Wednesday, February 10, 2021

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসমত নিযুক্তি ২০২১ : গ্ৰাম্য সখী (Women Mate) পদৰ বাবে আবেদন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসমত নিযুক্তি ২০২১ : আয়ুক্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসমত গ্ৰাম্য সখী (Women Mate) পদৰ বাবে আবেদন৷


মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ ( মহাত্মা গান্ধী এন ৰেগা) অধীনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা 'গ্ৰাম্য সখী'  (Women Mate) নিয়োগৰ এক নতুন পদক্ষেপ লোৱা হৈছে৷ এই গ্ৰাম্য সখীসকলে মহাত্মা গান্ধী এন ৰেগা আঁচনিৰ অধীনৰ জব কাৰ্ডধাৰীসকলে কৰা কাৰ্যসমূহ চোৱাচিতা কৰিব৷


১৮ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলা, সপ্তম শ্ৰেণীলৈকে পঢ়া, দীন দয়াল অন্তোদয়া আঁচনি-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্য, জব কাৰ্ডধাৰী তথা বছৰটোত মহাত্মা গান্ধী এন ৰেগা আঁচনিৰ অধীনত নিন্মতম ৩০ দিন কাম কৰা মহিলাসকলে এই গ্ৰাম্য সখীৰ বাবে আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব৷ আৰ্থ-সামাজিক আৰু জাতি পিয়লৰ ২০২১ চনৰ প্ৰতিবেদনত উল্লেখিত অনুসৰি বঞ্চনাৰ মানদণ্ড পূৰ্ণ কৰা পৰিয়ালৰ মহিলাসকলকহে অগ্ৰাধিকাৰ দিয়া হ’ব৷ এই গ্ৰাম্য সখীসকলক প্ৰতি দিনৰ নিৰীক্ষণ কাৰ্যৰ বাবে বৰ্তমান ২৮০ টকাকৈ মজুৰি দিয়া হ’ব৷


(প্ৰ-পত্ৰসমূহ পঞ্চায়ত কাৰ্যালয় তথা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়সমূহত উপলব্ধ হ’ব আৰু সেই কাৰ্যালয়সমূহত ১৫ ফেব্ৰুৱাৰী ২০২১ৰ পৰা ৫ মাৰ্চ ২০২১ৰ ভিতৰত পূৰণ কৰি জমা দিব পাৰিব৷)

Share:

0 comments:

Post a Comment

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages