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা "পদ্মশ্ৰী বঁটাৰে" বিভূষিত কৰে ২০২০ চনৰ ১১ মাৰ্চত তেখেতে কমনৱেলথ পইণ্টছ অৱ ইণ্ডিয়া বঁটা লাভ কৰে। প্ৰকৃতিক ভালপোৱা আৰু ঈশ্বৰক ভালপোৱা নিশ্চয় একেই কথা এই অৰণ্য মানৱ জনাৰ বাবে।


দশৰথ মাজি : প্রিয় নাৰীগৰাকীৰ বাবেই দশৰথ মাজিয়ে ভালপোৱাৰ বাট কাটি উলিয়াইছিল। পাষাণ শিলেও ভালপোৱাৰ বাটত হেঙাৰ হৈ থিয় হ'ব পৰা নাছিল। তেওঁৰ মৰমৰ পত্নী ফাগুনীয়াক হেৰুৱাইছিল দশৰথ মাজিয়ে। সেইদিনাই তেওঁৰ বেদনা বিধুৰ হৃদয়খনে শপত লৈছিল ভালপোৱাৰ চিৰ সেউজীয়া এটি পথ তৈয়াৰ কৰাৰ। কথামতেই তেওঁ আগবাঢ়িছিল। বহুতেই তেওঁক বলিয়া আখ্যা দিছিল। দেহৰ ঘাম মাটিত পেলাই এটা হাতুৰী আৰু এটা চেনিৰে ২২ বছৰৰ অক্লান্ত শ্ৰম আৰু সাধনাৰে পাহাৰ কাটি কাটি উলিয়াইছিল ৩৬০ ফুট দীঘল, ২৫ ফুট গভীৰ আৰু ৩০ ফুট বহল বাট। এই বাট আকাংক্ষাৰ, এই বাট হেঁপাহৰ বাট আছিল। য'ত ভালপোৱাবোৰে প্ৰতিটো ক্ষণে অনুক্ষণে কৈ গৈছিল হীৰু দাৰ কবিতাৰ দৰেই- "প্ৰেম এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰায়।" দশৰথ মাজিৰ এই অসাধ্য সাধনে ৱৰীগঞ্জ আৰু আত্ৰীৰ দূৰত্ব  ৮০ কিলোমিটাৰৰ পৰিৱৰ্তে ১০ কিলোমিটাৰ চমুৱাই পেলালে। ভালপোৱাই অসাধ্য সাধন কৰাত প্ৰেৰণা দিয়ে অহৰহ প্ৰিয়জনক। পাষাণ পাহাৰটোৰ বাবেই ফাগুনীয়াক চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল।সেয়েহে সেই পাহাৰৰ দম্ভ দশৰথ মাজিয়ে তেওঁৰ ভালপোৱাৰে পৰাজিত কৰিছিল। ১৯৬০ চনৰ পৰা ১৯৮২ চনলৈকে ২২ বছৰ ধৰি শিলৰ পাহাৰ কাটি বাট উলিওৱা দশৰথ মাজিয়ে নতুন দিল্লীৰ এইমছত ২০০৭ চনত কৰ্কট ৰোগত শেষ নিশ্বাস ত্যাগ কৰিছিল। বিহাৰ চৰকাৰে তেওঁক ৰাজ্যিক সন্মানেৰে সৎকাৰ কৰিছিল। পদ্মশ্ৰী সন্মানৰ বাবেও তেখেতক মনোনীত কৰা হৈছিল। ২০১৬ চনত ভাৰতীয় ডাক বিভাগে তেওঁৰ ছবি সম্বলিত এটা ডাক টিকটৰ প্ৰচলন কৰে। সঁচাকৈয়ে ভালপোৱাক পৃথিৱীৰ একোৱেই বিছিন্ন কৰিব নোৱাৰে। ভালপোৱাৰ বাটত আছে প্ৰেমৰ সূৰুযমুখীৰ স্বপ্ন। দশৰথ মাজিক এই  অসীম শক্তি, সাহস আৰু প্ৰেৰণা দিছিল তেওঁৰ প্রিয় নাৰীগৰাকীয়ে। যাক  প্ৰখৰ ৰ'দ, ধুমুহা আৰু বৃষ্টিপাতেও টলাব পৰা নাছিল। তেওঁৰ হৃদয়ত আঁকি লোৱা পত্নী ফাগুনীয়াৰ ছবিখনে অহৰহ আগুৱাবলৈ কৈছিল জীৱনৰ দুৰ্বিসহ যান্ত্ৰনাৰ মাজত।



পলক মুচ্ছল : যি গৰাকী শিল্পীয়ে কেৱল আৰ্তজনক সহায় কৰিবৰ বাবেই বাছি লৈছিল সংগীত। তেওঁৰ সংগীতেৰে ধন উপাৰ্জন কৰি ২০০৬ চনলৈকে "পলক মুচ্চল হাৰ্ট ফাউণ্ডেচনে" ১.২কোটি টকা সংগ্ৰহ কৰি হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰত সহায় কৰি প্ৰাণ বচাইছে ২৩৪টা শিশুৰ। ২০০৯ চনৰ জুন মাহলৈকে বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান কৰি ১.৭১ কোটি টকা সংগ্ৰহ কৰি ৩৩৮ টা শিশুৰ প্ৰাণ বচাইছে। এতিয়ালৈকে এহেজাৰৰ ওপৰ শিশুৰ প্ৰাণ বচাইছে এই গৰাকী শিল্পীয়ে। অস্ত্ৰোপচাৰ কক্ষত চিকিৎসকৰ লগত পলকেও উপস্থিত থাকি গীতাৰ শ্লোক আওৰাই শিশুৰ প্ৰাণ ৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। ভালপোৱাৰ সেউজীয়া বাটেৰে পলক মুচ্চল নামৰ এই শিল্পীগৰাকীয়ে খোজ আগবঢ়াই আনৰ বাবেও আজি অনুপ্ৰেৰণাৰ উৎস হৈ আছে।


গ্ৰেটা থুনবাৰ্গ : মাত্ৰ ষোল্ল বছৰীয়া। যি গৰাকী কিশোৰীয়ে স্কুল যাবলৈ এৰি ২০১৯ চনত ছুইডেনৰ পাৰ্লিয়ামেণ্টৰ সন্মুখত বহি পৰিছিল। প্ৰকৃতিক ভালপোৱা ছোৱালীজনীয়ে প্ৰতিবাদ কৰিছিল তেওঁৰ  ভালপোৱা এনেকৈয়ে। প্ৰকৃতিক  ৰাষ্ট্রযন্ত্ৰৰ হাতোৰাৰ পৰা বচাবলৈ তেওঁ বিনা দ্বিধাই প্ৰশ্ন কৰিছিল বৰ মুৰীয়াসকলক৷ আৰু আজি গ্ৰেটা থুন বাৰ্গ আৰু তেওঁৰ সহযাত্রীসকলে প্ৰকৃতিক ভালপোৱাৰ বাবেই নিজৰ এই  সংগ্ৰাম অব্যাহত ৰাখিছে।


প্ৰশান্ত গাৰে : মধ্যপ্ৰদেশৰ এই যুৱকজনে হাত নোহোৱা ১৫০০ মানুহক কৃত্ৰিম হাত দিবলৈ সক্ষম হৈছে৷ প্ৰশান্ত আৰু তেওঁৰ সহযোগীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ হাত সংযোজন কৰি জীৱনক ভাল পাবলৈ আনি দিছে অদম্য সাহস। এই ভালপোৱাৰ বাটত অহা হাজাৰ বাধাইও যাক টলাব পৰা নাছিল।কেৱল মানৱসেৱা কৰি গৈছিল আৰু অকৃত্ৰিম ভালপোৱাবোৰ বিলাই দিছিল সমাজৰ মাজত।




মাদাৰ টেৰেছা : আৰ্তজনৰ হৃদয়ত এখন স্নেহৰ ঘৰ সাজিছিল মমতাময়ী এই নাৰীগৰাকীয়ে। আজি সমগ্ৰ বিশ্ববাসীয়ে নিৰ্মল হৃদয়ৰ নাৰী গৰাকীক ''মা'' সম্বোধনেৰে জীয়াই ৰাখিছে। ভালপোৱাৰ এই সেউজীয়া পথ পাবলৈ নিশ্চয় যুঁজিব লাগিব সময়ৰ লগত।

কৈলাশ সত্যাৰ্থী : ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰীলৈও  নিৰাশ্ৰয় শিশুক হেঁপাহৰ এখন আকাশ উপহাৰ দিব পৰাকৈ তেওঁ ভালপোৱাৰ সেউজীয়া বাটেৰে আগবাঢ়িছে। আজি তেওঁ অনাথ শিশুৰ ওঁঠত হাঁহি আঁকি দিব পৰাকৈ সক্ষম।


নীলপবন বৰুৱা আৰু দীপালি বাইদেউ : প্ৰেমৰ সেউজীয়া বন্দৰত আবদ্ধ দুটি আত্মা। প্ৰেমৰ সেউজীয়া বৰ্ণমালাৰে লিখা হৈ ৰ'ল নীলপৱন বৰুৱা আৰু দীপালি বাইদেউৰ আত্মিক প্ৰেমৰ কাহিনী। দুৰাৰোগ্য মটৰ নিউৰণ ৰোগত আক্রান্ত হৈও প্রিয় পুৰুষজনাৰ অম্লান ভালপোৱাৰ ঠিকনাটোত তেওঁ জিৰণি লৈছিল ওঁঠত স্নিগ্ধ হাঁহিটো সাৱটি। কপালত আঁকি দিয়া প্রিয় পুৰুষজনৰ ৰঙা বেলিটো সাৱটি বাইদেউ জীয়াই আছিল প্ৰেমৰ সেউজীয়া বন্দৰত। জীৱনৰ দুৰ্যোগবোৰ সাৱটি লৈ এই মহান পুৰুষজন প্ৰজ্ঞাৰ কক্ষপথত অটল হৈ থাকিল। সুদীৰ্ঘ বিবাহিত জীৱনত কেৱল মনৰ কথাবোৰ, হৃদয়ৰ ভাষাবোৰ পঢ়িব পৰাকৈ তেখেত আছিল ভালপোৱাবোৰ বিলাই দিব পৰাকৈ সক্ষম। মেহগনি ৰঙৰ প্ৰেমৰ আকাশখনক বুকুত সাৱটি মাত্ৰ সৌ সিদিনাহে ২০১৮ চনৰ ২৯ ডিচেম্বৰত বাইদেউ গ'লগৈ৷ কিন্তু ভালপোৱাৰ সংজ্ঞাৰে জুখিবলৈ আমাক বিশেষ ক্ষণৰ প্ৰয়োজন নহয়। কেৱল ভালপোৱাৰ কক্ষত নিজক সংপৃক্ত কৰিবলৈ প্ৰেমৰ ৰঙা গোলাপ পাহি প্রিয়জনে উপহাৰ নিদিলেও ভালপোৱাবোৰক জীৱনৰ উমাল পৰশেৰে নিজৰ দৰেই সজাই পেলাব পৰাকৈ আমি সকলোৱেই নিশ্চয় সক্ষম।

মা-দেউতাৰ বিনিময় বিহীন ভালপোৱাৰ মাজত আজিও নিজকে হেৰুৱাই পেলাওঁ নিৰিবিলি মুহূৰ্তত। ভালপোৱাৰ বাটেৰে আগুৱাই নিছিল চুলিভান নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে হেলেন কেলাৰক। জীৱনক ভাল পাবলৈ শিকাইছিল কেৱল মাত্ৰ স্পৰ্শৰ মাজেৰে।যি গৰাকী হেলেন কেলাৰ আজিও বিশেষভাৱে সক্ষমসকলৰ বাবে নিশ্চয় ভগৱান। ভালপাওঁ বুলি নোকোৱাকৈয়ে অনুভৱ কৰিব পৰাকৈ ভালপোৱা দিওঁ আহক। সুখবোৰ দুচকুত জিলমিলাই উঠক ন জীৱনৰ প্ৰৱেশ পথত।
(লেখাটো প্ৰস্তুত কৰোতে গুগলৰ সহায় লোৱা হৈছে)
ফোন : ৬০০৩৪৬৭৩৪২


Share:

Thursday, May 27, 2021

N.F. Railway, Tinsukia Division Recruitment 2021 : Apply for the Post of Para Medical Staff

N.F. Railway, Tinsukia Division Recruitment 2021 : N.F. Railway, Tinsukia Division, Assam has invited applications for the post of Para Medical Staff for COVID-19

ENGAGEMENT OF PARA MEDICAL STAFF FOR COVID-19 AT N.F. RAILWAY, TINSUKIA DIVisiON ON FULL TIME CONTRACT BASIS

In view of the exigencies related with the COVID-19 Global pandemic and adequate preparedness, Online Interview has been organised for engage of "Para Medical Staff in Group C" on contract basis for a period upto 30-09-2021 (or as extended by Railway Board) under Tinsukia Division. The Online interview through WhatsApp-Video-call will be conducted as under:
A) Category: Hospital Assistant (Level-1). Total vacancies: 14 (Break up: SC-02, ST-02, OBC-06& UR-02).

Age: 18 to 33 years as on date of notification, upper age relaxation for SC/ST=05 yrs, OBC=03 yrs. (OBC candidate must submit non creamy layer certificate).

Education Qualification: Minimum HSLC passed, or ITI from a recognised board/
institution.

(B) Category: Laboratory Superintendent (Level-6).

Total vacancies: 01 (Break up: UR-01). Age: 18 to 33 years as on date of notification, upper age relaxation for SC/ST=05 yrs, OBC=03 yrs. (OBC candidate must submit non creamy layer certificate).

Education Qualification: Minimum 12 (10+2) stage with Science plus Diploma in Medical Lab. Technology (DMLT).

(C) Category: Housekeeping Assistant
(Level-1).

Total vacancies: 13 (Break up: SC-02, ST-01, OBC-04 & UR-06).

Age: 18 to 31 years as on date of notification, upper age relaxation for SC/ST=05 yrs, OBC=03 yrs. (OBC candidate must submit non creamy layer certificate). Education Qualification: Minimum HSLC passed, or ITI from a recognised board/institution.

Date and time of WhatsApp-video-interview: Interview shall be conducted on whatsApp video call on 07-06-2021 to 11-06-2021 at 10.00 hrs. onwards everyday.

The interested eligible candidates fufilling the above coditions should send
scanned copy of their application duly filled/signed with copies of requisite certifcate/documents as mentioned in the application form (in a single PDF file) through email to apotsk72@gmail.com latest by 15.00 hrs. of 30-05-2021

Detailed notification containing eligibility criteria, remuneration and application format etc. is available at www.nfr.indianrailways.gov.in (general info-departments-personnel-Notice Board).

Advertisement Details:


Share:

কবিতা : অভিব্যঞ্জক সময়ৰ সংলাপ

 


অভিব্যঞ্জক সময়ৰ সংলাপ

শেৱালি বৰুৱা

দুঃসময়ৰ শিলালিপিত অংকন কৰিব নোখোজোঁ হৃদয়ৰ অভিব্যঞ্জনা;
প্রিয় কবি তোমাৰ শব্দৰ লহৰত
নিজম নিশা জোনাকৰ ফুলবোৰ
ফুলিলে মুৰুলীধৰৰ কাষলৈ
যাবলৈ বৰকৈয়ে মন যায় অ'!

তেওঁৰ বাঁহীৰ আকুলতাত নিৰ্বাপিত কৰিব খোজোঁ বেদনাৰে সী লোৱা মোৰ সপোনবোৰক!

তোমালৈ মনত পৰে শব্দেৰে মুখৰিত  হৈ পৰা সেই নিজম সন্ধ্যা নদীৰ বলুকাত বহি তোমাৰ
পৰা  এআকাশ সুখ

মোৰ হোৱাকৈ আজুৰিবলৈ মন যায়  প্রিয় কবি !
বসন্তৰ উতনুৱা শব্দেৰে লিখা চিঠিখন  সংগোপনে থাকিল
বুকুৰ অভ্যন্তৰত
কওঁ বুলিও নোকোৱাকৈয়ে ৰৈ গ'লো ওৰেটো সময় তোমাৰ
শব্দৰ সৈতে;
ভালপোৱা শব্দবোৰ  জীৱনৰ অস্তাচলত বুৰ গ'ল দুঃসময়ৰ
আবেলিটোত উর্ণনাভৰ আবেষ্টনীত!
উৰিয়ামৰ ছাঁয়া ঘন বননিত
খোপনি ল'লে এন্ধাৰৰ এযুগ
অপ্ৰকাশী তীব্ৰ বেদনাই;

বেদনাবোৰক মোহনাৰ বুকুৱেদি
ভহাই দিব পৰাহেঁতেন
শব্দৰ পুৰাতন পৃথিৱীৰ বসন্ত
ৰাগত সখিয়তিজনীক কাষলৈ
হাত বাউলি মাতিবলৈ এবাৰলৈ
মন গ'ল হেঁতেন প্ৰিয়কবি!

কিন্তু! দুঃসময়ৰ পৃষ্ঠাত  অৱসাদবোৰ সাৱটি লৈ
একোৱেই লিখিব পৰাকৈ
কলমটোক
মোৰ মন মগজুক
আজি দেখোন সাজু কৰিব
পৰা নাই কিয় নাজানো;

সময়ক ভৰসা কৰি আগুৱাই
যাব পৰাকৈ অক্ষম
মোৰ কলিজাত নিয়ম বৰ্হিভূত হাতুৰীৰ
কোব বৰকৈয়ে পৰিছে
মই নিয়ৰৰ সুমনত শায়িত হ'ব
খোজোঁ নিজৰ মাজতেই
অলপমান অৱকাশ বিচাৰি !
ফোন : ৬০০৩৪৬৭৩৪২



Share:

কবিতা : মৃত্যুৱে যেতিয়া কথা কয়

 


মৃত্যুৱে যেতিয়া কথা কয়

মনবীনী দাস

মৃত্যুৱে ক'লে-
অনুপম জীৱনৰ ঐক্যত অনৈক্য
হাঁহিৰ ভিন্নতা বিচাৰি এজাক..
কেতিয়াবা সাগৰ তলিত, কেতিয়াবা ডাৱৰৰ দেশত।
একেই সুৰৰ জাকৰ পেট-পিঠি একাকাৰ
অনাদৰ, অৱহেলা, উপেক্ষা
মই আহিবলে বাধ্য হওঁ।

নিয়ন্ত্ৰণহীন হৈ অবাধে ঘূৰি ফুৰে 'মই'ৰূপী লোভ, স্বাৰ্থ
জপিয়াই পৰে হিংসা
মোৰ উপায় নাথাকে।

মৃত্যুৱে পুনৰ ক'লে-
ফুল ক'লিত চোকা কাইটৰ আঁচোৰ
অসহনীয়!
মুক্তি দিওঁ ফুলপাহক।

নিয়মত, নিয়ম মোৰো প্ৰিয়।
নিয়মহীনতাই যেতিয়া হেঁচুকি ধৰে
সময়ৰ আগত আহিবলে বাধ্য হওঁ।

জন্মৰ দৰে চিৰসত্য মই।
সুন্দৰৰ সাধনাত মই অমৰ।
কৰ্মই ধৰ্মৰ সাধনাত মই অমৰ।

শুকান নিৰস নৈখন দেখিলে ৰৈ যাওঁ
ধৰিত্ৰী আই নাৰাজ হ'লে মোৰ যে উপায় নাথাকে

সেউজ পথাৰৰ নীলাক অভিমান কৰি যেতিয়া ব্ৰুজ খালিফাক বিচাৰে,
মন যায় ফাগুনী সৰাপাতহীন অট্টালিকা এটি সাজিব
মন যায় বহাগৰ বৰষুণহীন মঙলত অতি-আধুনিকতাবাদীক আদৰ কৰিবলৈ।

পৃথিৱীখন নিভাঁজ হওঁক
কেঁচা মাটিৰ গোন্ধত উম লওঁক কেঁচুই
নিয়মত, নিয়ম মোৰো প্ৰিয়।
ফোন : ৯৫০৮৫৬০৪৮৫


Share:

কবিতা : মাটিৰ মানুহ

 


মাটিৰ মানুহ

প্ৰতিভা ভাগৱতী শৰ্মা

ক'ত বা আছে তেওঁ...?
কোন...?

মাটিৰ মানুহ।

চ'তে চিৰালফাট দিছেই
কালিলৈ শাওনৰ ঢল আহিব
তেওঁহে নাই...

