2021 ~ JOBON.IN

Saturday, October 23, 2021

Assamese Poem : দৃষ্টি



 দৃষ্টি

অৰ্চনা হাজৰিকা


প্ৰথমে তুমি নিজক চাবা

কৰিছা কি কৰিবা কি

পাছত তুমি আনক চাবা।

কেতিয়াবা তুমি তোমাক বিছাৰ কৰিছানে?

ভিতৰলৈ ভুমুকি মাৰি চোৱাচোন

মনৰ জাৱৰ বিলাক গুচাই পেলোৱা।

চৌপাশৰ লেতেৰাবোৰ পৰিস্কাৰ কৰা।

মনটো নিকা কৰা।

উকা হৈ থকা মনৰ দাপোনত নিজকে চোৱা

উকমুকনি দি থকা উন্মনা মনক

শান্ত কৰা।

উপায়হীন হ'লে ভগৱানক সুধা

তোমাক তেওঁৱেই উত্তৰ দিব।



বিছাৰি নোপোৱা সমাধান

তাতেই তুমি বিছাৰি পাবা

মলিয়ন হোৱা  মনৰ কামিজটো

সোলোকাই থোৱা।

Share:

Wednesday, October 20, 2021

Assamese Cinema : Sakuntala

 


শকুন্তলা

উৎপল মেনা


‘ভূপেন হাজৰিকাই অসমীয়া ভাষাত তােলা এই ছবিত মহাকবি কালিদাসৰ ‘অভিজ্ঞান শকুন্তলম' নাটকখনক মনত ৰাখিছে।' —অসমীয়া অনুবাদ কৰিলে এনে ধৰণৰ হব ‘দেশ’ত প্রকাশিত অসমীয়া চিনেমা 'শকুন্তলা’ সম্পৰ্কত লিখা বাক্যকেইটা। 'শকুন্তলা’ ভূপেন হাজৰিকাৰ চিনেমা। চিত্রনাট্য, সংগীতসূর্য ড° ভূপেন হাজৰিকাৰ। চিত্ৰগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১ত। চিনেমাখনৰ কেইটামান ‘অংশ’হে চোৱাৰ সুযােগ পাইছিলোঁ। এটা ‘অংশ’ত দেখিছিলোঁ পবিত্র বৰকাকতি, অনিতা বেনাৰ্জী আৰু এগৰাকী শিশু শিল্পীক। অনিতা বেনাৰ্জীৰ লগত এটা ‘অংশ’ত দেখিছিলোঁ ইভা আচাও আৰু কৃষ্ণা দাসক। অনিতা বেনাৰ্জীয়ে অভিনয় কৰিছিল শকুন্তলাৰ চৰিত্ৰত। বিপৰীতে দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছিল পবিত্র বৰকাকতিয়ে। ইভা-কৃষ্ণাই অভিনয় কৰিছিল প্রিয়ম্বদা-অনুসূয়াৰ চৰিত্ৰত। —এটা অংশ’ত দেখিছিলোঁ দুর্বাসাৰ চৰিত্ৰত কৰা ফণী শৰ্মাৰ অভিনয়। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল খগেন মহন্ত, ৰেবেকা চাচা আচাও, কুলদা কুমাৰ ভট্টচার্য, দেৱবালা চলিহা, দীনকৰ ৰাও আদিৰ লগতে শিশু শিল্পী বিদ্যা ৰাৱে। —হয়, অসমীয়া চিনেমাৰ পৰৱৰ্তী সময়ৰ নায়িকা বিদ্যা ৰাৱে।


শকুন্তলা’ৰ সংগীত আছিল জনপ্রিয় চিনেমাখনৰ দৰেই। অৱশ্যে পিছৰ প্ৰজন্মই চিনেমাখন চোৱাৰ সুযােগ নাপালে। সংৰক্ষণৰ অভাৱত। 'প্রথম প্রহৰ ৰাত্রি ...', 'নৱমল্লিকাৰৰে হেঁপাহ জানাে পলাব ...', 'পিতৃগৃহ ত্যাগী আই ...', “প্ৰজন্মৰ পিছত প্ৰজন্মৰ শ্ৰোতাই আদৰি লৈছিল। এই প্রজন্মৰ মুখতাে শুনা যায়। সেই সময়ৰ সমালােচকসকলে গীত, গীতৰ চিত্রায়ণ, আৱহ সংগীতৰ প্রশংসা কৰিছিল। প্রশংসা কৰিছিল ‘চিনেমেটিক’ কাৰবাৰৰ। 'শকুন্তলা’ অন্তঃসত্ত্বা হােৱা কথাটো দর্শকক বুজাইছিল ফুলৰ কলি— কলি ফুলি উঠা দৃশ্যৰে। ... এহাল কপৌৰ মিলনৰ মাজেৰে দৰ্শকক বুজাইছিল দুষ্মন্ত- শকুন্তলাৰ মিলন।... ইত্যাদি। –প্রাপ্ত তথ্য মতে গুৱাহাটীৰ চিত্ৰগৃহত 'শকুন্তলা’ চলিছিল ৯ সপ্তাহ। '

বক্স অফিচ কালেকচন’– ৫৯,২১২.০৬ টকা। আনহাতে চিনেমাখনে লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক।


Share:

Wednesday, October 6, 2021

Assamese Cinema : Manumoti


মনােমতী

উৎপল মেনা

‘ছায়াবাজি’– চিনেমা নুবুজা বয়সতে আমি চিনেমা উপভােগ কৰা মাধ্যম। ১৯৮১-৮২ চন। সেই সময়ত আমাৰ গাঁৱত চিনেমা চোৱাৰ অন্য উপায় নাছিল। ৯-১০ কিলােমিটাৰ দূৰত থকা ভাৰতীয় টকীজ বা নলবাৰী নাট্যমন্দিত চিনেমা চোৱাৰ অনুমতি পােৱা নাছিলাে বাবে ‘ছায়াবাজি’তে চিনেমা চোৱাৰ হেঁপাহ পূৰণ কৰিছিলাে। ‘মনােমতী’ অসমীয়া ‘কথাছবি’খনৰ কেইটামান ছিকুৱেন্স আমাৰ গাঁৱলৈ অহা ‘ছায়াছবি’তে চাইছিলাে। এটা গীতৰ কিছু অংশ দেখুৱাইছিল— কুহু কুহু বুলি তই মৰ পুৰি
অগনি জ্বলাৱ গাত...'

গীতাংশ আমাৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছিল। পৰৱৰ্তী সময়ত চিনেমাখন চোৱাৰ আশাৰে বহুজনৰ ওচৰ চাপিছিলাে, কিন্তু সকলােৰে মুখত এটায়ে উত্তৰ-প্রিণ্ট নষ্ট হৈছে। মাত্র এটা প্রিণ্টহে আছে। ৩ এপ্রিল, ১৯৪১ চনত চিত্ৰগৃহলৈ অহা চিনেমাখনৰ ‘নতুন প্রিন্ট’ এটা উলিয়াইছিল ১৯৬৭ চনত। আমি ‘ছায়াছবি’ চোৱা ছিকুৱেন্স কেইটা সম্ভৱতঃ ১৯৬৭ চনৰ। এই খিনিতে কেইটামান তথ্য : অসমীয়া চিনেমা ‘অধ্যয়ন কৰাৰ সময়ত আমি স্পষ্ট হ’ব পৰা নাই ‘মনােমতী’ তৃতীয়খন নে চতুর্থ অসমীয়া চিনেমা। কেইবাগৰাকীয়াে চিত্র সাংবাদিকৰ মতে— তৃতীয়। আমি সংগ্রহ কৰা তথ্যত কিন্তু স্পষ্ট ‘মনােমতী’ৰ পূর্বে চিত্রগৃহলৈ আহিছিল ‘জয়মতী’ (১৯৩৫), ‘দেৱদাস’ (১৯৩৯), ‘ইন্দ্ৰমালতী’ (১৯৩৯)। জয়মতীৰ চিত্রনাট্য ৰচনা কৰিছিল উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ একে নামৰ উপন্যাসৰ আধাৰত।

কাহিনী : বৰপেটা সত্ৰ। ৰাস-পূর্ণিমা৷ লক্ষ্মীকান্ত-মনােমতীৰ দেখা-দেখি।

দুয়ােৰে মনত ‘ভাল লগা-ভাল লগা’ অনুভৱ হয়। প্রেমৰ গল্প আৰম্ভ হয়। স্বাভাৱিক কাহিনী ‘প্রেম গল্প’লৈ আহে সমস্যা। মনােমতীৰ ধর্মীয় পিতৃ আৰু লক্ষ্মীকান্তৰ পিতৃ ক্রমে বৰনগৰৰ চণ্ডি বৰুৱা, যুগীৰ পামৰ হৰকান্ত বৰুৱা। পূর্ব পুৰুষৰ পৰায়ে তেলপানী সদৃশ দুটা শিবিৰ। ‘প্রেম কাহিনী’ সােমাই পৰে মানৰ আক্ৰমণৰ মাজত।

স্বাভাৱিকতে চিনেমাখনৰ পৰিচালনা শৈলী ‘কথাছবি’ স্তৰৰ। কাহিনীৰ গতি অতি মন্থৰ। ছিকুৱেন্স নির্মাণত সংলাপ আৰু ‘ছাবজেক্ট মুভমেণ্ট’- এই পৰিচালকৰ ভৰসা। মন চুই যোৱা৷ অভিনয় — শূন্য।

বজাৰ : চিনেমাখন নির্মাণত প্রযােজকে খৰচ কৰিছিল প্রায় ১৫ হাজাৰ টকা। প্রযােজকৰ লাভ হােৱা নাছিল।

Share:

Monday, October 4, 2021

Assamese Poem : নদী আৰু নাৰী

 


নদী আৰু নাৰী ......কথোপকথন

মনবীনী দাস


নদী :  ৰূপৰ কোঁৱৰৰ সপোনৰ দৰে মই

          জীৱন কঢ়িয়াও

          জগাই আত্মিক স্পৃহা।

নাৰী : মই জীৱন নদী 

          প্ৰাপ্তি-অপ্ৰাপ্তিৰ চাকনৈয়াত

          আত্মিয়তা কঢ়িয়াওঁ।

         

নদী :  চিনাকি অথচ অচিনাকি

          দলদোপ-হেন্দোলদোপ

          অৰ্থনীতিৰ জোৰা-টাপলি

          বেপেৰোৱাৰ উৎসাহত আপোনজনৰ আৰ্তনাদ

          ভৰা বুকুৰ চকুলোঁ !


নাৰী : চকুলোঁ সামৰি বৰ্তমান আৰু ভৱিষ্যতৰ আখৰা

          যেন বহনক্ষম অৰ্থনীতি মই!

      

নদী : তৃষ্ণাতুৰৰ মৌলিকতাত মই

         বৈ যাওঁ নিৰন্তৰে

         আপোন ধৰম মানি।

 

নাৰী : চেতন- অৱচেতন সামৰি

          প্ৰৱাহিনী মই

          লক্ষ্যৰ সাধনাত অটল ।


নদী : সোঁত মোৰ স্বভাৱ

         মৰাশ ভাঁহে...

         জী থাকোঁ ভিতৰি।


নাৰী : স্বভাৱত গোলাপ বৰণীয়া 

         মৰাশৰ দৰে জীয়াব বিচাৰিলে কাইটিয়া ।


নদী : ন-মহীয়া ভৰ পেট

         বিষৰূপী খাদ্য প্লাষ্টিক

         ভিতৰি জী থকা কণ বাধাগ্ৰস্ততাৰ চিকাৰ।


নাৰী : হেঙুলীয়াকণ সাৱটো,

          প্ৰাণভৰি জী ভাল পাওঁ।

          সুবিধাবাদীৰ  বিচৰণ প্ৰতি পদে

          চল পালেই বুকুৰ কলিজা চোবাই,

          ভিতৰি জী থকা কণ জাগি উঠে।


নদী : জলবায়ুৰ পৰিবৰ্তন

         চন পৰা বুকুত চিৰাল ফাঁট,

         নতুবা পাৰাপাৰহীন হৈ কেৱল দু:খক সাবটো!

         এচলু জলসম্পদ লৈ কাবৌ কৰিছোঁ           

         'বচাওঁক মোক'

         কথা দিলোঁ 'বচাম আপোনাক'।

নাৰী : বুকুৰ সেউজী হেঁপাহক জগাম

           জিলিকিব মানব সম্পদ

           প্ৰযুক্তিয়ে পূৰাব চন পৰা সপোন।

Share:

Thursday, September 30, 2021

Assamese Cinema : Indramalati

 


ইন্দ্ৰমালতী

উৎপল মেনা


মাত্র ১০ দিনত চিত্ৰনৰ কাম শেষ কৰিছিল ‘ইন্দ্ৰমালতী'ৰ। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উদ্দেশ্য আছিল যিমান সম্ভৱ সিমান কম সময়ত চিনেমাখন সম্পূর্ণ কৰিব লাগে। কম সময় মানে, কম খৰচ৷ পৰিচালকগৰাকীয়ে নিজৰ কাহিনীৰে নিৰ্মাণ কৰা চিনেমাখনৰ বহিঃদৃশ্য গ্ৰহণ কৰিছিল তেজপুৰৰ মিছন চাৰিআলিৰ তালবাৰীত। এইবাৰ পৰিচালকগৰাকীয়ে ইনড’ৰৰ কাম সমূহ কৰিছিল মাত্র তিনিটা দিনতে।

কাহিনী : ইন্দ্ৰমালতীত দেখা গৈছে এটা প্রেম কাহিনী। ইন্দ্রজিৎ বৰুৱা (অভিনয় কৰিছে মনােভিৰাম বৰুৱাই) আৰু মালতীৰ (অভিনয় কৰিছে ৰাসেশ্বৰী বৰুৱাই) প্রেমৰ কাহিনী। তেজপুৰৰ ইন্দ্রজিৎ বৰুৱা। কলিকতাত পঢ়ি আছে। মাক নাই। মৃত্যু হৈছে। গৰমৰ বন্ধত ঘৰলৈ আহে। মাকৰ অভাৱ অনুভৱ কৰে। মন দুখেৰে ভৰি পৰে। দুখ পাতলাবলৈ সি দদায়ে ঘৰলৈ যায়। তাতেই মানে দদায়েকৰ গাঁও- সােণাপুৰত মালতীক লগ পায়। কম দিনৰ ভিতৰতে ইন্দ্রই মালতীৰ মন অনুভৱ কৰে। সময়ত ইন্দ্ৰ কলিকতালৈ উভতি যায়। তাত গৈয়াে মনৰ পৰ্দাত দেখি থাকে মালতীৰ হাঁহি।—কাহিনীলৈ আহে চিনেমাখনৰ খলনায়ক-চণ্ডীৰম (অভিনয় কৰিছে থানুৰাম বৰাই)। মালতীক বিয়া কৰাব খােজে। মালতীয়ে কিন্তু চণ্ডীৰামৰ নামটোকে শুনিব নােখােজে। তাৰ জেদ বাঢ়ে আৰু এদিন অপহৰণ কৰি মিচিং গাঁৱত ৰাখে।- খবৰ গৈ ইন্দ্ৰৰ কাণত পৰে। কলিকতাৰপৰা বন্ধু ললিত (অভিনয় কৰিছে ফণী শৰ্মাই)ৰ সৈতে আহি মালতীক উদ্ধাৰ কৰে। শেষত মালতী ইন্দ্ৰৰ মিলন। মিলনৰ ইংগিত।

অভিনয় : 'অসম বাণী'ত প্ৰকাশ পােৱা ফণী শৰ্মাৰ লেখা এটা পঢ়ি জানিব পৰিছিলোঁ চিনেমাখনৰ 'চৰিত্ৰ'ৰ বাবে প্রযােজক পক্ষই সাজ-পাৰ কিনা নাছিল। যাৰ যি পােছাক আছিল তাকে পিন্ধি ওলাইছিল।... “ছবিৰ নায়ক মনােভিৰাম বৰুৱাৰ নিজৰ লংপেণ্ট আছে। মােৰ নাই। মনত বৰ দুখ। কিনি ল’বলৈও হাতত পইচা নাই।” – ফণী শৰ্মাই লিখিছিল। আনহাতে, কোনাে অভিনয় শিল্পীয়ে পাৰিশ্ৰমিক লােৱা নাছিল। সন্দেহ নৰখাকৈ ক'ব পাৰি অসমীয়া চিনেমা নির্মাণত 'কম্প্রমাইজ’ তেতিয়াৰপৰায়ে আৰম্ভ হৈছিল। এই কথাও ক'ব পাৰি অসমীয়া চিনেমাই গতি কৰিছিল। ইন্দ্ৰমালতী’ৰ বাটেৰে। 'জয়মতী'ৰ বাটত খােজ পেলাইছিল পৰৱৰ্তী সময়ত পদুম বৰুৱাই। এইখিনিতে স্পষ্ট কৰি থব খুজিছোঁ 'জয়মতী’ আৰু 'ইন্দ্ৰমালতী'ৰ 'সােৱাদ’ লৈছিলোঁ 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী' তথ্যচিত্ৰখনত।

ব্যৱসায় : 'ইন্দ্ৰমালতী’ৰ উদ্দেশ্য আছিল–ব্যৱসায়। 'জয়মতী'ও লােকচান হৈছিল। সাংঘাতিক লােকচান। 'জয়মতী’, 'ইন্দ্ৰমালতী'ৰ অভিনেতা তেজপুৰৰ থানুৰাম বৰাই আমাক কৈছিল—“প্ৰথমখন চিনেমাত যে লােকচান হ'ব, সেয়া জ্যোতিপ্ৰসাদ আগৰৱালাই আগতে অনুমান কৰিছিল। সেয়েহে তেওঁ ভাঙি পৰা নাছিল। মােক মাতি নি কৈছিল— “হাতলৈ কিছু টকা ঘূৰাই আনিব লাগে। 'ইন্দ্ৰমালতী'ৰ বাবে বজাৰ চাইছোঁ। মই এইবাৰ সফল হম।...” সফল হৈছিল। ১০-১২ হাজাৰ টকা লাভ হৈছিল। কিন্তু চিনেমা হিচাপে 'জয়মতী'ৰ পর্যায় পােৱা নাছিল। কিয় পােৱা নাছিল?– থানুৰাম বৰাই কৈছিল— “চিনেমাৰ কাহিনী, চিত্রনাট্য পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে ৰচনা কৰিছিল। চিত্রনাট্য ৰচনাৰ সময়ত 'বাজেট’ৰ কথা মনত ৰাখিছিল যেন লাগে। মই ভাবো চিনেমাখনৰ চিত্রগ্রহণ ‘জয়মতী'ৰ দৰে ভােলাগুৰিৰ চিত্ৰবনত কৰা নাছিল বাজেট কমােৱাৰ বাবে। 'ইনড’ৰ শ্বুটিং কৰিছিল কলিকতাৰ নাৰকেল ডাংগাৰ আৰােৰ ষ্টুডিঅ’ত। মাত্র তিনিদিনৰ কাম কৰিছিল। চিনেমাখনৰ বেছিভাগ চিত্ৰগ্ৰহণৰ কাম কৰিছিল তেজপুৰৰ তালবাৰীত, এঘৰ মানুহৰ ঘৰত। ছয় দিন চিত্রগ্রহণৰ কাম কৰিছিল। কেমেৰা মুভমেণ্ট নাছিল। কেমেৰা একে ঠাইতে ৰাখিছিল। এংগল সলাইছিল।” সম্ভৱতঃ এই কাৰণেই ‘চিনেমা সৌন্দর্য’ নাছিল, কথাছবি পর্যায়তে ৰৈ গৈছিল 'ইন্দ্ৰমালতী'।

শেষত :  'ইন্দ্ৰমালতী’ত কিশােৰ চৰিত্ৰত ভূপেন হাজৰিকাই অভিনয় কৰিছিল— গৰখীয়া ল'ৰাৰ চৰিত্ৰত। ওঁঠত গীতাে আছে— গাইছিল বিশ্ব বিজয়ী নৱ জোৱান...'। তেওঁ লিখিছিল—“..নায়ক মনােভিৰাম বৰুৱাই ষ্টুডিঅ'ৰ বহির্ভাগৰ চোতালত থকা মধুৰিআম গছ এজোপাৰ ওচৰত থিয় হৈ মােক (গৰখীয়া ল'ৰাক) সুধিব— এইগীতটো ক'ত শিকিচা ? মই উত্তৰ দিব লাগিব—ভলণ্টিয়াৰৰ পৰা।” বুজাত অসুবিধা নহয়, ৰােমাণ্টিক কাহিনীটোৰ মাজলৈ ‘দেশভক্তি’ও আনিছিল। গীতে চিনেমাখনৰ ব্যৱসায়ত সহায় কৰিছিল। পৰৱৰ্তী সময়ত 'ইন্দ্ৰমালতী'ৰ ট্রেকেৰেহে অসমীয়া চিনেমাই গতি কৰে। 'জয়মতী'ৰ ট্রেকেৰে গতি কৰিলে ‘বিশ্ব চিনেমা'ৰ ক্ষেত্ৰখনত বিশেষ স্থান দখল কৰি থাকিলহেঁতেন। 

Share:

Tuesday, September 28, 2021

Assamese Cinema : Joymoti

জয়মতী

উৎপল মেনা

প্ৰস্তাৱনা : জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ প্রথম অসমীয়া চিনেকর্ম। চিত্ৰগৃহলৈ আহিছিল ২০ মার্চ, ১৯৩৫ত। আৰু ১৪ বছৰ পিছত অর্থাৎ ২০৩৫ চনৰ ২০ মার্চত ১০০ বছৰ সম্পূৰ্ণ হ'ব। অসমীয়া চিনেমা এশ বছৰীয়া হ'ব। এই মুহূর্তত আমাৰ মনলৈ অহা প্ৰশ্নটো হ’ল প্ৰথমখন অসমীয়া চিনেমাক লৈ আমি কিমান সচেতন? চিনেমাখনৰ সম্পূর্ণ প্রিন্ট’ নাই। যিখিনি ‘টুকুৰা আছে, সেইখিনিক মূলধন’ হিচাপে লৈ কোনাে ধৰণৰ ‘চিনে চিন্তা’ও হােৱা দেখা নাযায়। গতিকে প্রশ্নৰ অৱকাশ থাকি যায়—অসমীয়া চিনেমাৰ 'জন্মদাতা’গৰাকীৰ প্রতি আমাৰ শ্ৰদ্ধা কিমান?- ‘জয়মতী'ৰ যিকেইটা 'টুকুৰা' আছে, সেইকেইটাক লৈ, সেইকেইটাক কেন্দ্ৰ কৰি ‘জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিনেকৰ্ম'ক বিষয় হিচাপে লৈ অসমীয়া চিনেমা এখন নির্মাণ কৰিব নােৱাৰিনে ?– অসমীয়া চিনেমাৰ স্বাৰ্থত কাম কৰাৰ বাবে অসম চৰকাৰৰ বিভাগ এটা আছে। অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম। এই বিভাগটোৱে অসমীয়া চিনেমা নির্মাণৰ নামত ৰাইজৰ টকা কিমান পানীত পেলাইছে ব্যাখ্যাৰ প্ৰয়ােজন নাই। এই বিভাগটোৱে দক্ষ পৰিচালকৰ হতুৱাই 'জয়মতী আৰু জ্যোতিপ্ৰসাদ’ক কেন্দ্ৰ কৰি চিনেমা এখন নির্মাণ কৰিব নােৱাৰাৰ কাৰণ নাই।

এইখিনিতে আমাৰ মনলৈ অহা এটি প্রশ্ন— ‘গুৱাহাটী ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’ অসমক হেনাে চলচ্চিত্ৰৰ মেপ’ত অন্তর্ভুক্ত কৰিলে। এই যে অন্তর্ভুক্ত কৰিলে, এয়া হেনাে এক ইতিহাস। —হ’বও পাৰে! কিন্তু সেই মহােৎসৱত জ্যোতিপ্রসাদ-জয়মতীক কিমান গুৰুত্ব দিয়া হ'ল ?

‘জয়মতী’ চিনেমাখন : 'ৰূপধৰা নাগবন সৌন্দর্য’— অনাঘ্রাতা সুৰভি সঁফুৰা আপােনাতে আপুনি বিভােৰ, আপােনাতে আপােন পাহৰা—

আপােনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হােৱা— নিজৰাৰ পাৰে পাৰে শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰ আনন্দ— চিৰ সৌন্দৰ্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
কোনে কয় মানৱী লয়ে হায়
বনৰ সৌন্দর্যই ৰূপ ধৰি আহি
দেও দি চাপৰি বায়
ৰূপধৰা নাগবন সৌন্দর্য অনাঘ্রাত সুৰভি সঁফুৰা আপােনাত আপুনি বিভােৰ... ('জয়মতী’ চিত্রনাট্যৰ পৰা)

জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্রনাট্য ৰচনা কৰাৰ সময়তে ‘কেমেৰাৰ ভাষা’ অনুভৱ কৰিছিল। 'চিত্রনাট্য'ৰ এই অংশটোৱে স্পষ্ট উদাহৰণ। –চিনেমাখন আমি চোৱা নাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় পৰিচালনা 'ইন্দ্ৰমালতী’ চোৱাৰ সুযোগো আমি পােৱা নাই। চোৱাৰ সুযােগ পাইছিলোঁ ড° ভূপেন হাজৰিকাই সম্পাদনা কৰা চিনেমা দুখনৰ কিছু ছিকুৱেন্স। সেই ছিকুৱেন্সসমূহৰ দ্বাৰাই অনুমান কৰিব পাৰি— 'ইন্দ্ৰমালতী’ কিছু পৰিমাণে নাটক আছিল। ব্যৱসায়িক দিশত 'ইন্দ্ৰমালতী’ সফল আছিল আৰু সম্ভৱতঃ এই বাবেই 'ইন্দ্ৰমালতী’ৰ অভিনয়, পৰিচালনা শৈলী স্পষ্ট হৈছিল পৰৱৰ্তী সময়ছােৱাত অসমীয়া চিনেমাত। অর্থাৎ ক’ব পাৰি অসমীয়া চিনেমাৰ বুনিয়াদ 'ইন্দ্ৰমালতী শৈলী'। পৰৱৰ্তী সময়ছােৱাত পৰিচালকসকলে 'জয়মতী শৈলী'ক আদৰি ল'লে অসমীয়া চিনেমাই হয়তাে বিশ্ব চিনেমাৰ স’তে খােজ দিব পাৰিলেহেঁতেন। আমি কি ক'ব খুজিছো, সেয়া আৰু স্পষ্ট কৰি দিছে— এই শতিকাৰ ভাৰতীয় চিনেমা পৰিচালকসকলে যি চিন্তা কৰিছে, সেয়া জ্যোতিপ্ৰসাদে ‘জয়মতী’ পৰিচালনাৰ সময়তে কৰিছিল।

'জয়মতী’ চোৱা ছিকুৱেন্সকেইটাৰ পৰাই আমি অনুভৱ কৰিছে—কেমেৰাৰ ভাষা, শ্বটৰ গাণিতিক ব্যৱহাৰ (সেই সময়ৰ কথা মনত ৰাখি ক'ব পাৰি) —অপূর্ব। পৰিচালক জ্যোতিপ্ৰসাদে কেমেৰাৰ ফ্ৰেমত স্বামী গদাপাণিৰ ভালৰ বাৰে সঁফুৰা এখন আগত লৈ প্রার্থনা কৰি থকা জয়মতীক লৈ লােৱা আংশিক টপ এংগ’ল শ্বট, যুদ্ধৰ ছিকুৱেন্সৰ মাজত লােৱা ক্লজ শ্বট, কেমেৰাৰ ভাষাৰে সন্ধিয়া নামি অহা 'শ্বট’, ৰাজসভাত জয়মতীক ফ্রেমত লৈ ক্লজ শ্বট, 'নগাপাহাৰ'ত গদাপাণি-ডালিমীক ফ্রেমত লৈ ‘মিড শ্বট' ইত্যাদি আছিল সেই সময়ত ভাবিব নােৱাৰা ‘চিনেকর্ম'। 'চলচ্চিত্র ইতিহাস' অধ্যয়ন কৰিলে জনা যায় সেই সময়ত প্ৰতিটো শ্বট লােৱা হৈছিল এটা ঠাইত কেমেৰা ৰাখি। আমি চোৱা ছিকুৱেন্সকেইটাত স্পষ্ট 'কেমেৰা-ছাবজেক্ট মুভমেণ্ট’ পৰিপাটি। সেই সময়ত সেই পৰিৱেশত এয়া কেনেকৈ সম্ভৱ হৈছিল সেয়া স্বাভাৱিকতে গৱেষণাৰ বিষয়৷

২০ মার্চ, ১৯৩৫ চনত ‘জয়মতী'ক 'মুক্তি' দিয়া হৈছিল চিত্রগৃহত। এখন 'ৰচনা'ত উত্তম বৰুৱাই উল্লেখ কৰিছিল– '২০ মার্চৰ দিনা গুৱাহাটীৰ কলামােদী ৰাইজৰ ওচৰত ‘জয়মতী’ প্রদর্শন কৰালে জ্যোতিয়ে নিজেই।.. এমাহজুৰি প্রদর্শন হ’ল।' জ্যোতিপ্ৰসাদে কৈছিল— 'আজি প্রায় ডেৰ বছৰৰ মূৰত ‘জয়মতী’ ফিল্ম ৰাইজৰ আগলৈ উলিয়াবলৈ সমৰ্থ হৈছোঁ।...' অর্থাৎ চিনেমাখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ শেষৰ ফালে। কিন্তু চিনেমাখনৰ চিন্তা আছিল ১৯২২ চনৰে।

কলকাতাত 'আঁধাৰে আলাে’ নামৰ নির্বাক চিনেমাখন চোৱাৰ পিছত (জয়মতীত গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা) ফুনু বৰুৱাই ৰচনা এখনত উল্লেখ কৰিছে— ১৯২১ চনৰ শেষভাগত জ্যোতিয়ে কলিকতা বিদ্যাপীঠ আৰু মই বেংগল টেকনিকেল ইনষ্টিটিউটত পঢ়িবলৈ বুলি কলকাতালৈ যাওঁ। ১৯২২ চনত কলকাতাত ‘আঁধেৰ আলাে’ নামৰ বায়ােস্কোপ এখন চোৱাৰ পিছতেই আমাৰাে অসমীয়া বায়ােস্কোপ এখন কৰিবলৈ হাবিয়াস জাগে।...'— সম্ভৱতঃ ইয়াৰ কাৰণ হয়তাে এনে ধৰণৰ আছিল— কলকাতাৰ পৰা সম্ভৱ হৈছে, অসমৰপৰা নহ'ব কিয়? কিন্তু কেনেকৈ, সম্ভৱ কৰিব পৰা যায়? ফুনু বৰুৱাৰ ভাষাত— 'সেই দিনাই জ্যোতিৰ মনত বায়ােস্কোপৰ চিন্তাই বাহ লয়। জ্যোতিয়ে মােক ক'লে— আমি প্রথমে 'বিষয়'টো ভালদৰে জানিব লাগিব। জানিবৰ বাবে মই বিদেশলৈ যাম।' —কেনেকৈ? অপেক্ষা কৰিব লগা হ'ল ১৯২৬ চনলৈ। ১৯২৬ চনৰ ছেপ্টেম্বৰত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যায়। এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত সংগীতৰ শিক্ষা লয়। এডিনবৰা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা সম্পূর্ণ নকৰাকৈ জার্মানীলৈ যায়। উদ্দেশ্য— ১৯২২ চনতে মনত বাহ লােৱা 'সপােন'টো বাস্তৱ ৰূপ দিয়া। তাত জ্যোতিপ্রসাদক ‘ভাগ্য'ই লগ দিয়ে। লগ চেপলিন, গ্রিফিথ, আইজেনস্টাইন, ৰেনে ক্লেয়াৰ আদিৰ নির্বাক 'চিত্রকথা’ চোৱাৰ। এই মহান ‘চিত্ৰকৰ্মী'সকলৰ 'চিত্রকর্ম'ই হয়তাে শিক্ষা দিলে ‘চিনেমা'ৰ। শিক্ষা দিলে ‘চিনেমা'ৰ মূলমন্ত্র যে কেমেৰাৰ ভাষা প্রয়ােগ। দুখৰ বিষয়— সেয়া আছিল পৰিচালকগৰাকীৰ বাৰে, 'জয়মতী'ৰ বাবে অভিজ্ঞতা। 'জয়মতী' আছিল সময়তকৈ আগবঢ়া। চিনেমাৰ যিবােৰ প্ৰধান 'গুণ', সেইবোৰক সেই সময়ৰ চিনেমা আলোচকসকলে 'দোষ' হিচাপে ব্যাখ্যা কৰিছিল৷ জ্যোতিপ্ৰসাদে সেই সময়তে বুজিছিল, চিনেমাৰ অভিনয় স্বাভাবিক। সেয়েহে অভিনেতা-অভিনেত্রীসকলক স্বাভাবিক অভিনয় কৰােৱাত গুৰুত্ব দিছিল। সেয়েহে সমালােচকসকলে মন্তব্য কৰিছিল— “অভিনয়বােৰ অভিনয় যেন লগা নাই। ভাৱৰীয়া-ভাৱৰীয়ানীসকলৰ অভিনয় হাদয়গ্রাহী হােৱা নাই।... এই প্রসংগত জ্যোতিপ্ৰসাদৰ ব্যাখ্যা : '...মই ‘জয়মতী' ছবিখন আৰু ভাল অভিনেতাক একেবাৰে বাস্তৱিক দৃষ্টিৰে পৰিচালনা কৰিছোঁ, যিটো সকলো ইংলিছ, আমেৰিকান আৰু ৰুছীয় প্রথম শ্রেণীৰ ফিল্মৰ লক্ষণ। সেই কাৰণে মােৰ ‘জয়মতী’য়ে ৰাজসভাত বক্তৃতা দি আন ঠাইত নানা ভাৰপ্ৰৱণ বক্তৃতাৰে গােজৰণি মৰা নাই।

‘জয়মতী'ৰ নির্মাণকার্য সহজ নাছিল। সেই সময়ত মহিলাই অভিনয় কৰাটো 'অপৰাধ’ আছিল। 'নায়িকা’ৰ চৰিত্ৰৰ বাবে গােলাঘাটৰ আইদেউ সন্দিকৈক বিচাৰি উলিয়াইছিল। অভিনয় কৰােৱাইছিল ৰাজমাতাৰ ভূমিকাত মােহিনী ৰাজকুমাৰীক, তৰবৰীৰ চৰিত্ৰত ভনীতি বুঢ়াগােহাঁইক, ডালিমীৰ চৰিত্ৰত মাকণ দত্তক। এই প্রসংগত বহু সমস্যাৰ সৃষ্টি হৈছিল। ইয়াতকৈ ডাঙৰ সমস্যাটো আছিল অবিভক্ত ভাৰতৰ লাহােৰৰ চিনেমা ষ্টুডিঅ'ৰ ছাউণ্ড ইঞ্জিনীয়াৰ ফৈজী চাহাবৰ বিফলতাই। ... 'চিনেমাখনৰ আধাতকৈও বেছি অংশৰ ঘৰঘৰণিৰ বাহিৰে আন কোনাে শব্দ উঠা নাই। গালাে-বালো খােলাকটিৰ তাল হ’ল। জ্যোতিপ্ৰসাদে প্রমাদ গণিলে। লাহােৰৰ তথাকথিত ‘ফৈজী ছিষ্টেমে’ প্রথম অসমীয়া বােলছবিৰ মূৰতে ৰাম-টাঙোন মাৰিলে। এই প্রণালীৰ প্ৰৱৰ্তক ইঞ্জিনীয়াৰ ফৈজী চাহাবে কথা বিষম দেখি পলাই ফাট মাৰিলে। জ্যোতিপ্ৰসাদে চকুৰে সৰিয়হ ফুল দেখিলে। তেওঁ মনৰ বেজাৰতে দুদিন-দুনিশা নােখােৱা-নােলােৱাকৈ এটা কোঠালিত দুৱাৰ বন্ধ কৰি সােমাই আছিল। অৱশেষত বুকুত অসীম ধৈর্য লৈ তেওঁ ওলাই আহি সম্পাদনাৰ মেজত বহিল। ষ্টুডিঅ’ ঘৰত সােমাই ডেৰ কুৰিমান অভিনেতাৰ বচন ‘ডাবিং' কৰিবলৈ সাজু হ'ল। অকলে কিয়নাে সেই দূৰণিবটীয়া ৰাজ্যত মাত- কথাৰে সহায় কৰিবলৈ তেওঁ দ্বিতীয়জন অসমীয়া মানুহ পাবলৈ আশা কৰিব। নােৱাৰে। তদুপৰি দুনাই ঘৰৰপৰা ধন পাবলৈ আশা কৰাটোও টান।...' (মঞ্চলেখা’, অতুল চন্দ্ৰ হাজৰিকা) যি নহওক, প্রায় ডেৰ কুৰিৰ ওঁঠত সংলাপ নাই, ছহেজাৰ ফুট সংলাপ ৰেকর্ডিং কৰি ‘জয়মতী'ৰ মাত ফুটালে। ক’ব পাৰি ‘জয়মতী’ হ’ল ‘ডাবিং’ কৰা প্ৰথমখন ভাৰতীয় কথাছবি, চিনেমা।

* জয়মতী আখ্যান : জয়মতী আখ্যান সাহিত্যৰথী বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটৰ পৰা যদিও লােৱা হৈছে, তথাপি তাত বহুতাে সালসলনি কৰা হৈছে। বিশেষকৈ ড° সূর্যকুমাৰ ভূঞাদেৱে প্ৰকাশ কৰা তুংখুঙীয়া বুৰঞ্জীৰ পৰা লালুকসােলা বৰফুকন আৰু দক্ষিণপটীয়া গাঠি হাজৰিকাৰ চৰিত্ৰ জয়মতী ফিল্মত ন-কৈ অৱতাৰণা কৰা হৈছে। জয়মতীৰ যি কাহিনী জোনাকী কাকতত ৰত্নেশ্বৰ মহন্তই লিখিছিল, সেই কাহিনীকেই সাহিত্যগুৰু পদ্মনাথ আৰু সাহিত্যৰথী বেজবৰুৱাই আলম লৈ নাটক লিখি গৈছে। সেই কাহিনীয়েই জনসাধাৰণৰ মাজতাে প্রচলিত হৈ আছে। তুংখুঙীয়া বুৰঞ্জীয়েও প্রায় সেই কাহিনীকেই সমর্থন কৰে ... পদ্য বুৰঞ্জীত জয়মতীৰ কাহিনী কিছু বেলেগকৈ দিয়া আছে। এই বিষয়ে সাহিত্যৰথী বেজবৰুৱা আৰু ঔপন্যাসিক ৰজনী বৰদলৈৰ ভিতৰত কাকতৰ যােগেদি যথেষ্ট আলােচনা-বিলােচনা হৈছিল। ড° বাণীকান্ত কাকতিদেৱ আৰু ড° সূর্যকুমাৰ ভূঞাৰ পৰামর্শ মতে, আমি ৰত্নেশ্বৰ মহন্তৰ কাহিনী আৰু তুংখুঙীয়া বুৰঞ্জীৰ তথ্যৰ ওপৰতেই ‘জয়মতী’ ফিল্মৰ আখ্যান প্রতিষ্ঠিত কৰিছিলোঁ।

লালুকসােলা বৰফুকন গুৱাহাটীত ৰাজপ্রতিনিধি ৰূপে শাসনকর্তা হৈ আছিল। তেওঁ ৰাজক্ষমতালৈ হাবিয়াস কৰি— দক্ষিণপটীয়া গাঠি হাজৰিকাক সোঁহাত স্বৰূপে লৈ উজনিলৈ হাত মেলে। স্বৰ্গদেউ চুদৈফাক হত্যা কৰােৱাই, ডাঙৰীয়াসকলক হাতৰ মুঠিলৈ আনি স্বৰ্গদেউ ৰত্নধ্বজ সিংহ (ল’ৰাৰজা)ক সিংহাসনত পুতলাকৈ বহুৱাই লালুক বৰফুকন আহােম ৰাজ্যৰ সৰ্বময় নিয়ামক হৈ পৰে। তেওঁৰ ক্ষমতা অটুট ৰাখিবলৈ সিংহাসন বিচৰা উপযুক্ত কেঁৱৰসকলক ঘুণীয়া কৰাবলৈ ধৰে। আহােম নিয়ম মতে ঘুণীয়া কোঁৱৰ ৰাজপাটত বহিব নােৱাৰে।

ৰাজ্যত এনে অসহনীয় কথা হােৱাত, ডাঙৰীয়াসকলৰ ভিতৰত কেইজনমান লালুকৰ বিৰােধী হ’ল। লালুকৰ এনে কাম ল’ৰাৰজাৰ মাক ৰাজমাৱেও সমর্থন কৰিব নােৱাৰিলে।

তুংখুঙীয়া ফৈদৰ গদাপাণি আছিল এজন উপযুক্ত কোঁৱৰ। তেওঁক আঁতৰাই নিষ্কণ্টক হ'বলৈ লালুকে নানা ষড়যন্ত্র কৰিবলৈ ধৰিলে, কিন্তু বন্ধুসকলৰ সহায়ত আৰু বিশেষকৈ গদাপাণিৰ কুঁৱৰী জয়মতীৰ ৰাজনৈতিক দূৰদর্শিতাৰ বাবে গদাপাণি পলাই সাৰি থাকিব পাৰিলে।

লালুকৰ চকুত জয়মতী পৰিল। জয়মতীক নানা শাস্তি বিহিলে৷ জয়মতীয়ে গিৰীয়েকৰ সন্ধান দিব বুলি আৰু জয়মতীৰ শাস্তিৰ কথা শুনিলে গদাপাণিয়ে নিজেই ধৰা দিবহি বুলি লালুক বৰফুকনে জয়মতীৰ ওপৰত গাঠি হাজৰিকাৰ হতুৱাই অত্যাচাৰ কৰােৱাবলৈ ধৰিলে।

আনফালে, গদাপাণি নগা পর্বতত গৈ আঁৰে আঁৰে লুকাই ফুৰি থাকোতে পৰ্বতীয়া 'সুখৰ সামাজিক’ ডালিমীয়ে গদাপাণিৰ জীৱনত মৌ বৰষি থাকিবলৈ ধৰিলে।

জয়মতীৰ শাস্তিৰ কথা গৈ গদাপাণিৰ কাণত পৰিল— বিয়াকুল হৈ গদাপাণি ভৈয়ামলৈ আহিল, কিন্তু জয়াই সকলাে অত্যাচাৰ-নির্যাতন স্বামীৰ কল্যাণৰ বাবে, দেশৰ মংগলৰ বাবে তিল তিলকৈ সহি এদিন সন্ধিয়া মাৰ যােৱা বেলিৰ সােণালী-ৰূপালী পােহৰতে মিলি গ'ল—
সেই গৌৰৱৰ কাহিনী
দেশে বিদেশে ক’বলৈ—
লুইতৰ পানী দূৰ-দূৰণিলৈ
বৈ গ'ল—

চিত্ৰবনৰ বুৰঞ্জী* : ১৯৩৩ চনত তেজপুৰৰ কলংপুৰৰ বালিজান নৈৰ পাৰত অসমৰ ফিল্ম শিল্পৰ প্রথম প্রতিষ্ঠান চিত্রলেখা মুভিটন কোম্পানীৰ ‘ফিল্ম শিবিৰ' 'চিত্ৰবন’ ভােলাগুৰি চাহ বাগিচাৰ ভিতৰত পতা হৈছিল।

১৯৩৪ চনৰ প্রথম ভাগতে জ্যোতিপ্ৰসাদৰ পিতৃ, অসমৰ ফিল্ম শিল্প পিতামহস্বৰূপ স্বর্গীয় পৰমানন্দ আগৰৱালাই ‘চিত্ৰবন’ উদ্বোধন কৰে আৰু অসমীয়া প্রথম কথাচিত্র জয়মতী'ৰ প্রযােজনাৰ কাম জ্যোতিপ্ৰসাদে তেওঁৰ ককায়েক-ভায়েকসকল আৰু শিল্পীসকলৰ সহায়-সহযােগেৰে আৰম্ভ কৰে।

চিত্ৰবনতেই সম্পূর্ণ ছাউণ্ড ষ্টুডিঅ’ পতা হৈছিল। অসমৰ সকলাে ঠাইৰেই ডেকা-ডেকেৰীৰ সমূহীয়া চেষ্টাৰ ফলতেই অসমৰ ফিল্ম শিল্পৰ পাতলি মেলে৷...

‘জয়মতী' কথাছবিত অংশগ্ৰহণ কৰা গাঁৱৰ আইদেউসকলে সমাজৰ গৰিহণা, দুষ্কৃতিৰ নানা অপবাদ মূৰত লৈ নিজকে নানা সামাজিক নির্যাতনৰ ভাগি কৰিও নির্ভীকভাৱে সকলাে বাধা-বিঘিনি মষিমূৰ কৰি অসমৰ ফিল্ম শিল্প গঢ় দিবলৈ নহা হ'লে জ্যোতিপ্ৰসাদে অসমীয়া কথাছবি উলিয়াবলৈ নিশ্চয় অক্ষম হ'লহেঁতেন। অসমৰ গাঁৱৰ মাজত প্রযােজিত হােৱা কথাছবি ‘জয়মতী' জ্বলন্ত কীর্তি। গাঁৱলীয়া আৰু চহৰীয়াৰ সহযােগ আৰু সমবায়ত কেনেকৈ শিল্পানুষ্ঠান গঢ়ি তুলিব পাৰি, তাৰ পতিয়ন নিয়াৰ পৰা নিদর্শন।

‘জয়মতী'ৰ প্রযােজনাৰ সময়তেই জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আৰু মাতৃ কিৰণময়ীৰ পৰলােক হয়।

জ্যোতিপ্ৰসাদে ইয়াৰ উপৰি নানা পর্বতসম বাধা-বিঘিনি পাৰ হৈ ১৯৩৫ চনত ‘জয়মতী’ সম্পূর্ণ কৰে। ১৯৩৫ চনৰ ১০ মার্চত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ ধৰ্মতলাৰ 'ৰাওনাক’ মহলত এই ‘জয়মতী'ৰ প্রদর্শন অনুষ্ঠান মুকলি কৰে। অসমৰ ডেকা-ডেকেৰীৰ প্রথম প্রচেষ্টাতেই আজি স্বাধীন ৰাইজৰ আগলৈ চিত্রলেখাই পুনৰ আগবঢ়ালে।

পৃথিৱীত সবাক চিত্ৰ আৱিষ্কাৰ হােৱাৰ মাত্ৰ কেইবছৰমান পিছতেই অসমৰ গাঁৱৰ মাজত প্রযােজিত কথাছবি ‘জয়মতী'ৰ প্রযােজনাৰ অৱশ্যেই ত্রুটি হৈছিল। শব্দগ্রহণত হােৱা বিশেষ ত্রুটিৰপৰা এই আটকধুনীয়া কথাছবিখনৰ
যথেষ্ট সৌন্দর্য হানি হৈছিল।

এই দ্বিতীয় সংস্কৰণত সেই সকলাে শব্দ তােলাৰ ত্ৰুটি গুচাই দিয়া হৈছে।

শব্দ সংস্কাৰ কৰাৰ বাহিৰে, প্রথম সংস্কৰণ ‘জয়মতী'ৰ সকলাে আগৰ দৰেই আছে। অসমীয়া শিল্পীসকলৰ প্রথম প্রচেষ্টাতেই কিমান দূৰ কৃতকার্যতা লাভ কৰিছিল— তাৰেই ‘জয়মতী’ নিদর্শন ৰূপে ৰখা হ’ল।

‘জয়মতী’ প্রথম প্রযােজনাৰ বাবে চিত্রলেখা মুভিটনে বহুতাে লােকচান ভৰে। দ্বিতীয় কথাছবি ‘ইন্দ্ৰমালতী’য়েও সেই ক্ষতি পূৰাব নােৱাৰাত, চিত্রলেখাই অসমত স্থায়ী ফিল্ম ষ্টুডিঅ’ পতাৰ সপােন সামৰিব লগা হয়। (*‘জয়মতী'ৰ দ্বিতীয় সংস্কৰণৰ পুস্তিকা এখন দিছিল চিনেমা লেখক পবিত্র কুমাৰ ডেকাই। সেই পুস্তিকাখনৰ সৌজন্যত। ১৯৩৫ চনৰ ২০ মার্চত মুক্তি পােৱা ‘জয়মতী'ৰ ত্রুটি আঁতৰাই দ্বিতীয়বাৰ মুক্তি দিয়া হয় ১৯৪৯ চনত।)

অর্থনীতি : 'জয়মতী’ বােলছবি নাছিল, চিনেমা আছিল। সম্ভৱতঃ এই কাৰণেই ১৯৩৫-৩৬ চনত এই প্রথমখন অসমীয়া চিনেমাই দৰ্শকৰ আদৰ পােৱা নাছিল। স্পষ্ট, দৰাচলতে এই কথা অস্পষ্ট হৈ থকা নাই। অসমীয়া চিনেমাৰ ক্ষেত্ৰখনৰ সৰহসংখ্যকেই (ছবি আলােচককে ধৰি) আজিৰ তাৰিখতে কথাছবি’ সময়ছােৱাত অসমৰ দৰ্শকে বা চিত্ৰৰসিকে চিনেমাৰ মােল নুবুজাটো অস্বাভাৱিক কথা নহয়। 'জয়মতী’ ত্রুটিমুক্ত নাছিল। কিয়? এগৰাকী সমালােচকে লিখিছিল ... 'নাটক নাই'৷ আজিৰ তাৰিখত চিনেমাত নাটক থকাটো ত্ৰুটি বুলি ব্যাখ্যা কৰা হয়৷ অর্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্রনাট্য ৰচনাৰ সময়ত, এনেদৰেও ক'ব পাৰোঁ জ্যোতিপ্ৰসাদৰ 'জয়মতী’য়ে যেতিয়া সফলতা পালে৷ আজি অসমীয়া চিনেমা 'বিশ্ব চিনেমা'ৰ এৰিব নােৱাৰা অংগ হৈ থাকিলহেঁতেন।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰৱৰ্তী সময়ছােৱাত অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত যি পৰিচালকে কাম কৰিছে, সেইসকলক আলােচনা কৰিব পৰাকৈ তথ্য মােৰ হাতত নাই। ইয়াৰ মূল কাৰণ এই পৰিচালকসকলৰ চিত্রকর্ম চোৱাৰ সুযােগ পােৱা নাই। যিখিনি চাইছোঁ তাৰ ওপৰত ভিত্তি কৰি ক’ব পৰা যায়—জ্যোতিপ্ৰসাদৰ দৰে পিছৰ সময়ছােৱাত চিন্তা-চৰ্চা কৰা পৰিচালকগৰাকী হল পদুম বৰুৱা। চিনেমাৰ মূলমন্ত্র চিনেমেটিক ভাষা প্রয়ােগ। এই কথাটো যে পৰিচালকগৰাকীয়ে উপলব্ধি কৰিছিল সেয়া ‘গঙা চিলনীৰ পাখি’ (১৯৭৬) চালেই, ‘অধ্যয়ন কৰিলেই বুজিব পাৰি। পৰিচালক দুগৰাকীৰ (জ্যোতিপ্রসাদ আগৰৱালা-পদুম বৰুৱাৰ) আন মিল হ’ল— 'বজাৰ' উপলব্ধ কৰিছিল। 'জয়মতী'ৰ এগৰাকী অভিনেতা থানুৰাম বৰাক লগ পাইছিলোঁ ২৮ জুন, ১৯৯৩ত। 'জয়মতী'ত ভাওনাৰ দৃশ্য সংযােজন কৰা হৈছিল। সেই ভাওনাতে থানুৰাম বৰাই অসুৰৰ চৰিত্ৰত অভিনয় কৰিছিল। জ্যোতিপ্ৰসাদৰ দ্বিতীয়খন চিনেমা 'ইন্দ্ৰমালতী’ (১ আগষ্ট, ১৯৩৯)তো অভিনয় কৰিছিল, চণ্ডীৰামৰ চৰিত্ৰত। কেৱল অভিনয়ে কৰা নাছিল, আন দিশত সহায় কৰিছিল। অভিনেতাগৰাকীয়ে কৈছিল—‘জয়মতী'ত আর্থিকভাৱে জুৰুলা হােৱাত কিবাকৈ 'ইন্দ্ৰমালতী’ নিৰ্মাণৰ কথা মােক কৈছিল। কাৰিকৰী সমস্যাৰ বাবে 'জয়মতী'ত খৰচ হৈছিল অতিৰিক্ত ১২ হাজাৰ টকা। মােক তেওঁ কোৱা মতে চিনেমাখনৰ প্ৰথমটো প্রিণ্ট ওলােৱালৈকে খৰচ হৈছিল প্রায় ৫০ হাজাৰ টকা। ভাবিব নােৱাৰা কথা। হাতলৈ ১০ হাজাৰ টকাও ঘূৰি অহা নাছিল। মােক কোৱা মতে এই লােকচানৰ কথা তেওঁ আগতেই অনুমান কৰিছিল। সেয়েহে তেওঁ ভাঙি পৰা নাছিল। মােক কি কৈছিল— 'হাতলৈ কিছু টকা ঘূৰাই আনিব লাগে। 'ইন্দ্ৰমালতী’ৰ বাবে বজাৰ চাইছোঁ। মই এইবাৰ সফল হ'ম।... তুমি মালতীৰ ভাওত অভিনয় কৰিবলৈ ছােৱালী এজনী চোৱা।' কামটো মােৰ বাবে দুঃসাধ্য আছিল যদিও অনুসন্ধান চলাই ছােৱালী এজনী পালে। নাম ৰসেখৰী বৰুৱা।... চিনেমাৰ কাম আগবাঢ়িল। জ্যোতিপ্রসাদ আগৰৱালাই মােক ক'লে— 'এইবাৰ ১৫ হাজাৰ টকাৰ বেছি খৰচ নকৰো ।...' (মই আৰু তেজপুৰৰ যাদৱ চন্দ্ৰ শৰ্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰটোৰ একাংশ প্রকাশ হৈছিল হেমন্ত বৰ্মনৰ সম্পাদিত ‘শ্রীময়ী'ত, ১৬-১৩ জুলাই, ১৯৯৩ সংখ্যাত।) —হয়, বেছি খৰচ কৰা নাছিল। মাত্র ১২ হাজাৰ টকা খৰচ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ সম্পূর্ণ কৰিছিল। আনহাতে ‘অসমৰ চিত্রশিল্প গঢ়াত অসমীয়া দর্শকৰ দায়িত্ব’ শীর্ষক লেখাত জ্যোতিপ্রসাদ আগৰৱালাই লিখিছিল — ‘চিনেমা চোৱা ৰাইজ বৰ তাকৰ থকাত চিত্রলেখা মুভিটনৰ প্রায় ৩০ হাজাৰ টকা লােকচান হৈছিল।

জয়মতীৰ সংগীত : চিনেমাখনৰ সংগীত ৰচনা কৰিছিল— পৰিচালক জ্যোতিপ্ৰসাদে নিজে। আৱহ সংগীতত ব্যৱহাৰ হৈছিল অসমীয়া লােক-সংগীতৰ সুৰ। আমাৰ হাতত থকা তথ্য মতে, চিনেমাখনত ব্যৱহাৰ হৈছিল ৭টা গীত। “টাইটেল সংগীত' হিচাপে ব্যৱহাৰ কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা, কমলাপ্রসাদ আগৰৱালাৰ সুৰেৰে 'অসম- সুষমা- কামৰূপা ...'। আনকেইটা গীত হ’ল— লুইতৰে পানী যাবি ঐ বৈ ...' (কথা-সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘ল’ৰা-বুঢ়া কাক কয়. ...' (কথা : লক্ষ্মীনাথ বেজবৰুৱা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘খােপাতে পিন্ধিম মই ...' (কথা : লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘জোন যেন কুঁৱৰী ..' (কথা : ভৰত বৰপূজাৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ : বিয়া নামৰ ...), ‘পৰ্বতৰ চেঁকীয়া ...' (কথা : লক্ষ্মীনাথ বেজবৰুৱা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা)। গীতকেইটাত কণ্ঠদান কৰিছিল লিলি বৰুৱা, স্বর্গজ্যোতি দত্ত আৰু অন্ন আগৰৱালাই। চিনেমাখনত অভিনয় কৰিছিল— আইদেউ সন্দিকৈ (জয়মতী), মােহিনী ৰাজকুমাৰী (ৰাজমাও), স্বর্গজ্যোতি দত্ত (ডালিমী), ৰেৱতী হাজৰিকা (পাটমাদৈ), সুবর্ণ শইকীয়া (সেউতী), উপা কটকী (কাৰেঙৰ লিগিৰী), ফুনু বৰুৱা (গদাপাণি), নৰেন বৰদলৈ (ল’ৰাৰজা), প্রফুল্ল বৰুৱা (বৰগােহাঁই), ললিত মােহন চৌধুৰী (লালুকসােলা মন্ত্রীফুকন), মনােভিৰাম বৰুৱা (দিলিহিয়াল ফুকন), জয়ন্ত বৰুৱা (লাই), ৰঞ্জিত বৰুৱা (লেচাই), ফণী শৰ্মা (গাঠি হাজৰিকা), পুতুল দাস (চাওদাং) আদিয়ে।

                            জয়মতীৰ নায়িকা

‘ভােগৰাম কাই...ল’ৰা।’ ৰূপালী পর্দাত দর্শকে দেখিছিল এখন মুখ। দাঁতহীন৷ চেহেৰাত বয়সৰ আঁচোৰ। বয়স ৰেখাৰ ভাঁজে-ভাঁজে ওলমি পৰিছিল হাঁহি। কৃত্রিমতাই স্পর্শ নকৰা হাঁহি। দেখা গৈছিল পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ত। ‘ভােগৰাম কাই।... ল’ৰা’ সংলাপ ফাকি কোৱা অভিনেত্রী’গৰাকী—আইদেউ সন্দিকৈ (১৯২০-২০০২)। প্রথমখন অসমীয়া চিনেমা ‘জয়মতী'ৰ নায়িকা। 


নায়িকা : আইদেউ সন্দিকৈ

ফটো : হেমন্ত কুমাৰ দাস

সম্পূর্ণ 'জয়মতী’ আমি চোৱা নাই। চোৱাৰ সুযােগ নাপালোঁ। কেইটামান ‘ছিকুৱেন্স’হে চাইছোঁ। ছিকুৱেন্সকেইটাত আইদেউ সন্দিকৈৰ অভিনয় ‘অনুভৱ' কৰিব পাৰিছিলোঁ। তেতিয়া স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহিছিল— আইদেউ সন্দিকৈৰ বিষয়ে যিবােৰ শুনা যায়, কাকত-আলােচনীত প্ৰকাশ হৈ থাকে সেইবােৰ
কিমান সঁচা? —আমি জানিছিলোঁ, আমি পঢ়িছিলোঁ :
১) জাহাজ দেখুৱাম বুলি ঘৰৰ পৰা আইদেউ সন্দিকৈ নামৰ 'সহজ- সৰল’ছােৱালীজনীক লৈ যােৱা হৈছিল আৰু চিনেমাৰ বাবে 'শ্বট’ লােৱা হৈছিল।
২) চিনেমাখনৰ ছিকুৱেন্স নির্মাণৰ স্বাৰ্থত ‘পৰৰ মানুহ’ (ফুনু বৰুৱা)ক ‘বঙহৰদেউ’ (চিনেমাখনৰ সংলাপ) বুলিছিল। তেতিয়াৰ সমাজৰ দৃষ্টিত সেয়া ‘অপৰাধ’ আছিল। সেই ‘অপৰাধ'ৰ বাবে গাঁৱৰপৰা এঘৰীয়া কৰা হৈছিল।
৩) 'বঙহৰদেউ’ বােলাৰ 'অপৰাধ'ত পৰাচিত কৰা হৈছিল।
৪) চিনেমাত অভিনয় কৰাৰ 'অপৰাধ'ত আজীৱন অবিবাহিতা হৈয়েই থাকিবলগীয়া হৈছিল।

১৯৯৩ চনৰ কোনাে এটা দিনত আমি লগ পাইছিলোঁ ‘জয়মতী'ৰ অভিনেতা থানুৰাম বৰুৱাক (মই আৰু তেজপুৰৰ যাদৱ চন্দ্র শর্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰৰ একাংশ প্রকাশ হৈছিল ‘শ্রীময়ী’ আলােচনীৰ ১৬-৩১ জুলাই, ১৯৯৩ সংখ্যাত)। 'অভিনেতা’গৰাকীৰ পৰা জানিব বিচাৰিছিলোঁ ‘আইদেউ সন্দিকৈ’ক। 'নায়িকা’গৰাকীৰ বিষয়ে চর্চা শুনা যায়, সেয়া কিমান দূৰ সত্য। উত্তৰত 'বিশেষ নাজানাে’ বুলিছিল। 'অভিনেতা'গৰাকীয়ে কৈছিল— ‘তােমালােকে কোৱা বহু কথাই মই নাজানাে। এঘৰীয়া কৰা কথাটো শুনিছিলোঁ। কথাটোৰ বুজ ল'বলৈ, বুজাবলৈ আমি কেইজনমান গৈছিলোঁ। আইদেউৰ সহায়ৰ বাবে আমি একো কৰিব নােৱাৰিলোঁ। 'কিবা' এটা কৰাৰ পৰিৱেশ নাছিল।... তেতিয়া এনে এটা পৰিৱেশ নাছিল। আমি গৈ জ্যোতিপ্ৰসাদ আগৰৱালাক আইদেউৰ দুখৰ কথা কম বুলি ভাবিছিলোঁ। তেতিয়া তেওঁ নিজে বহুত দুখৰ মাজত আছিল। শ্বুটিং কৰি নিয়া ‘ ৰিল’বােৰ চাই দেখিছিল— ছবি আছে, কথা নাই। হাতত এটকাও নাছিল।... পিছত শুনিছিলোঁ—আইদেউ অবিবাহিতা হৈয়েই থাকিল। মনতে দুখ পাইছিলোঁ। বাকী কথাবােৰ কিন্তু নাজানাে। চিনেমাখনৰ 'ফটো' লৈ থকা সময়তহে আইদেউক দেখিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেদৰে বিচাৰে বচন কয়, অভিনয় কৰে। সকলােৱে উৎসাহ দিয়ে, ভাল হােৱা বুলি প্রশংসা কৰে। মােৰ কোনাে মুহূর্ততে এনে লগা নাছিল যে আইদেউক অভিনয় কৰিবলৈ বাধ্য কৰােৱা হৈছিল।... অ’ কেতিয়াবা আমাৰ দুখ লাগিছিল, তেতিয়া শুনিছিলোঁ- কালি ফটো’ উঠোৱা সময়ত সঁচাকৈয়ে বলিন (ফণী শৰ্মা)ৰ চামতাৰ কেইটামান কোব আইদেউৰ গাত লাগিল। আইদেউৰ চকুত সঁচা চকুপানী, তেতিয়া আমাৰ বেয়া লাগিছিল। এবাৰ আমি সুধিবলৈ কোৱাত ‘জয়মতী'ৰ আন এগৰাকী অভিনেত্রী মােহিনী ৰাজকুমাৰীয়ে সুধিছিল- 'বহুত দুখ পালা নেকি ?' উত্তৰত মুখত হাঁহি ৰাখি আইদেউৱে কৈছিল— ‘মােৰ অভিনয় সকলােৱে ভাল হােৱা বুলি কৈছে।' - মই আইদেউ সন্দিকৈক ইমানখিনিয়ে জানাে।

থানুৰাম বৰাৰ সহায়তে তেজপুৰৰ ব্যক্তি এগৰাকীৰ সৈতে আইদেউ সন্দিকৈৰ ঘৰ পাইছিলোঁ। কমাৰ গাঁৱৰ ওচৰৰে পানী দিহিঙীয়া। গা ভাল নাছিল। কৈছিল- দুদিনমান হ’ল জ্বৰ। গাত বিষ। ইহঁতে (আইদেউৰ ভতিজাহঁতে) জ্বৰ, গাৰ বিষটোৰ বাবে ডাক্তৰৰপৰা কিবা-কিছু আনি দিছে। মােৰ আৰু এইবােৰ খাবলৈ ইচ্ছা নােহােৱা হৈছে।... কিন্তু খাইছোঁ, ইহঁতৰ শান্তিৰ বাবে।’

মই যিগৰাকী ব্যক্তিৰ সৈতে গৈছিলোঁ, তেওঁ আছিল আইদেউ সন্দিকৈ পৰিয়ালৰ সৈতে ঘৰুৱা সম্পর্ক থকা। স্বাভাৱিকতে ঘৰুৱা কথাত ব্যস্ত হৈছিল তেওঁলােক। মই 'জয়মতী'ৰ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। মােৰ মনলৈ আহিছিল, আইদেউ সন্দিকৈৰ গাত যে বিষ, সেয়া চামতাৰ কোবৰ বিষ নেকি?

'জয়মতী'ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিল— ‘সেই কথাবােৰ মই মনত ৰখা নাই। আজিলৈকে সেই 'ফটো’বোৰে (চিনেমাখন) চোৱা নাই৷ যােৱা কথা গ’ল। এতিয়া মই মােৰ ভতিজাহঁতৰ সৈতে, সিহঁতৰ মৰমৰ মাজত আছে। 'জয়মতী'ত অভিনয় কৰাৰ বাবে মােৰ খবৰ লয় বহুতে। বহুতে আহি মােক কয়— মােৰ বাবেই হেনাে এতিয়া অসমীয়া চিনেমাত ছােৱালী-বােৱাৰীয়ে অভিনয় কৰিব পাৰিছে। এইবােৰাে মােৰ বাবে মৰম। এই মৰমবােৰৰ বাবে মনটো ভাল লাগি থাকে। এতিয়া মােৰ কোনাে আক্ষেপ নাই। কাৰাে প্ৰতি খং নাই।' —হয়, আইদেউ সন্দিকৈৰ খং নাথাকিব পাৰে, কিন্তু অসমীয়া চিনেমাৰ প্ৰথমগৰাকী 'নায়িকা' প্রতি শ্রদ্ধা থকা প্ৰতিগৰাকীৰ খং আছে, কোনাে পক্ষই উপযুক্ত ‘আসন'ত স্থান নিদিয়াৰ বাবে। মই 'পেঞ্চন' ইত্যাদিৰ কথা ক'ব খােজা নাই। ক'ব খুজিছোঁ—‘জ্যোতি চিত্ৰবন’ৰ ওচৰে-পাঁজৰে আইদেউ সন্দিকৈৰ বাবে গৃহ নির্মাণৰ চিন্তা কৰিব পাৰিলেহেঁতেন। অসম চৰকাৰৰ চিনেমা নির্মাণৰ কথা ভাবিব পাৰিলেহেঁতেন। নােৱাৰিলেহেঁতেন নে ... ?


                             জয়মতীৰ নায়ক

'১৯২১ চনৰ শেষভাগত জ্যোতিয়ে কলকাতা বিদ্যাপীঠ আৰু মই বেংগল টেকনিকেল ইনষ্টিটিউটত পঢ়িবলৈ বুলি কলকাতালৈ যাওঁ। ১৯২২ চনত কলিকতাত 'আঁধেৰ আলাে’নামৰ বায়ােস্কপ এখন চোৱাৰ পিছতেই আমাৰাে অসমীয়া বায়ােস্কপ এখন কৰিবলৈ হাবিয়াস জাগে। ...' —এখন 'ৰচনা'ত লিখিছিল ফুনু বৰুৱাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে পঢ়িবলৈ কলকাতালৈযােৱা এই গৰাকী ফুনু বৰুৱাই অভিনয় কৰিছিল প্রথমখন অসমীয়া কথাছবিত। 'জয়মতী'ৰ নায়ক গদাপাণিৰ চৰিত্ৰত অভিনয় কৰিছিল।

'জয়মতী'ৰ এগৰাকী অভিনেতা তেজপুৰৰ থানুৰাম বৰাই আমাক কোৱা মতে, জ্যোতিপ্রসাদ আগৰৱালাই হেনাে ফুনু বৰুৱাক কৈছিল - 'তােমাতকৈ সুন্দৰ গদাপাণি মই ক'ত পাম’—থানুৰাম বৰাৰ মতে, '... ফুনু বৰুৱাক নায়কৰ চৰিত্ৰটোত লােৱাৰ মূল কাৰণ— ফুনু বৰুৱাই কেমেৰাৰ সন্মুখত অভিনয় কেনেকৈ কৰিব লাগে জানিছিল। আনহাতে তেওঁ আছিল মঞ্চৰ সু-অভিনেতা। 'শকুনিৰ প্রতিশােধ'ত শকুনিৰ চৰিত্ৰত অভিনয় কৰি সেই সময়ত নাম কৰিছিল। 'পিয়লি ফুকন', 'কর্ণার্জুন’, 'মৰাণ জীয়ৰী’, ‘চক্ৰধ্বজ সিংহ’, 'নন্দ দুলাল’ আদি নাটকত অভিনয় কৰি, সেই সময়ত অসম বিখ্যাত। নহ'লেনাে কিয়? ফুনু বৰুৱাৰ জন্ময়ে যে অভিনয়-সংগীতৰ মাজত। সংগীতাচার্য লক্ষীৰাম বৰুৱাৰ দ্বিতীয় পুত্র। পােছাকী নাম পৰশুৰাম বৰুৱা। সকলােৱে ফুনু বুলি মাতিছিল কাৰণেই পােছাকী নামটো আঁৰতে থাকি যায়। সেয়া যি নহওক ‘জয়মতী'ৰ বাবে বহু বাক-বিতণ্ডাৰ পিছত ফুনু বৰুৱাক মান্তি কৰােৱা হৈছিল। ফুনু বৰুৱাই লিখিছিল— আচলতে মােৰ চিনেমাত কাম কৰিবলৈ ভয় লাগিছিল। যাত্রা, ভাওনা, মঞ্চত অভিনয় কৰিছিলোঁ যদিও চিনেমাৰ অভিনয় এইবােৰৰ ওচৰৰ নাছিল। অৱশ্যে এটা কথা অনুভৱ কৰিছিলোঁ চিনেমাৰ অভিনয়ত যাত্রা বা ভাওনাৰ অভিনয়তকৈ কম কষ্টকৰ। কিয়নাে মঞ্চত এবাৰ ভুল কৰিলে শুধৰােৱাৰ কোনো বাট নাথাকে। চিনেমাৰ অভিনয়ত ৰিটেকৰ সুবিধা থাকে। বিভিন্ন এংগলৰ পৰা ছবি লােৱাৰ সুবিধা থাকে। কেতিয়াবা যদি বচন ভুল হৈছে, সেইবােৰ শুধৰােৱাৰ সুযােগ থাকে। এই সুযােগৰ কথা মনলৈ অহাৰ পাছতেই কথাছবিত অভিনয় কৰিবলৈ মই সাহস গােটাইছিলোঁ।' এইখিনিতে উল্লেখ কৰিব পাৰি যে ফুনু বৰুৱা অকল অভিনেতাই নাছিল, সংগীতৰ সৈতেও জড়িত আছিল। পিতৃ লক্ষ্মীনাথ বৰুৱাই গৌৰীপুৰৰ জমিদাৰ প্রভাত চন্দ্ৰ বৰুৱাৰ পৰা পেৰিছৰপৰা অনা এখন সুন্দৰ বেহেলা উপহাৰ হিচাপে পাইছিল। পিতৃৰ হাতৰপৰা পিছত এই বেহেলাখন ফুনু বৰুৱাৰ হাতলৈ আহিছিল। আৰু এই বেহেলাখন লৈয়েই বিভিন্ন সংগীতানুষ্ঠানত যােগ দিছিল।

                    জয়মতী চাৰি নে পাঁচ নম্বৰ...
প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী’কেন্দ্রিক দুটা চর্চা প্রায়ে হয়—(ক) ভাৰতৰ চতুর্থখন সবাক চিনেমা, (খ) ডাবিং কৰা প্ৰথমখন ভাৰতীয় চিনেমা। —হয় জানো? ২০ মার্চ, ১৯৩৫ চনৰ আগৰ সময়ছােৱাত মাত্র তিনিখনহে সবাক ভাৰতীয় চিনেমা নির্মাণ হােৱা 'তথ্য’টো কিমান সত্য? প্রথমবাৰ এই 'তথ্য’টো পঢ়িছিলাে এখন সাপ্তাহিক অসমীয়া কাকতত, কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যােৱা চিত্র সাংবাদিক এগৰাকীৰ লেখাত। তাৰ পাছত সেই 'তথ্য’ কেইবাখনাে কাকত-আলােচনীৰ পৃষ্ঠাত পঢ়িছিলাে। সেই প্রসঙ্গ এই লেখাৰ বিষয় নহয়। এই লেখাৰ বিষয়— প্রকৃত তথ্যৰ সন্ধান।

প্ৰথমখন 'সবাক ভাৰতীয় ছবি (সেই সময়ত ‘চিনেমা’ ধাৰণা নাছিল) বা ভাৰতীয় বােলছবি ‘আলম আৰা'। ইমানদিনে আলমআৰা ভাৰতৰ প্ৰথমখন সবাক ছবি বুলি কৈ অহা হৈছে। কিন্তু শেহতীয়াভাৱে কেইবাগৰাকীও ছবি আলােচকে উল্লেখ কৰিছে যে কানাড়া ভাষাৰ 'ভক্ত কবীৰ'হে ভাৰতৰ প্ৰথমখন। সবাক ছবি বা বােলছবি। (ভাৰতৰ চিনেমা ইতিহাসত ১৯৩৪ চনতহে 'সতী সুলােচনা'ৰে কন্নড় চিনেমাৰ ‘সবাক যুগ' আৰম্ভ হােৱা যি তথ্য পােৱা যায়, সেয়া যে সত্য নহয়, যুক্তি আগবঢ়াইছে একাংশ চিনে পণ্ডিতে।) ১৯৩০ চনত বােলছবিখন দর্শকে চোৱাৰ সুযােগ পাইছিল। 'ইণ্ডিয়ান চিনেমা’ নামৰ সংকলন এটাত সন্নিবিষ্ট লেখা এটাত এই বিষয়ে এনেদৰে উল্লেখ কৰিছে- 'গাব্বি বিৰান্না এগৰাকী মঞ্চকর্মী। তেওঁক নাটকৰ ন-ন শৈলীৰ আৱিষ্কাৰক বুলি কোৱা হয়। আজিও এইগৰাকী নাট্যকর্মীৰ নাম শ্রদ্ধাসহকাৰে লােৱা হয়। ১৯২২-২৩ চনৰ সময়ছােৱাত গাব্বিৰ এখন নাটকে দর্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল। দর্শকসকলৰ মাজত জনপ্রিয় হােৱা বাবেনাটকখন অসংখ্যবাৰ মঞ্চস্থ কৰিবলগীয়া হৈছিল। কিন্তু গাব্বিৰ পক্ষে দর্শকে বিচৰা ধৰণে নাটকখন একেৰাহে ইমানবােৰ দর্শনী মঞ্চস্থ কৰাটো সম্ভৱ নাছিল। বিশেষকৈ নাটকখনৰ অভিনেতা-অভিনেত্ৰীসকলক গাব্বিয়ে ইয়াৰ বাবে সন্মত কৰাব পৰা নাছিল। সেই সময়ত দক্ষিণ ভাৰতৰ তামিল আৰু তেলেগু চিনেমাৰ ক্ষেত্ৰ দুখনত নির্বাক যুগ আৰম্ভ হৈছিল। গাব্বিয়ে ঠিক কৰিলে— নাটকখন কেমেৰাত বন্দী কৰা হওক। কিন্তু সংলাপৰ কি কৰা হ'ব? সেই কথা ভাবি গাব্বি প্রায় নিৰাশ হৈ পৰিছিল। কিন্তু নিৰাশ নহ’ল বিজ্ঞান চর্চা কৰি ভাল পােৱা তেওঁৰ দলৰে এজন অভিনেতা। অৱশ্যে ইয়াৰ বাবে গাব্বিয়ে ১৯৩০ চনলৈকে অপেক্ষা কৰিবলগীয়া হ’ল। সেই অভিনেতাজনে ১৯২৯ চনৰ কোনােবা এটা দিনত মুম্বাইৰ মে ডানা থিয়েটাৰত আমেৰিকান সবাক ছবি ‘মেল’ডী অব লাভ’ চোৱাৰ সুযােগ পাইছিল। অভিনেতাজনে ‘মেল’ডী অৱ লাভ’ৰ প্রযুক্তি ব্যৱহাৰ কৰি 'ভক্ত কবীৰ'ত শব্দ দিয়াৰ ব্যৱস্থা কৰিলে। এই সবাক ছবিখন দর্শকে চোৱাৰ সুযােগ পালে ১৯৩০ চনৰ ২৭ মার্চত। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি বিশ্বৰ প্ৰথমখন সবাক ছবি ১৯২৭ চনৰ ৬ অক্টোবৰত নিউয়র্কত মুক্তি পাইছিল।

All talking, all singing, all dancing বুলি প্ৰচাৰ চলােৱা হিন্দী ভাষাৰ ‘আলমআৰা’মুম্বাইত মুক্তি পাইছিল ১৯৩১ চনৰ ১৪ মার্চত, ‘ভক্ত কবীৰ'ৰ প্রায় এবছৰ পাছত। অৱশ্যে এটা কথা স্পষ্ট— ‘ভক্ত কবীৰ' প্ৰকৃতাৰ্থত পূর্ণদৈর্ঘ্যৰ ছবি নাছিল। সেই হিচাপত এম ইৰানীৰ ‘আলমআৰা'হে প্রথমখন ভাৰতীয় পূর্ণদৈর্ঘ্যৰ সবাক ছবি। আন এখন সবাক ছবি 'কালিদাস’ মুক্তি পাইছিল ১৯৩১ চনৰ জানুৱাৰীত, তৃতীয় শুকুৰবাৰে৷ কিন্তু এইখনো পূৰ্ণদৈৰ্ঘ্যৰ ছবি নাছিল৷ হ’লেও ‘কালিদাস' ‘আলমআৰাত’কৈ আগেয়ে চিত্ৰগৃহলৈ আহিছিল। এতিয়া স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে– চিনেমা সম্পর্কে চিন্তা-চৰ্চা কৰাসকলৰ মাজত এই তথ্য বিভ্রান্তি হােৱাৰ কাৰণ কি? এইখিনিতে এটা কথা স্পষ্ট কৰি হােৱা ভাল হ'ব—এই চিনেমাবােৰ মুক্তি পােৱাৰ সময়লৈকে কোনাে চেন্সৰৰ ব্যৱস্থা নাছিল। চিনেমাবােৰ সম্পূৰ্ণ হােৱাৰ লগে লগে দর্শকৰ ওচৰলৈ গুচি গৈছিল। সেই কাৰণেই সম্ভৱতঃ এই তথ্য বিভ্রান্তিৰ সূত্রপাত হৈছে। আৰু এটা কথা, চিনেপণ্ডিতসকলৰ চিনেমা চর্চা আছিল হয়তাে মুম্বাই কেন্দ্রিক। ফলত আঞ্চলিক ভাষাবােৰত নির্মাণ হােৱা ছবিবােৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ ভালেকেইগৰাকী চিত্রকর্মী স্বীকৃতিৰ পৰা বঞ্চিত হৈ আহিছে। এতিয়া কথা হ'ল— সেই মহান চিত্রকর্মসকলক আজিও স্বীকৃতি দিয়া নহ'ব নেকি? সেই কাৰণেই ভাৰতৰ চিনেমাৰ ইতিহাস নতুনকৈ লিখাৰ কাম চলিছে।

১৯৩৫ চনৰ ২৭ মার্চলৈকে 'ভাৰতীয় চিনেমাৰ ইতিহাস’ অধ্যয়ন কৰিছিলো বিভিন্ন মাধ্যমত। চিনেমা বিষয়ত গৱেষণা কৰি থকা আৰ কে ৰাঘৱনে ক'লে—১৯৩০ চনৰ ৭ মার্চলৈকে তামিল, তেলেগু ভাষাত ১৮খন পূর্ণদৈর্ঘৰ কথাছবি নির্মাণ হৈছিল। চুটি-চুটি বােলছবিও নির্মাণ হৈছিল। শুদ্ধ তথ্য পােৱা নাযায়।' তামিল চিনেমাৰ ‘সবাক’ আৰম্ভ হৈছিল 'কালিদাস’ৰে, ১৯৩১ চনত। 'ভক্ত প্রহ্লাদ’ৰে সেই একেটা বর্ষতে তেলেগু চিনেমাৰ 'সবাক যুগ’ আৰম্ভ হৈছিল। বাংলা চিনেমাৰাে 'সবাক যুগ’ আৰম্ভ হৈছিল এই বছৰটোতে। অমৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘জামাই ষষ্ঠী’প্রথমখন বাংলা কথাছবি। দৈর্ঘ আছিল প্রায় ৩০ মিনিটহে। ৩০ ডিচেম্বৰ, ১৯৩১ ত ‘দর্শক’ৰ বাবে মুকলি কৰি দিয়া প্রেমাকুংৰ আতর্থীৰ 'দেনা-পাওনা’প্ৰথমখন পূর্ণদৈর্ঘ্য বাংলা কথাছবি। প্রথমখন অসমীয়া কথাছবি চিত্ৰগৃহলৈ অহাৰ বৰ্ষটোত নির্মাণ হৈছিল ১২ খন পূর্ণদৈর্ঘ্য বাংলা, ৮ খন মাৰাঠী আৰু দক্ষিণ ভাৰতৰ পৰা ২৫ খন কথাছবি। এই তথ্য মাৰাঠী গ্রন্থ ‘আজছা চিত্রপট’ৰ। গ্ৰন্থখনত প্ৰকাশ পােৱা তথ্যমতে, ১৯৩২ চনত চিত্ৰগৃহলৈ অহা সবাক মাৰাঠী চিত্রকর্ম ‘অযােধ্যেচা ৰাজা'ৰ লগতে পৰৱর্তী বৰ্ষত চিত্ৰগৃহলৈ অহা বাংলা চিনেমা নিতীন বােসৰ ‘ভাগ্যচক্র’ ‘ডাব’ কৰা হৈছিল।

                      নলীন দুৱৰাই কৈছিল...
নলীন দুৱৰা। অসমীয়া চিনেমাৰ 'সেউজ অতীত'। চিনেমেটোগ্রাফাৰ, পৰিচালক। 'মমতাজ’ (১৯৭৩) আৰু 'ৰতনলাল’ (১৯৭৫)ৰ পৰিচালক। ‘নিমিলা অংক’, ‘স্মৃতিৰ পৰশ’, ‘লখিমী’, ‘মাক আৰু মৰম’, ‘ধুমুহা’, নৰকাসুৰৰ পৰা ‘কনকলতা’, ‘বংশধৰ'লৈকে প্রায় দুকুৰি অসমীয়া চিনেমাৰ চিত্রগ্রহণকাৰী। ১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীৰ পৰিচালনাৰে নির্মিত ‘নিমিলা অংক’ প্রথম চিত্ৰগ্ৰহণ কৰা চিনেমা। মুম্বাইৰ জেভিয়াৰচৰ অধীনস্থ আব্দুল্লাহ ফতেহ ভাই চিনেমেটোগ্রাফী ইনষ্টিটিউটৰ (১৯৪৮) স্নাতক নলীন দুৱৰাক লগ পাইছিলোঁ কেইবাবাৰাে। শেষৰবাৰ লগ পাইছিলোঁ ১৯৯৪ চনৰ শেষৰফালে। শেষবাৰ লগ পােৱাৰ পিছতে মই মুম্বাইলৈ গুচি গৈছিলোঁ আৰু তাত থকা সময়ছােৱাতে, ২০০১ত 'খবৰ' পাইছিলোঁ— দক্ষ 'চিত্রকর্মী’গৰাকীৰ পৰলােকপ্রাপ্তিৰ। সেই যে কেইবাবাৰাে লগ পাইছিলোঁ, তেতিয়া বহু কথাৰ মাজতে ‘জয়মতী'ৰ কথাও পাতিছিলো। সেই সময়ত দৈনিক কাকত ‘আজিৰ সংবাদ’ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হৈছিলোঁ; আৰু চিত্রকর্মী’গৰাকীয়ে কোৱা কথাৰে ‘জয়মতী'ৰ বিষয়ে লিখিছিলোঁ। পৰিচালক- চিনেমেটোগ্রাফাৰগৰাকীয়ে কৈছিল— '১৯৩৬ চনত চিনেমাখন মই চাইছিলোঁ। চোৱাৰ সৌভাগ্য হৈছিল। চিনেমাখনত শব্দৰ খুঁত ৰৈ গৈছিল। শুনামতে Film Developingৰ কাম জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে সজা Laboratory তে কৰিছিল। Print ক'ত কৰা হৈছিল নাজানাে। চিনেমাখনৰ ছিকুৱেন্সবােৰ দীঘল-দীঘল আছিল। 'কেমেৰা মেন’ কৰা সেই সময়ত সহজ কাম নাছিল। তথাপি Geography সহজে বুজাই দিছিল। এনে ঘটবােৰ সাধাৰণতে লং শ্বটেৰে লােৱা হয়। ফটোগ্রাফীৰ কম্পজিচন সুন্দৰ আছিল। এটা ধোঁৱা খােৱা ব্যৱহাৰ কৰি ক'লা বগা ছবিৰ ভাৰসাম্য ৰক্ষা কৰিছিল। মই আচৰিত হৈছিলোঁ— এটা শ্বটৰ পৰা আনটো শ্বটলৈ যাওঁতে কেনেকৈ অভিনেতাসকলৰ স্থান, গতি, চকুৰ দৃষ্টি আদি সঠিকভাৱে 'মঞ্চ' নকৰাকৈ কৰিছিল, সেই কথা ভাবি। বহু সময় ভবাৰ পিছত মই উত্তৰ পাইছিলোঁ— জয়মতীৰ চিত্রনাট্য আছিল সুপৰিকল্পিত, যাৰ বাবে প্রতিটো শ্বট প্রায় একে ঠাইতেই কেমেৰা বহুৱাই লােৱা হৈছিল যদিও গতি ইত্যাদি সমস্যা হােৱা নাছিল। - (বেলশৰ/জুন/১৯৯৪, সংযােজন : ১০ মার্চ, ২০০২/১৫ মার্চ, ২০১৭)


Share:

Saturday, September 25, 2021

Assamese Poem : নতুন দিন


 
নতুন দিন

অনামিকা ভূঞা

পোহৰৰ আগমনত

খিৰিকীখন খুলি দিলো

এজাক কোমল বতাহে

মোক চুই গ’ল আপোনমনে


নতুন দিনৰ নতুন প্ৰস্তুতিৰে

দিনটোক আদৰিবলৈ

পুৱাৰ বতাহত 

বৰগছজোপা গহীন হৈ 

আকাশলৈ মুৰ তুলি চাই আছে


এটা নতুন দিন আহে

বিয়লিলৈ নাথাকে

নতুন দিনৰ মাদকতা

এইদৰে সদায় আহে নতুন দিন

এইদৰে সদায় যায়গৈ এটা দিন

Share:

Monday, September 20, 2021

Assamese Poem : শাৰদী

 


শাৰদী

অৰ্চনা হাজৰিকা    


টোপ টোপ নিয়ৰ সৰে

   ন কুঁৱলীয়ে ঢাকি ধৰে

   শৰতৰ আগমনে ধৰণী উলাস কৰে

শ'ৰালি হাঁহ জাকে সুললিত ধ্বনিৰে

    শুকুলা ডাৱৰলৈ উৰা মাৰে

শেৱালিৰ সুবাসে

     মনবোৰ পুলকিত কৰে।

Share:

Assamese Poem : সন্ধান


 
সন্ধান

অৰ্চনা হাজৰিকা


সপোনৰ দলিছা দেখিছানে বাৰু?

সপোনবোৰ হয়নে বাৰু পূৰণ?

কেতিয়াবা সপোনচোন সপোন হৈয়ে ৰয়

বাস্তৱিকতাৰ মায়া জালে যে আৱৰি পেলায়

ভৱা হয় এক, কাৰ্য হয় এক

ধুসৰিত এক মায়াজাল মাথোঁ!


থাকো আমি মায়াজালৰ পাশত

যোৱাৰ সময় আমি গমকে নাপাওঁ

থাকি যায়চোন বহু কাম কৰিবলৈ আমাৰ

প্ৰতি কৰ্ম কৰি যাওঁ আমি

আগবাঢ়ি যাওঁতে উজুটি খাওঁ

ধীৰ গতিৰে আমি আগবাঢ়ো

পিচলি নপৰিবা, গতি কৰা লাহে লাহে

প্ৰতি খোজত যোৱাৰ প্ৰতিশ্ৰুতিৰে,

অৱকাশ নাই যে আমাৰ!

Share:

Sunday, September 19, 2021

Assamese Poem : একেই হৈ থাকিবনে সময়

 


"মৃতকৰ লগতে গুচি নাযায় একো,

পৃথিবী একেই হৈ ৰয়"

      মণিকুন্তলা ভট্টাচাৰ্য


একেই হৈ থাকিবনে সময় 

ময়ূৰী শৰ্মা গোস্বামী 


পৃথিবী একেই হৈ ৰয়।


ৰয় নে একেই হৈ পৃথিবী?

ৰং থাকেনে একেই হৈ?

থাকেনে একেই হৈ মন ?

আশা থাকি নাযায় নে

শেষবাৰলৈ এক সহৃদয়ৰ আলিংগন। 


বুকুয়ে বুকুয়ে সজা হৈ যায় পঁজা, 

সেই পঁজাৰ প্ৰতি বেৰতে ভালপোৱাৰ নিচা! 

সেইখন বুকুতে উমি উমি জ্বলি নুঠিব জানোঁ

হেজাৰ শোকৰ এখন এখন চিতা? 

দিন আৰু ৰাতি, 

মাথোন দিন আৰু ৰাতি হ'ব,

হ'ব মাথোন সময়ৰ ৰংহীন কম্পন, 

একেই থাকিব জানোঁ উশাহৰ প্ৰতিটো স্পন্দন? 


মাথোঁ একেই থাকে

ভালপোৱাৰ সংজ্ঞা। 

একেই থাকে আত্মীয়তাৰ সুঘ্ৰাণ। 

নিস্বাৰ্থ ভালপোৱাৰ আজ্ঞা ।

একেই ৰৈ যায়

স্মৃতিৰ সোণালী সৌধ। 

একেই ৰৈ যায় প্ৰাণ প্ৰাচুৰ্যতাৰ মহৌষধ ।


বুকুৱে বুকুৱে সদায়ে থাকিবা, 

হাঁহিৰ এটি এটি ফোঁৱাৰা হৈ। 

স্মৃতিয়ে স্মৃতিয়ে সকলোকে বুৰাবা, 

গুণগুণগানৰ জলপ্ৰপাত হৈ।

Share:

Saturday, September 18, 2021

Assamese Poem : আই তোমাৰ অনুকাশ আৱেগত


 
আই তোমাৰ অনুকাশ আৱেগত

শেৱালি বৰুৱা শইকীয়া


আই তোমাৰ বুকুৰ পৰা

মোলৈ  সিঁচি ল'লোঁ ৰ'দৰ

এসাজ সেউজীয়া বসন;

ল'ৰালিৰ পদূলিত বকুলসৰা

সুবাসবোৰক মেৰিয়াই অনুভৱৰ কোমল জোনাকত

তোমাক কাষত বিচাৰিছিলোঁ,


শতাব্দীৰ এলাগী আন্ধাৰবোৰত বাট হেৰুৱাই তোমাৰ হাতত ধৰি আগুৱাইছিলো,

স্ৰোতশ্বিনী তুমি চিৰদিন! তোমাৰ মমতাময়ী 

অভেদ্য কৱচ আজিও মোৰ হৃদয়ত লিপিট খাই আছে,

জন্ম- জন্মান্তৰলৈ তোমাৰ 

হেঁপাহবোৰ কেৱল অৰ্পিসৰ আঁচলত গাঁঠি থ'লোঁ ।

যন্ত্ৰণাৰ সৈকতৰ পাৰত থিয় হৈ অনৰণ্য তুমি মোৰ আই!

Share:

Assamese Poem : আহিন


 
আহিন

উৎপল ভূঞা


পথাৰ সেউজ

আপোনমনে নাচিছে 

গাভৰু হ’বলৈ ধৰা শইচে


পথাৰৰ বুকুত শইচৰ

অনাগত দিনৰ জাননী


শৰতৰ আকাশৰ তলত

পথাৰৰ গৌৰৱ


পথাৰে বুকুত লৈ আছে সেউজ শইচ

Share:

Friday, September 10, 2021

Assamese Poem : অভিশপ্ত মা কমলা

 


অভিশপ্ত মা কমলা

নিবেদিতা ভৰালী


পশ্চিম আকাশৰ ৰক্তিম

আভাৰ পৰিধিবিহীন

লুইতৰ বুকুত আঁচল

মেলাৰ ক্ষণতে

মা কমলাই কঢ়িয়াইছিল

  যাত্ৰীৰ অলেখ সপোন।


নিৰবে নিঃশব্দে

শুভ বাৰ্তা বিলাইছিল

 শান্ত গাভৰুজনীয়ে।

লহৰৰ সুৰৰ ঝংকাৰ

তাইৰ কানত বাজি উঠাত

মন আনন্দত মতলীয়া হৈ

ব্যক্ত কৰে তাই প্ৰাণৰ কথা 


হঠাতে কেনিনো হেৰাল

সুৰৰ ছন্দ।

দিশহাৰা তাই আজি।

অযুত স্বপ্ন বিলীন হ'ল

টিপকাইৰ প্ৰচণ্ড খুন্দাত।


মহাবাহুৰ বুকুত 

মৃত্যুৰ কিৰীলিত 

পক্ষীৰ কাকলি স্তব্দ

গছ-বিৰিখ-লতিকা নিঠৰ হ'ল

দি যায় মাথোঁ 

বেথা বেথা বেথা।

বুকুত ৰৈ যায় এক 

মৃত্যুৰ গান।

গানত সংৰক্ষিত ক্ষোভে

বৰষুণক ৰাখিব নোৱাৰে

দুচকুয়ে।

Share:

Monday, September 6, 2021

Assamese Poem : শৰৎ

 


শৰৎ

অৰ্চনা হাজৰিকা


               ১

শৰৎ আহিল

   শেৱালি ফুলিল

ভাদ মাহত নামঘৰত

নামৰ জেউতি চৰিল।

               ২

মলয়া আহি কাণে কাণে ক’লে

গধূলি সোনকালে হ’বৰ হ’ল

  জহৰ দিনচোন উকলিবৰ হ’ল।

ভদিয়াৰ ভাতপিঠা,

     কৃষকৰ ভাগৰ মাৰিবৰ হ’ল।

               ৩

ভাদত আহিল বান

   বানে কৰিলে সকলো থানবান

নদী পৰিয়ালৈ কালধুমুহা আহিল

খেতি, পশুধন উচন হ’ল

ঘৰ-বাৰী উটি গ’ল।

               ৪

আকাশত ৰামধেনু উদয় হ’ল

প্ৰকৃতিৰ দৃশ্য অপৰিসীম হ’ল।

               ৫

এফালে কভিদ,আনফালে বানপানী

সকলো অসহায় হ’ল

এইয়া প্ৰকৃতিৰ ৰুস্থ বিননি।

Share:

Tuesday, August 31, 2021

Indian Institute of Technology Guwahati Recruitment 2021 : Apply for the Post of Project Technician

Indian Institute of Technology Guwahati Recruitment 2021 : Indian Institute of Technology Guwahati,  Guwahati-781039, Assam has invited applications for the post of Project Technician.

Online interview for project position Project Technician under the sponsored project in the Dept. of Mechanical Engineering, IIT Guwahati.

For detailed advertisements may please visit https://iitg.ac.in

Share:

Indian Institute of Technology Guwahati Recruitment 2021 : Apply for the Post of Technical Assistant

Indian Institute of Technology Guwahati Recruitment 2021 : Indian Institute of Technology Guwahati,  Guwahati-781039, Assam has invited applications for the post of Technical Assistant

Name of the Post : Technical Assistant

Online interview for project position Technical Assistant under the sponsored project in the Centre for Educational Technology, IIT Guwahati. For detailed advertisements may please visit https://iitg.ac.in

Share:

Oil India Limited Recruitment 2021 : Apply for the Post of Assistant Technician, Junior Engineer

Oil India Limited Recruitment 2021 :  Oil India Limited, Pipeline Headquarters,

P.O. - Udayan Vihar - 781171, Assam
has invited applications for the post of Assistant Technician, Junior Engineer.

Recruitment of Grade-III & VII in
Oil India Limited

Oil India Limited (OIL) invites online applications from eligible
Indian Nationals for the following posts:

A. For Grade "lll':
Post Code : Post
ATECA : Assistant Technician (Electrical & Cathodic)
ATTEL : Assistant Technician (Telecommunication)
ATFIT : Assistant Technician (Fitting)

B. For Grade 'VII':
Post Code : Post
JEECA : Junior Engineer (Electrical & Cathodic)
JETEL : Junior Engineer (Telecommunication)
JECIV : Junior Engineer (Civil)
JEOPE : Junior Engineer (Operations)
The last date of receipt of Online Application is 23:59 Hours on 21-09-2021.

For details visit:
https://www.oil-india.com/Current_openNew.aspx
https://www.oil-india.com/

Advertisement Details :


Share:

Saturday, August 28, 2021

Assam Power Distribution Company Limited (APDCL) Recruitment 2021 : Apply for the Post of Deputy General Manager (Law)

 Assam Power Distribution Company Limited (APDCL) Recruitment 2021 : Assam Power Distribution Company Limited (APDCL) has invited applications for the post of Deputy General Manager (Law)


Name of the Post : Deputy General Manager (Law)


Number of Post : 1


Age : Minimum 45 years and maximum

52 years (as on 01.08.2021)


Pay Scale : 45 1-4 Level. Rs. 42,000-1,16,000

with Grande Pay- 17,400


Minimum Relevant Post Qualification

Experience : 15 years


Website : www.apdcl.org


Last Date : 24.09 2021


Advertisement Details : 


Share:

Assamese Poem : জীৱনৰ ৰং


 জীৱনৰ ৰং
 

নিবেদিতা  ভৰালী


জীৱনটোক  জুখিবলৈ

 নাই তুলাচালনী

জীৱনৰ আদবাটতে

 কিয় সামৰিব লগা হ'ল

তাইৰ ফুল কুমলীয়া তন

তাই অন্যায়ৰ পথও

বাছি লোৱা নাছিল

তাইৰ সপোনবোৰ কাঢ়ি

নিয়াৰ অধিকাৰ

কাৰো নাছিল।।


জীয়া জুইকুৰা এতিয়াও

জ্বলি আছে ৰাজপথত

হাজাৰজনৰ পদধূলাত

নিমিষতে ভস্ম হ’বলৈও

বেছি পৰ নালাগে।

এইয়া কি জীৱনৰ ৰং।৷

Share:

Wednesday, August 25, 2021

Assamese Poem : কথা কোৱা শিলবোৰৰ উচুপনি

 


কথা কোৱা শিলবোৰৰ উচুপনি

শেৱালি বৰুৱা শইকীয়া


ইতিহাসত অৱগাহণ কৰি দুপৰ নিশা মৰা ভৰলীয়ে উচুপিছিল,

ডেবেৰা হাজৰিকাৰ কুটিলতাত সাৰ পাইছিল সময়বোৰে,

ইতিহাসে চিঞৰি চিঞৰি কান্দিছিল

লাই লেচাই মাতৃহাৰা হোৱা সোঁৱৰণীৰ বুকুত তেজবোৰে মজিয়াত ভকভকাই উঠিছিল!

সময়বোৰ ক'ৰ পৰা 

আৰম্ভ হৈ

ক'ত শেষ হ'ব খুজিছে এতিয়া জানিবলৈ কাৰোৱেই অৱকাশ নাই

স্ৰোতশ্বিনী গঙ্গাৰ তীৰে তীৰে


জীৱনৰ ৰহস্যবাদৰ অতীব অনুৰাগত কঁপি উঠিছিল

সুন্দৰৰ অন্বেষণৰ নিস্পেষিত প্ৰতিবাদ,

জ্বালামুখী শব্দৰ তীক্ষ্ণ সংস্পৰ্শত আউঠানি অনুভৱত জিকাৰ খাই উঠে

স্ৰোতশ্বিনীৰ 

মন্দাক্ৰান্তা সোঁতত উটি যোৱা

স্বপ্নিল সময়ৰ শিলালিপিত

লিখিব পৰাকৈ খবৰবোৰে

এতিয়া বিভ্ৰান্ত বাস্তৱৰ কোলাত উচুপি উঠে সঘনাই,

খবৰবোৰ ক্ৰমান্বয়ে ধূসৰ হৈ

পৰে দিগন্তৰ সীমনাত,

কেনেকৈ লিখিম প্ৰতিটো পুৱাই নির্যাতিত হোৱা মমতাময়ী নাৰীৰ কথাবোৰ?

অন্তৰাত্মাৰ পুঞ্জীভূত কথাবোৰে বৃদ্ধাশ্ৰমৰ দুৱাৰমুখত ৰৈ আমনি কৰে,

যৌতুকৰ বাবে জ্বলাই দিয়া

ছবিখন চাই কঁপি থকা হৃদয়খনক কেনেকৈ সান্ত্বনা দিওঁ বাৰু?

কণমানি জনীয়ে পখিলা খেদি ফুৰোঁতেই কথাবোৰ নিষিদ্ধ বতাহৰ দৰেই 

হৈ পৰে


আকাশত মুক্ত মনে উৰি থকা

চিলাখনৰ আঁত ডাল চিঙি ভূলুণ্ঠিত হোৱা সপোনবোৰৰ তমসাময়ী উচুপনিত কথাকোৱা জীয়া শিলৰ ফাঁকবোৰত এমুঠি ক্ষোভ

এমুঠি বেদনাৰ উৰ্মিলিয়ে 

পথ হেৰুৱাই শৈৱলিনীৰ বুকুৰ কক্ষাবোৰ খণ্ডিত হৈ

নিজম নিশাৰ কোলাত 

দ্বীপান্তৰিত হৈ পৰে।

শান্তনু কুলনন্দনৰ দ্যুতিমান

জোনাকত উদ্ভাসিত সভ্যতাৰ

ঐশানুত ঘূণে ধৰিছিল সিদিনা!

বৰলুইতৰ দুপৰীয়াবোৰত

নিঃশব্দতাৰ  অলস কোলাত

সময়বোৰৰ ঘুমটি আহিছিল,

ড্ৰাগছৰ 

পিপাসাৰ্ত আঁচোৰত অৰ্পিসৰ

কোমল অনুভূতিবোৰ প্ৰবঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে,

প্ৰাচুৰ্যমুখী শস্য ভূমিত 

অপতৃণবোৰৰ হেন্দোলনিত

কাঁইটীয়া দলিচাৰে পৰিবেষ্টিত এই দোদুল্যমান

অভিব্যক্তিৰ অন্তৰালত

এমুঠি আন্ধাৰৰ সুৰ লিপিৱদ্ধ

হৈছে,

 হৃদয়ৰ কিংকিনীত

সুবংকিম ভাঁজবোৰে এতিয়াও বাট চাই আছে

জীয়া শিলে কথাকোৱালৈ,

 উচুপনিবোৰ কঢ়িয়াই অনা অৰ্থব্যঞ্জক জীৱনৰ  দিনলিপিৰ ছাঁ-পোহৰত নিবিড় হোৱা অভিশাপবোৰ

সেউজীয়া অনুভূতিৰে ভৰি পৰক,

মনাকাশত এমুঠি ৰামধেনুৰ

বৰ্ণিল বৰ্ণমালাৰ সুবাসেৰে 

সুশোভিত মেঘৰঞ্জনীৰ বুকুত

মেঞ্জুৰে পেখম ধৰি

আমাৰ বাবে কঢ়িয়াই আনক

সপ্তদ্বৰা মৃণ্ময় সীৰলুত

এমুঠি জীৱন জোনাক;

ঘৰমূৱা আবেলিৰ নয়নাভিৰাম নূপুৰৰ শব্দেৰে

উভতি আঁহক 

ঐশ্বৰ্যৰ চিহ্নময়ী  সায়ংকালীন প্ৰাৰ্থনা;

ইতিহাস ক্ষোদক হৈ থাকক

অনন্ত কালৰ বাবে এক

হৈমদ্যুতিৰ কথাৰে 

সাগৰসংকাশৰ স্বৰ্ণিল তৰংগৰ একোটা অন্তৰীপ হৈ

 আমাৰ নতুন জীৱনৰ বাবে!

Share:

Assamese Poem : সময়


সময়

নিবেদিতা ভৰালী


সময়ৰ যোগ-বিয়োগ

সময়ৰ উত্থান-পতন

জীৱন নাটৰ নায়ক।

সময়বোৰ যে পাৰ হ'ল

কেৱল সময়ে বুজে।


হাঁহি-কান্দোন 

জীৱনৰ খেলা

জীৱনৰ আশা-নিৰাশা

হৃদয় কপোৱা দুখ।


নতুন প্ৰভাতে কঢ়িয়াই

আনিব দুনাই আশাৰ ৰেঙনি।

সুখ-দুখ জীৱনৰ অনুভূতি

জীৱনৰ বৈচিত্ৰময়ত

জীৱন সুন্দৰ।

আউসী নাথাকিলে

পূৰ্ণিমাৰ সৌন্দৰ্য ক’ত?

Share:

Tuesday, August 24, 2021

Jal Jeevan Mission, Assam Recruitment 2021 : Apply for the Post of Technical Officer

Jal Jeevan Mission, Assam Recruitment 2021 :  Jal Jeevan Mission, Assam has invited applications for the post of Technical Officer I (Contractual)

Applications are invited from eligible
candidates for the following position under
Jal Jeevan Mission, Assam initially for period of 11 (Eleven) Months which will be extended depending upon the performance of the candidate and requirement of the project.

Name of the Post : Technical Officer I (Contractual)

Number of Post : 144

Qualification : B.E./B.Tech. in Civil Engineering with 60% marks.

Remuneration : 30,000/- Per Month

Website :  http://www.tezu.ernet.in or
send email to jaljeevantu@gmail.com

Advertisement Details :


Share:

Monday, August 23, 2021

COMMON ENTRANCE EXAMINATION FOR ADMISSION INTO B.Sc. NURSING AND DIPLOMA IN PHARMACY COURSES IN THE INSTITUTES UNDER DIRECTORATE OF MEDICAL EDUCATION, ASSAM FOR THE SESSION 2021

 Application Forms for Common Entrance Examination for selection of candidates for admission into both 1st year B.Sc. Nursing and Diploma in Pharmacy courses in the Institutes under the Directorate of Medical Education, Assam for the session 2021 is going to be held on 24-10-2021.

Online Application Forms shall be available on Srimanta Sankaradeva University of Health Science website: www.ssuhs.in from 23-08-2021 to 11-09-2021. The online application Form must be filled up after carefully going through the instruction given along with the Form. The application Form will no longer be available after 11-09-2021 (5:00 PM). So, interested candidates are advised to submit the Form within the stipulated period only.

A non-refundable fee of Rs. 1200/- (Rupees one thousand two hundred) only is required to be paid through the SBI payment gateway available on online application page and University website. Above Examination fee is exempted for PWD (Divyang) category of candidates.

Details of the Entrance Examination including eligibility criteria and requirements shall be available at the University website: www.ssuhs.in from 21-08-2021.

The Entrance Test is going to be held on 24-10-2021 at Guwahati, Dibrugarh, Silchar, Jorhat, Barpeta. Tezpur and Diphu.

Admit Cards will be available online at www.ssuhs.in from 11-10-2021 to 19-10-2021 which can be downloaded after log in.

Candidates are strictly advised to keep record of the Application Number and

Password used by them while submitting the online form, without which they will not be able to download Admit cards.

Share:

কবিতা : আত্মাজ্যোতি

 


আত্মাজ্যোতি

অৰ্চনা হাজৰিকা


হে পৰমপিতা, পৰমআত্মা জ্যোতি স্বৰূপ বিন্দু

তুমিয়েই মোৰ সকলো

তোমাতেই অৰ্পিলো 

সকলো।

শুদ্ধ পথে নিবা মোক

দিবাকৰ, প্ৰভাকৰ, ৰত্নাকৰ তুমি

সৃষ্টি কৰ্তা, ত্ৰাণকৰ্তা, প্ৰাণকৰ্তা তুমি

আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাইছা তুমি

ঔম কাৰেশ্বৰ তুমি

সূৰ্যমুখী কিৰণ যে বিলাইছা তুম ।

জ্ঞানৰ অমিয়া ভাণ্ডাৰ।


সুললিত কণ্ঠে দিছা অমৃতবাণী

তোমাৰ মধুৰ ধ্বনি

বিলাইছা জগতক অসীম ভাণ্ডাৰ

হে প্ৰাণেশ্বৰ, নিৰাকাৰ তুমি

পুলকিত মন, প্ৰাণ অমিয়া ঝংকাৰ৷

Share:

Sunday, August 22, 2021

কবিতা : ভাদ



 ভাদ

উৎপল ভূঞা


পথাৰত এতিয়া 

কিশোৰীৰ 

লাহি ককাল ভঙা নাচ


পুৰঠ ককালত

ভৰ যৌৱনৰ আগমনৰ বতৰা


কাঁহ, ডবাৰ মাতত

কিশোৰীৰ নাচোনত 

আপোন পাহৰা

পথাৰৰ কি উলাহ

Share:

Thursday, August 19, 2021

কবিতা : অন্ধকাৰ

 


অন্ধকাৰ

নিবেদিতা ভৰালী


এন্ধাৰৰ আগজাননী

অহৰহ আহিব লাগিছে

  বতাহৰ চুকে কোনে

বিপদৰ সংকেতৰ ধ্বনি

বিয়পি পৰিছে চৌদিশে

আকাশ মাৰ্গ আজি অন্ধকাৰ

ত্ৰস্তমানত বাকৰুদ্ধ।


এক দুৰ্দমনীয় শক্তিলৈ

পোন্ধৰ আগষ্টত উৰিল

বিজয়ৰ পতাকা 

  তালিবানৰ।

সৰ্বসাধাৰণ জনতাৰ

মাজত সৃষ্টি হ'ল

এক অবৰ্ণনীয় পৰিস্থিতি। 

হাহাঁকাৰ কৰি উঠিল

 শিশু, কিশোৰী, মহিলা

প্ৰাণৰ সংশয়ত 

কপিব লাগিছে

আফগানী নাৰী

পৰিস্থিতিৰ দাসত পৰি

নিশাটোৰ ভিতৰতে

সলনি হ'ল ভাগ্য

ভেঁটি-মাটি এৰি আজি

    পলাতক

নিৰাশ্ৰয় হৈ দৌৰিব লাগিছে

আজি আশ্ৰয় বিচাৰি।

Share:

Monday, August 16, 2021

কবিতা : শাওণ মাহৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ "ঋতমভৰা"


 
শাওণ মাহৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ "ঋতমভৰা"

অৰ্চনা হাজৰিকা


তৰ্জন গৰ্জনে আহিলা মেঘ

গুজৰি গুমৰি হুংকাৰ দিলা

বিজুলীৰ চমকনিত মুষলধাৰে

ঢুৱালা ধৰিত্ৰীৰ বুকু।


শাওনৰ পচোৱাই পথাৰ শুৱনি কৰে

প্ৰকৃতিয়ে পূৰ্ণ যৌৱনা ৰূপ পায়।।

উৰুখা পজাবোৰত ধাৰাষাৰে

বৰষুণৰ পানীৰে উপচি পৰে।

নৈ পৰীয়াসকল সচেতন হৈ পৰে।

পথাৰ শস্য শ্যামলা হৈ পৰে


শাওন মাহ হৈ পৰে খেতিয়কৰ প্ৰাণ ৷

সজাল ধৰা সেউজীয়া দলিচাতে

সপোনৰ সুৱগা ৰচি সুখৰ সুৰভি বিলায়।  

Share:

Saturday, August 14, 2021

কবিতা : উপলদ্ধি

 


উপলদ্ধি

প্ৰদীপ কুমাৰ হাজৰিকা


ভাগৰি পৰিছা কিয়

হতাশৰ হুমুনিয়াহ কাঢ়ি

আবেগিকক

ভাৰা ক্লান্ত কৰি।


  ভাবিছানে তুমি

নাই কাৰো 

   দৃঢ় মনোবল

কাঢ়ি নিবা

প্ৰতিটো খোজতে।


সকলো বৃথা চেষ্টা

আজি তোমাৰ

পৰাজয়ৰ শিখৰত।


থমকি উঠিছে

উপলদ্ধিৰ প্ৰতিটো স্তৰত।

Share:

Wednesday, August 11, 2021

অণুগল্প : এলঝেইমাৰ



 এলঝেইমাৰ

মাধুৰী গগৈ


বয়সে গৰকা আইতাগৰাকীয়ে আজিকালি প্ৰায় সকলো কথাই পাহৰি যায় ৷ কালি মূৰ আঁচুৰিবলৈ হাততে থকা ফণিখন বিচাৰি নাপাই হুলস্থূল কৰি উঠিল৷ আজিও হঠাতে তেওঁৰ চিৎকাৰ শুনি নাতিনী দুজনী ল’ৰ মাৰি আইতাকৰ কাষ পালেহি৷ 

দুচকুত পৃথিৱীৰ সমস্ত আতংক সানি তেওঁ কান্দোনত ভাগি পৰিল, "মূৰ আঁচুৰিবলৈ মই মোৰ মূৰটোকে বিচাৰি পোৱা নাই... "৷

ঠিকনা : গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ

Share:

Tuesday, August 10, 2021

National Institute of Public Cooperation and Child Development Recruitment 2021 : Walk-in-Interview

National Institute of Public Cooperation and Child Development Recruitment 2021 : National Institute of Public Cooperation and Child Development has invited applications for the post of Project Associate, Project Assistant, Data Entry Operator, Project Assistant, Physiotherapist, Psychiatrist, Speech Therapist, Attendant.

Name of the Post :
Project Associate
Project Assistant
Data Entry Operator
Project Assistant
Physiotherapist
Psychiatrist
Speech Therapist
Attendant

Number of Post :
Project Associate
Project Assistant
Data Entry Operator
Project Assistant
Physiotherapist
Psychiatrist
Speech Therapist
Attendant

Applications are invited for the following posts on contractual basis:
Project/Study/ADCGC/Contractual Posts:
01. Project Associate : Rs. 40,000/- PM.
02. Project Assistant : Rs. 30,000/- PM.
03. Data Entry Operator : Rs. 25,000/- PM.
Child Guidance Centre:
04. Project Assistant (Social Worker) : Rs. 30,000/- PM.
05. Project Assistant (Special Educator) : Rs. 30,000/- PM.
06. Physiotherapist (Part Time) : Rs.15,000/- PM
(24 hrs in a Month & More than 10 Yrs
Experience.)
07. Psychiatrist (Part Time) : Rs. 15,000/- PM
(24 hrs in a Month & More than 10 Yrs Experience).
08. Speech Therapist (Part time) • Rs. 20,000/- PM
(48 hrs in a Month & More than 10 Yrs Experience)
09. Attendant : Rs. 12,000/-
Details of Education Qualification, Experience, Age and Application Form can be downloaded through our website www.nipccd.nic.in or may be sought by sending a request email on nipccdghy@gmail.com.

Walk-in-Interview to be held on 26 Aug 2021 at 10.00 AM.

Advertisement Details :



Share:

Indian Council of Agricultural Research Recruitment 2021 : Apply for the Post of Project Associate, Field Assistant

Indian Council of Agricultural Research Recruitment 2021 : Indian Council of Agricultural Research, ICAR Research Complex for N.E.H. Region, Umroi Road, Umiam, Meghalaya - 793 103 has invited applications for the post of Project Associate, Field Assistant.

Name of the Post :
Project Associate
Field Assistant

Number of Post :
Project Associate : 1
Field Assistant : 2

On-line Interview
Eligible candidates are invited to apply (through online mode) for the post of one Project Associate - 1 and two Field Assistant on contractual basis under DBT project of the institute.

The candidates are advised to visit Institute website www.icarneh.ernet.in or www.kiran.nic.in for more information.

Advertisement Details : 



Share:

Labels

Archive

Contact Us

Name

Email *

Message *

Pages