পূবে ৰঙাঘোঁৰা দৌৰিছে
ৰঙা চাহৰ বাতিটোৱে জিভাখন পুৰিলে
গোহালিৰ বলধহালে হেম্বেলিয়ালে

এতিয়া তেওঁ নাই
বলধহালো নাই
তেওঁতকৈ আগতেই গ'লগৈ
নাঙলৰ সীৰলুত মামৰে ধৰিছে
নাঙলৰ কাঠ ঘূণে কুটিছে
ঘামে  সিক্ত শৰীৰটো নিঃশব্দে শুইছে

মাটিৰ সৰগ ৰচা নহ'ল
নাঙলৰ সীৰলুত সোণগুটিৰ জাহ গ'ল

ডিঙিটো ঘূণে ধৰিলে তেওঁৰ
মই বলধহাল মহাজনক দিলোঁ
লাভালাভৰ হিচাপ নহ'ল
তেওঁ গ'লগৈ...

এতিয়া নিঃশব্দে বিচাৰি ফুৰিছোঁ মই
মৰুভূমিৰ প্ৰান্তৰৰ পৰা পথাৰৰ বুকুলৈকে

কিজানিবা
মাটিৰ সৰগৰ আপাহতে তেওঁ জীয়ন দি আছেই।
ফোন : ৯১০১৮৩৭২১২


Share:

Wednesday, May 26, 2021

কবিতা : ছাই বৰণীয়া শাৰীখন

 


ছাই বৰণীয়া শাৰীখন

নিবেদিতা ভৰালী

ছাই বৰণীয়া শাৰীখন
পাৰিটোত জামু বৰণৰ সৰল ৰেখা
তোমাৰ মনত আছেনে?

দেহাটোক আৱৰি ৰখা
ছাই বৰণীয়া শাৰীখন
হয়তো তোমাৰ প্ৰিয় আছিল
সহজভাৱে মেৰিয়াই থৈছিল
তোমাৰ শৰীৰ।

চঞ্চলা বয়সত
চঞ্চল বতাহে
শাৰীখনক বিচলিত
কৰিব পৰা নাছিল।
এই শাৰীখন তোমাৰ
প্ৰিয় আছিল নে নাজানো!

এই শাৰীখনে
তোমাক দি থৈ গৈছিল!
এক সুকীয়া পৰিচয়।

বয়স চঞ্চলা
মনত গাম্ভীযৰ্তা
এক শালীনতা বহন কৰা
ছাই বৰণীয়া শাৰীখন
জামু বৰণৰ সৰল ৰেখাবোৰ

আছেনে সজীৱ হৈ তোমাৰ মনত।
আছেনে সজীৱ হৈ তোমাৰ মনত।।
ফোন: ৯৪৩৫৯৭৯৫১৫



Share:

Tuesday, May 25, 2021

কবিতা : কি লিখিম

 


কি লিখিম 


ৰঞ্জিতা শৰ্মা 


 মৰম ভৰি থকা এখন অন্তৰ

বুজাই অনুভৱ কৰে,

নুবুজাই আলৈ এথানি,


প্ৰতিটো পুৱা

প্ৰতিটো সন্ধ্যা

প্ৰতিটো ৰাতি

তোমাৰ অপেক্ষাত,

মোৰ মৰম,

মোৰ আশা,

থাকিব গোটেই জীৱন,

কিমান যে কথা সাঁচি থৈছোঁ

আহিবাচোন...




Share:

কবিতা : অপেক্ষা

 


অপেক্ষা

অনামিকা ভূঞা

কাইলৈ কি হ’ব নাজানো
আজি যি হ’ল হৈ গ’ল

কাইলৈ তোমাক
আজিৰ দৰে পাম নে?

মনটোত সদায় এটাই কথা
আজি যিদৰে
তোমাক পালো
কাইলৈ তেনেদৰে পাম
তাতকৈ বেছিকৈ পাম

অতীতটো ইতিহাস হ’ল
মন গ’লে পাগুলি চাও

আজিটোও অতীতমুখি হ’ল

আগত কি আছে নাজানো
ৰৈ আছেনে বাৰু
সুখৰ বোৱতী নদী?

আজি মনলৈ আহিল
হৈ যোৱাবোৰ
যি এতিয়া কেৱল স্মৃতি

ৰৈ আছো
মাথোঁ
এক সুন্দৰৰ অপেক্ষাত
ফোন : ৮৮৭৬৫৫১৯৭৯



Share:

অনু গল্প : জীৱন

 


                                    জীৱন

                              নিবেদিতা ভৰালী      

      সবিতাই ভৰি দুখন মেলি চিকিৎসালয়ৰ বিচনাত চিট‌‌‌ খাই পৰি চকু দুটা মুদি আছে। মাজে মাজে প্ৰসব বেদনাত তাই চিঞৰি উঠে। তেতিয়া তাইৰ মাকে কপালত হাত ফুৰাই কয়,ক ষ্ট নোপোৱাকৈ মাক হ'ব কোনেও নোৱাৰে অ'। সহ্য কৰ, ধৈৰ্য ধৰ। মাকৰ মনোবলত তাই সাহস পালে। তাইৰ এটি কন্যা সন্তানৰ জন্ম হ'ল।


      সবিতাই আজি চকু পানী মচি মচি মাকৰ ছবি খনিক প্ৰশ্ন কৰিছে....


        মা... জীৱন সংগ্ৰামত যুঁজ দি থাকোতে থাকোতে নিজৰ চেহেৰাৰ কথা পাহৰিয়েই পেলাইছিলো।সবিতাৰ মুখমণ্ডলত সহস্ৰ বলিৰেখাৰ স্পষ্ট চিন। তাই আৰ্চীত তাইৰ প্ৰতিচ্ছবিটোত আঙুলিবোৰে কথা পাতে। চেঁচা বতাহত তলুৱাৰ ৰংবোৰ পশ্চিমৰ আকাশলৈ উৰি গৈছে।


      চকুলোৰে তিতা হাতখনে মাকক মৰম কৰিছে। সৰু সবিতাজনীয়ে বিছনাত পৰি আছে। মই চাই থাকিব পৰা নাই অ' 'মা'। তুমি দিয়া মনোবল লুপ্ত হোৱাৰ উপক্ৰমৰ পথত।
  আ... বৰ কষ্ট।


      নিৰ্জনতাৰে মেৰিয়াই ধৰিছে। কঠিন ধৰিব নোৱৰা এটা জোৱাৰ। সৰু সবিতাৰ কাষৰ বিছনাত থকা মানুহবোৰে কিহবাৰ অভাবত হাহাকাৰ কৰিছে।


      চাৰিওফালে মানুহৰ লানি নিছিগা শাৰী। সকলো একে ৰোগৰ পথিক। উশাহত বিঘিনি ঘটিছে। ঈশ্বৰ প্ৰদত্ত নিশ্বাস ল'বলৈ কঠিন হৈ পৰিছে। মাৰাত্মক জীৱই চেপিব লাগিছে। ফলত আকৌ লানি নিছিগা শাৰী এডোখৰ মাটিৰ বাবে।


      আ...তোমাৰ সৰু সবিতাৰ কাষত সুস্থিৰে ৰৈ থকা মোৰ পক্ষে অসম্ভৱ হৈ উঠিছে।


      আ... তাতোকৈ তোমাৰ চকুহালকে দিয়া। চকুৰ পতাত ময়ে লুকায় যাওঁ।
ফোন: ৯৪৩৫৯৭৯৫১৫


Share:

Monday, May 24, 2021

কবিতা : ফৰ গেট মি নট

 


ফৰ গেট মি নট

নিবেদিতা ভৰালী

আহিছিলা দুপৰ বেলা
    ভাগৰুৱা শৰীৰে
আনিছিলা দুখনি হাতত
   'ফৰগেট মি নট।'

চোৱা,
তোমাৰ বাবে আনিছো
সুগন্ধি ফুল
কৈছিলা,
মোক পাহৰি নাযাবা সোণ।
মই নাথাকিলেও
সোঁৱাৰাব তোমাক
বেঙুনীয়া ৰঙৰ
ফৰগেট মি নটে।

মৰমত বাধা আহি
কাল ধুমুহাই নিলে কাঢ়ি
তোমাৰ সৰ্বশৰীৰ।
তথাপিতো ৰাখিছো জীয়াই তোমাক
চৌপাশে ফুলি থকা
ফৰ গেট মি নটৰ মাজত।

চৌদিশে শূন্যতা
চৌদিশে এন্ধাৰ
তথাপিতো আছো জীয়াই
মন জীপাল কৰি।

চৌপাশৰ সুগন্ধিয়ে
নিশাটো কৰে পাৰ
দুচকুত ভাহিঁ আহে
স্বপ্নৰ
ফৰ গেট মি নট।
ফোন : ৯৪৩৫৯৭৯৫১৫



Share:

কবিতা : কৃষ্ণচূড়াৰ হাঁহি


 কৃষ্ণচূড়াৰ হাঁহি

অনামিকা শইকীয়া দত্ত

মোৰ বুকুত গুজি দিলা
দুটি কৃষ্ণচূড়াৰ পুলি
আটোমটোকাৰিকৈ ডাঙৰ কৰিলোঁ
তুলিতালি

খং, মৰম, আবদাৰ আৰু সাৰ-পানীদি
একলা দুকলাকৈ বাঢ়ি আহিল
মোৰ পুলি দুটি

আজি মই আকাশলৈ চাওঁ মূৰ তুলি
কৃষ্ণচূড়াৰ ৰঙা ফুলে মোৰ হৃদয়ত
তোলে খলকনি

অহংকাৰেই নে গৌৰৱ নুবুজোঁ
আপোন পাহৰা হওঁ
সিহঁতৰ খিলখিল হাঁহিবোৰ শুনি।
ফোন : ৯১০১১৪৪৮৪৩



Share:

Sunday, May 23, 2021

কবিতা : মোৰ বাবে

 মোৰ বাবে


অনামিকা শইকীয়া দত্ত


মোৰ বাবে ৰুইছিলা 

এজোপা খৰিকাজাঁই

গোন্ধত আমোল মোল

মোৰ গধূলি চোতাল

তুমি ল'বলৈ নাপালা

তাৰ মিঠা সুবাস।


তাৰ গোন্ধ বিয়পে

মোৰ চৌপাশ 

সুবাসিত কৰে মোৰ

মন আকাশ

নিতৌ গধূলি হোৱালৈ মোৰ

বাট চোৱাৰ পাল।

ফোন : ৯১০১১৪৪৮৪৩

Share:

কবিতা : তুমি

 


তুমি

অনামিকা ভূঞা

তুমি ৰুৱা কৰবীজোপাৰ
ফুলবোৰ আজিও দি আছো পূজাত

নদীখনৰ দৰে
মোৰ শিৰা-উপশিৰাত
বৈ আছে তোমাৰ সুবাস

তুমি মোৰ বুকুত
নিতৌ সজীৱ হৈ থকা
এপাহি ৰক্ত গোলাপ
ফোন : ৮৮৭৬৫৫১৯৭৯

Share:

Saturday, May 22, 2021

কবিতা : আত্মকথা


 আত্মকথা


অনামিকা শইকীয়া দত্ত


আজি ৰাতিয়েই শেষ ৰাতি কোনে জানে

কাইলে ৰাতিপুৱা দেখিমনে নাই

যন্ত্ৰনাই কোঙা কৰা বুকুখন

প্ৰতিটো ৰাতিয়েই দীঘলীয়া হয়৷


বিষাদক বিদায় দিয়াটো বৰ কঠিন

আঁতৰি নাযায় সহজে

কুৰুকি কুৰুকি ঘৰ সাজে বুকুত

বহুত দিনলৈ নজহা নপমাকৈ।


কিছুমান নতুনকৈ যোগ হয়

সাতে-পাঁচে মিলি এক দীঘলীয়া যাত্ৰা৷


সকলো থাকিও একো নথকা

একো কথা কাকো ক'ব নোৱাৰাকৈ 

তেতিয়াৰ পৰাই উদং হয় যেতিয়া

দুপৰৰ বতাহজাকে তচনচ কৰে

বুকুত বান্ধি লোৱা ঘৰখন।


 দুচকুত ওলমি থাকে 

পৰো নপৰোকৈ থকা

দোটোপাল চকুলো

কিবা এটা কও নকওকৈ ওঁঠ দুখন কঁপি থাকে 

কথাবোৰ ওলাই নাহে। 


কথা ক'ব নোৱাৰা যন্ত্ৰনাই

বুকুখন হেঁচা মাৰি ধৰে

যেন এটা গধুৰ শিল পৰি ৰ'ল বুকুত।

ফোন : ৯১০১১৪৪৮৪৩

Share:

Friday, May 21, 2021

কবিতা : তুমি


 তুমি


নিবেদিতা ভৰালী



তুমি অহাৰ বাটত 

বেলিটোৱে বিদায় লয়

তুমি অহাৰ বাটত

এটা দিনে বিদায় লয়


তুমি অহাৰ পৰত

খৰিকাজাঁয়ে সুগন্ধি বিলায়

তুমি অহাৰ পৰত

জোনাকী পৰুৱাই পোহৰ চটিয়ায়


তুমি কাৰ বাবে আনা

আপোন বতৰা

তুমি কাৰ বাবে দিয়া

যৌৱনৰ মাদকতা


Share:

Wednesday, May 19, 2021

Deputy Commissione, Barpeta Recruitment 2021 : Apply for the Post of Head Assistant

Deputy Commissione, Barpeta Recruitment 2021 : Deputy Commissione, Barpeta, Assam has invited applications for the post of Head Assistant.

In pursuance of approval accorded by the Commissioner, Lower Assam Division,
Guwahati, vide letter No RR.28/2017/260 dtd.23/02/2021, applications are invited
from intending candidates in the Standard Form of Application for filling up the post
of "HEAD ASSISTANT" of Barpeta Sadar Sub-Division under the amalgamated
establishment of the Deputy Commissione, Barpeta in the Scale of Pay (PB-3 Rs.
22000/- 97000/- +Grade pay Rs.10300/-) (revised) pm plus other allowances as admissible as per provision of R.0.P 2017 and under the Assam Ministerial District Establishment Service Rule, 1967, as amended vide Govt. Notification No. GAG (B)
306/2014/Pt-1/22 dated 15/10/2015.

The candidate should have rendered his service as Supervisory Assistant rendering not less than "2 years" of continuous service as "Supervisory Assistant" in the amalgamated establishment of the Deputy Commissioner, Barpeta, provided that 1st year of joining shall be treated as complete year irrespective of the date and month of his/her joining during that year.

Application stating Age, Educational Qualification. Present and Permanent Address including Experience of Incumbency in different branches supported by attested copies of certificates, a copy of 'recent passport size photograph along with ACRs of last 5 (five) consecutive years should reach the office of the undersigned on or before 16/06/2021 from the date of publication of the advertisement together with a copy of Treasury Challan of Rs. 250.00 (Rupees Two Hundred Fifty) only, in case of SC/STcandidates Rs. 150.00 (Rupees One Hundred Fifty) only as application fees to be deposited in Treasury Office under the Head of Accounts "0070-Other Administrative Services 60-other services 800-other receipt".

Application should be submitted through proper channel with service particulars and candidates will have to appear before an Interview Board at their own expenses as and when called for. No TA/DA will be admissible for the journey.

Share:

Tuesday, May 18, 2021

Army Institute of Nursing, Guwahati Admission Notice 2021 : M. Sc Nursing 2021

Army Institute of Nursing, Guwahati Admission Notice 2021 : M. Sc Nursing 2021. 


Mobile No : 6901299910

E-mail : ainguwahati@yahoo.co.in


Application Form available on website: www.ainguwahati.org


Filled application form with connected documents and fees to be submitted to Army Institute of Nursing, Clo 151 Base Hospital, Basistha, Guwahati, Pin - 781029 by 19 June, 2021 (without late fee) & 30 June, 2021 (with late fee).


Advertisement Details : 


Share:

Cotton University, Guwahati Recruitment 2021 : Apply for the Post of Junior Research Fellows

Cotton University, Guwahati Recruitment 2021 :  Cotton University,  Panbazar, Guwahati:781001, Assam has invited for the recruitment of Junior Research Fellows (JRF). Website: www.cottonuniversity.ac.in

Selection of Junior Research Fellows 

Applications are invited for the recruitment of two Junior Research Fellows (JRF) for the project entitled "Enhancing Security using Lightweight Cryptography in loT with OneM2M as the Service Platform and 3GPP-5G as the Underlying Communication Network" sponsored by MeitY, New Delhi.

Interested candidates are requested to send a copy of the biodata and scanned copies of Marksheets, Certificates, Testimonials, etc. to Dr H Choudhury, Department of Computer Science & IT, Cotton University (Pl) via Email (hiten.choudhury@cottonuniversity.ac.in) on or before 22nd May 2021. For details visit: www.cottonuniversity.ac.in

Share:

Monday, May 17, 2021

কবিতা : সাম্প্ৰতিক



সাম্প্ৰতিক

উৎপল ভূঞা

ইয়াত এতিয়া তুমি নাই
ইয়াত এতিয়া মই নাই

উলংগ হৈ আছে ৰাজপথ

আপোনমনে বিচৰণ
এজাক মৌন ভাষাৰ জীৱ

এতিয়া তুমি মোৰ ওচৰলৈ নাহা
এতিয়া মই তোমাৰ ওচৰলৈ নাযাওঁ

ওচৰলৈ নোযোৱাকৈ
আজি আমি আপোন
ওচৰলৈ নহাকৈ
আজি আমি সুহৃদ
ফোন নং : ৮৪০৪০১০৯২২

Share:

Wednesday, May 12, 2021

Institute of Advanced Study in Science and Technology, Guwahati Recruitment 2021 : Apply for the Post of Driver

Institute of Advanced Study in Science and Technology, Guwahati Recruitment 2021 : Institute of Advanced Study in Science and Technology (An Autonomous Institute under

Department of Science and Technology Govt. of India), Paschim Boragaon, Garchuk Guwahati-781035, Assam has invited applications for the post of Driver.

Name of the Post : Driver
No of post: 1

Applications are invited for recruitment for the following positions at the Institute of Advanced Study in Science and Technology (IASST), Garchuk, Guwahati (Assam).

Pay Level: Pay Level 2. (Scale of Pay: Rs. 19,900/- to Rs. 63,200/- plus other admissible allowances).

Interested candidates may apply online on or before 02/06/2021 upto 5.00 PM. Only short listed candidates will be called for written test/skill test/interview. For details of the advertisement, application submission and other details, please see the Institute's website: www.iasst.gov.in

Advertisement Details :


Share:

Wednesday, May 5, 2021

Dikhowmukh College Recruitment 2021 : Apply for the Post of Assistant Professors

Dikhowmukh College Recruitment 2021 : Dikhowmukh College, Moglow, Sivasagar, Assam has invited applications for the post of Assistant Professors.

In pursuance of DHE's Letter No DHE/CE/Misc/12/2020/4 dated Kahilipara, the 6th February, 2020 applications are invited in the format prescribed by the DHE, Assam along with complete Bio Data and all testimonials from H.S.L.C. onwards from eligible candidates for filling up the following vacant sanctioned posts of Assistant Professors at Dikhowmukh College, Sivasagar.

1. Political Science 1 SC (R.P. NO. 8)
2. History 1 UR (R.P. No. 23)
3. Sociology 1 UR (R.P. No. 19)

Qualification and selection procedure: - As per Govt. O.M No. AHE.407/2017/44 dated 08.11.2018 the candidates must have minimum 55% marks (a relaxation of 5% may be provided to SC/ST/PWD category) at the master degree level in the concerned subject. The candidates must have cleared the NET/SLET/SET. Candidates having Ph.D degree in accordance with UGC Regulation, 2009 shall be exempted from NET/SLET/SET. A relaxation of 5 % may be provided to the Ph.D degree holders, who have obtained their Master Degree prior to September 19, 1991. The candidates must have PRC and must know the local language. In service candidates must apply through proper channel.

Age: Not more than 38 years as on 01/01/2021 with relaxation of 5 years for SC/ST/PWD and 3 years for OBC/MOBC candidates.

Application with relevant documents along with a Bank Draft of Rs. 2000/- only in favour of the Principal, Dikhowmukh College payable at UCO Bank, Dikhowmukh Branch (IFSC Code UCBA0001384) must reach the undersigned within fifteen days from date of publication of this advertisement. Incomplete/defective applications will be rejected at the time of scrutiny and no call letter will be issued to such candidates.

Advertisement Details:


Share:

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages