মা
মনবীনী দাস
(১)
পিয়াহৰ এটুপি পানী
ভোকৰ এমুঠি অন্ন
চকুলোৱে বাগৰ সলায়
কৃষ্ণাৰ্জুন মোৰ প্ৰাণৰ ।
(২)
জোনাকী কোলাৰ ৰ'দালি মলম
কটা পাখিয়ে ডেউকা মেলে।
(৩)
উল্কাপিণ্ড সময়
ওখ হৈ থকাৰ সাহস তুমি।
মা
মনবীনী দাস
(১)
পিয়াহৰ এটুপি পানী
ভোকৰ এমুঠি অন্ন
চকুলোৱে বাগৰ সলায়
কৃষ্ণাৰ্জুন মোৰ প্ৰাণৰ ।
(২)
জোনাকী কোলাৰ ৰ'দালি মলম
কটা পাখিয়ে ডেউকা মেলে।
(৩)
উল্কাপিণ্ড সময়
ওখ হৈ থকাৰ সাহস তুমি।
শেৱালি বৰুৱা শইকীয়া
আঘোণৰ সন্ধ্যাহ্নিকত পিতাইৰ সপোনবোৰে বুকুৰ নিৰলাত এটি পঁজা
সাজিব খোজে;
বিৰিয়াত সাহসবোৰ অহোৰাত্র থূপ খাই পৰেহি;
পিতাইৰ টাপলি মৰা কামিজটোত হেঁপাহবোৰে জুমি চায় ন- জোনৰ
এচাকি পোহৰত,
আইৰ তামোলৰ পিকেৰে ৰাঙলী হোৱা দুটি ওঁঠৰ ফাঁকেৰে সৰি পৰা হাঁহিবোৰ
এটি এটি মুকুতা হৈ জ্বলে
পিতাইৰ কাষত,
কাঁচিখনত শান দিবলৈ সাজু হোৱা পিতাইক জীৱনৰ
সনাতন শব্দবোৰে
আমনি কৰে বৰকৈয়ে;
বানেধোৱা জীৱনৰ কৰুণ মুহূৰ্তৰ কৰুণা ভৰা আখৰৰ জোঁটনিত সোণটিয়ে কুঁহিপাঠ
আওৰাইছিল ভগা জুপুৰীত;
আজিও সোণালী আঘোণৰ বেলাত পিতাই বৰকৈয়ে নষ্টালজিক হৈ পৰে;
জীৱনৰ আৰণিত সোণগুটিৰ
হাঁহিবোৰ হুমুনিয়াহ হৈ সৰি পৰে আইৰ কোলাত।
আয়ে কৈছিল,, এই বাটেৰে আঘোণৰ লখিমী আকৌ উভতি আহিব হৃদয়ত মেন্ধিকাৰ একাজলি জ্যোতিৰে;
প্ৰাচীনতম পথাৰত প্ৰোথিত হৈ ৰ'ল আঘোণৰ সেউজীয়া গজালি,
আঘোণৰ কুঁৱলীয়ে বাট আগচি ধৰোঁতে পিতাইৰ হৃদয়ত অগাদেৱা কৰিছিল
ঐনিতমৰ ফল্গুধাৰাত প্ৰবাহিত হোৱা আশা- নিৰাশাৰ শব্দবোৰে,
সুৱাগমণি, মাণিকিমধুৰিৰ সুগন্ধিয়ে পিতাইৰ ভঁৰাল ভৰাইছিল,
সোণগুটিৰ ভৰত পিতাইৰ উৰুখা পঁজাত জোনাক সৰিছিল,
আইৰ হিয়া চাদৰৰ ভাঁজে ভাঁজে সোণগুটিয়ে নিৰাপত্তাৰ এমুঠি সপোন গুঁজি দিছিল সোণটিৰ বুকুত!
বৰ নামঘৰত ন চাউল মুঠি ভকত বৈষ্ণৱৰ সেৱাত উচৰ্গা কৰি পিতাইয়ে আঁঠু লৈছিল মুৰুলীধৰৰ চৰণত;
সেই আঘোণৰ সোণোৱালী বাট আজি কঙালীৰ খোজত কঁপিছে,
পিতাইৰ উদং ভঁৰালৰ বাকৰিত স্থিতপ্ৰজ্ঞ সময়বোৰ
দুঃসময় হৈছে!
আঘোণ বুলিলেই আইৰ গাত গোঁসাই নাইকিয়া হৈছিল,
গাঁৰিদিয়া ৰিহাৰ আঁচলত থুৰীয়া তামোলৰ সুবাস লাগি
পকা ধানে হালি জালি হাঁহিছিল;
আই পিতাইৰ হেঁপাহবোৰ আঘোণত ন কইনাৰ খোজেৰে আগবাঢ়িছিল,
এজনৰ আশাৰ কোলাত আনজনৰ নিশ্বাসৰ মুঠি মুঠি
ভালপোৱা বোৰ হৃদয়ৰ গৱাক্ষৰে উদ্ভাসিত হৈ মিচিকিয়াই হাঁহিছিল
জীৱনৰ পৰিধিয়ে।
আঘোণক হেৰুৱাই আজি মোৰ পিতাই নিঃস্ব হৈ পৰিছে বাৰে বাৰে,
নাঙলৰ সীৰলুত ঘামে ঢকা অকটুৰ মাটিৰ সুবাসিনী সুগন্ধিত চোতালৰ
শেৱালি জোপাই নিয়ৰত উচুপি উঠে পিতাইৰ হাঁহিবোৰক এন্ধাৰত হেৰুৱাই;
পিতাইক এখন হেঁপাহৰ পথাৰ ওভোটাই দিবলৈ
এগছি প্ৰদীপ জ্বলাও সুবাসনা আঘোণৰ ছাঁত!
আঘোণ হেৰাইছে মোৰ পিতাইৰ বুকুৰ সীমনাৰ পৰা!
দৃষ্টি
অৰ্চনা হাজৰিকা
প্ৰথমে তুমি নিজক চাবা
কৰিছা কি কৰিবা কি
পাছত তুমি আনক চাবা।
কেতিয়াবা তুমি তোমাক বিছাৰ কৰিছানে?
ভিতৰলৈ ভুমুকি মাৰি চোৱাচোন
মনৰ জাৱৰ বিলাক গুচাই পেলোৱা।
চৌপাশৰ লেতেৰাবোৰ পৰিস্কাৰ কৰা।
মনটো নিকা কৰা।
উকা হৈ থকা মনৰ দাপোনত নিজকে চোৱা
উকমুকনি দি থকা উন্মনা মনক
শান্ত কৰা।
উপায়হীন হ'লে ভগৱানক সুধা
তোমাক তেওঁৱেই উত্তৰ দিব।
বিছাৰি নোপোৱা সমাধান
তাতেই তুমি বিছাৰি পাবা
মলিয়ন হোৱা মনৰ কামিজটো
সোলোকাই থোৱা।
উৎপল মেনা
‘ভূপেন হাজৰিকাই অসমীয়া ভাষাত তােলা এই ছবিত মহাকবি কালিদাসৰ ‘অভিজ্ঞান শকুন্তলম' নাটকখনক মনত ৰাখিছে।' —অসমীয়া অনুবাদ কৰিলে এনে ধৰণৰ হব ‘দেশ’ত প্রকাশিত অসমীয়া চিনেমা 'শকুন্তলা’ সম্পৰ্কত লিখা বাক্যকেইটা। 'শকুন্তলা’ ভূপেন হাজৰিকাৰ চিনেমা। চিত্রনাট্য, সংগীতসূর্য ড° ভূপেন হাজৰিকাৰ। চিত্ৰগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১ত। চিনেমাখনৰ কেইটামান ‘অংশ’হে চোৱাৰ সুযােগ পাইছিলোঁ। এটা ‘অংশ’ত দেখিছিলোঁ পবিত্র বৰকাকতি, অনিতা বেনাৰ্জী আৰু এগৰাকী শিশু শিল্পীক। অনিতা বেনাৰ্জীৰ লগত এটা ‘অংশ’ত দেখিছিলোঁ ইভা আচাও আৰু কৃষ্ণা দাসক। অনিতা বেনাৰ্জীয়ে অভিনয় কৰিছিল শকুন্তলাৰ চৰিত্ৰত। বিপৰীতে দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছিল পবিত্র বৰকাকতিয়ে। ইভা-কৃষ্ণাই অভিনয় কৰিছিল প্রিয়ম্বদা-অনুসূয়াৰ চৰিত্ৰত। —এটা অংশ’ত দেখিছিলোঁ দুর্বাসাৰ চৰিত্ৰত কৰা ফণী শৰ্মাৰ অভিনয়। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল খগেন মহন্ত, ৰেবেকা চাচা আচাও, কুলদা কুমাৰ ভট্টচার্য, দেৱবালা চলিহা, দীনকৰ ৰাও আদিৰ লগতে শিশু শিল্পী বিদ্যা ৰাৱে। —হয়, অসমীয়া চিনেমাৰ পৰৱৰ্তী সময়ৰ নায়িকা বিদ্যা ৰাৱে।
শকুন্তলা’ৰ সংগীত আছিল জনপ্রিয় চিনেমাখনৰ দৰেই। অৱশ্যে পিছৰ প্ৰজন্মই চিনেমাখন চোৱাৰ সুযােগ নাপালে। সংৰক্ষণৰ অভাৱত। 'প্রথম প্রহৰ ৰাত্রি ...', 'নৱমল্লিকাৰৰে হেঁপাহ জানাে পলাব ...', 'পিতৃগৃহ ত্যাগী আই ...', “প্ৰজন্মৰ পিছত প্ৰজন্মৰ শ্ৰোতাই আদৰি লৈছিল। এই প্রজন্মৰ মুখতাে শুনা যায়। সেই সময়ৰ সমালােচকসকলে গীত, গীতৰ চিত্রায়ণ, আৱহ সংগীতৰ প্রশংসা কৰিছিল। প্রশংসা কৰিছিল ‘চিনেমেটিক’ কাৰবাৰৰ। 'শকুন্তলা’ অন্তঃসত্ত্বা হােৱা কথাটো দর্শকক বুজাইছিল ফুলৰ কলি— কলি ফুলি উঠা দৃশ্যৰে। ... এহাল কপৌৰ মিলনৰ মাজেৰে দৰ্শকক বুজাইছিল দুষ্মন্ত- শকুন্তলাৰ মিলন।... ইত্যাদি। –প্রাপ্ত তথ্য মতে গুৱাহাটীৰ চিত্ৰগৃহত 'শকুন্তলা’ চলিছিল ৯ সপ্তাহ। '
বক্স অফিচ কালেকচন’– ৫৯,২১২.০৬ টকা। আনহাতে চিনেমাখনে লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক।
উৎপল মেনা
‘ছায়াবাজি’– চিনেমা নুবুজা বয়সতে আমি চিনেমা উপভােগ কৰা মাধ্যম। ১৯৮১-৮২ চন। সেই সময়ত আমাৰ গাঁৱত চিনেমা চোৱাৰ অন্য উপায় নাছিল। ৯-১০ কিলােমিটাৰ দূৰত থকা ভাৰতীয় টকীজ বা নলবাৰী নাট্যমন্দিত চিনেমা চোৱাৰ অনুমতি পােৱা নাছিলাে বাবে ‘ছায়াবাজি’তে চিনেমা চোৱাৰ হেঁপাহ পূৰণ কৰিছিলাে। ‘মনােমতী’ অসমীয়া ‘কথাছবি’খনৰ কেইটামান ছিকুৱেন্স আমাৰ গাঁৱলৈ অহা ‘ছায়াছবি’তে চাইছিলাে। এটা গীতৰ কিছু অংশ দেখুৱাইছিল— কুহু কুহু বুলি তই মৰ পুৰি
অগনি জ্বলাৱ গাত...'
গীতাংশ আমাৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছিল। পৰৱৰ্তী সময়ত চিনেমাখন চোৱাৰ আশাৰে বহুজনৰ ওচৰ চাপিছিলাে, কিন্তু সকলােৰে মুখত এটায়ে উত্তৰ-প্রিণ্ট নষ্ট হৈছে। মাত্র এটা প্রিণ্টহে আছে। ৩ এপ্রিল, ১৯৪১ চনত চিত্ৰগৃহলৈ অহা চিনেমাখনৰ ‘নতুন প্রিন্ট’ এটা উলিয়াইছিল ১৯৬৭ চনত। আমি ‘ছায়াছবি’ চোৱা ছিকুৱেন্স কেইটা সম্ভৱতঃ ১৯৬৭ চনৰ। এই খিনিতে কেইটামান তথ্য : অসমীয়া চিনেমা ‘অধ্যয়ন কৰাৰ সময়ত আমি স্পষ্ট হ’ব পৰা নাই ‘মনােমতী’ তৃতীয়খন নে চতুর্থ অসমীয়া চিনেমা। কেইবাগৰাকীয়াে চিত্র সাংবাদিকৰ মতে— তৃতীয়। আমি সংগ্রহ কৰা তথ্যত কিন্তু স্পষ্ট ‘মনােমতী’ৰ পূর্বে চিত্রগৃহলৈ আহিছিল ‘জয়মতী’ (১৯৩৫), ‘দেৱদাস’ (১৯৩৯), ‘ইন্দ্ৰমালতী’ (১৯৩৯)। জয়মতীৰ চিত্রনাট্য ৰচনা কৰিছিল উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ একে নামৰ উপন্যাসৰ আধাৰত।
কাহিনী : বৰপেটা সত্ৰ। ৰাস-পূর্ণিমা৷ লক্ষ্মীকান্ত-মনােমতীৰ দেখা-দেখি।
দুয়ােৰে মনত ‘ভাল লগা-ভাল লগা’ অনুভৱ হয়। প্রেমৰ গল্প আৰম্ভ হয়। স্বাভাৱিক কাহিনী ‘প্রেম গল্প’লৈ আহে সমস্যা। মনােমতীৰ ধর্মীয় পিতৃ আৰু লক্ষ্মীকান্তৰ পিতৃ ক্রমে বৰনগৰৰ চণ্ডি বৰুৱা, যুগীৰ পামৰ হৰকান্ত বৰুৱা। পূর্ব পুৰুষৰ পৰায়ে তেলপানী সদৃশ দুটা শিবিৰ। ‘প্রেম কাহিনী’ সােমাই পৰে মানৰ আক্ৰমণৰ মাজত।
স্বাভাৱিকতে চিনেমাখনৰ পৰিচালনা শৈলী ‘কথাছবি’ স্তৰৰ। কাহিনীৰ গতি অতি মন্থৰ। ছিকুৱেন্স নির্মাণত সংলাপ আৰু ‘ছাবজেক্ট মুভমেণ্ট’- এই পৰিচালকৰ ভৰসা। মন চুই যোৱা৷ অভিনয় — শূন্য।
বজাৰ : চিনেমাখন নির্মাণত প্রযােজকে খৰচ কৰিছিল প্রায় ১৫ হাজাৰ টকা। প্রযােজকৰ লাভ হােৱা নাছিল।
মনবীনী দাস
নদী : ৰূপৰ কোঁৱৰৰ সপোনৰ দৰে মই
জীৱন কঢ়িয়াও
জগাই আত্মিক স্পৃহা।
নাৰী : মই জীৱন নদী
প্ৰাপ্তি-অপ্ৰাপ্তিৰ চাকনৈয়াত
আত্মিয়তা কঢ়িয়াওঁ।
নদী : চিনাকি অথচ অচিনাকি
দলদোপ-হেন্দোলদোপ
অৰ্থনীতিৰ জোৰা-টাপলি
বেপেৰোৱাৰ উৎসাহত আপোনজনৰ আৰ্তনাদ
ভৰা বুকুৰ চকুলোঁ !
নাৰী : চকুলোঁ সামৰি বৰ্তমান আৰু ভৱিষ্যতৰ আখৰা
যেন বহনক্ষম অৰ্থনীতি মই!
নদী : তৃষ্ণাতুৰৰ মৌলিকতাত মই
বৈ যাওঁ নিৰন্তৰে
আপোন ধৰম মানি।
নাৰী : চেতন- অৱচেতন সামৰি
প্ৰৱাহিনী মই
লক্ষ্যৰ সাধনাত অটল ।
নদী : সোঁত মোৰ স্বভাৱ
মৰাশ ভাঁহে...
জী থাকোঁ ভিতৰি।
নাৰী : স্বভাৱত গোলাপ বৰণীয়া
মৰাশৰ দৰে জীয়াব বিচাৰিলে কাইটিয়া ।
নদী : ন-মহীয়া ভৰ পেট
বিষৰূপী খাদ্য প্লাষ্টিক
ভিতৰি জী থকা কণ বাধাগ্ৰস্ততাৰ চিকাৰ।
নাৰী : হেঙুলীয়াকণ সাৱটো,
প্ৰাণভৰি জী ভাল পাওঁ।
সুবিধাবাদীৰ বিচৰণ প্ৰতি পদে
চল পালেই বুকুৰ কলিজা চোবাই,
ভিতৰি জী থকা কণ জাগি উঠে।
নদী : জলবায়ুৰ পৰিবৰ্তন
চন পৰা বুকুত চিৰাল ফাঁট,
নতুবা পাৰাপাৰহীন হৈ কেৱল দু:খক সাবটো!
এচলু জলসম্পদ লৈ কাবৌ কৰিছোঁ
'বচাওঁক মোক'
কথা দিলোঁ 'বচাম আপোনাক'।
নাৰী : বুকুৰ সেউজী হেঁপাহক জগাম
জিলিকিব মানব সম্পদ
প্ৰযুক্তিয়ে পূৰাব চন পৰা সপোন।
উৎপল মেনা
মাত্র ১০ দিনত চিত্ৰনৰ কাম শেষ কৰিছিল ‘ইন্দ্ৰমালতী'ৰ। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উদ্দেশ্য আছিল যিমান সম্ভৱ সিমান কম সময়ত চিনেমাখন সম্পূর্ণ কৰিব লাগে। কম সময় মানে, কম খৰচ৷ পৰিচালকগৰাকীয়ে নিজৰ কাহিনীৰে নিৰ্মাণ কৰা চিনেমাখনৰ বহিঃদৃশ্য গ্ৰহণ কৰিছিল তেজপুৰৰ মিছন চাৰিআলিৰ তালবাৰীত। এইবাৰ পৰিচালকগৰাকীয়ে ইনড’ৰৰ কাম সমূহ কৰিছিল মাত্র তিনিটা দিনতে।
কাহিনী : ইন্দ্ৰমালতীত দেখা গৈছে এটা প্রেম কাহিনী। ইন্দ্রজিৎ বৰুৱা (অভিনয় কৰিছে মনােভিৰাম বৰুৱাই) আৰু মালতীৰ (অভিনয় কৰিছে ৰাসেশ্বৰী বৰুৱাই) প্রেমৰ কাহিনী। তেজপুৰৰ ইন্দ্রজিৎ বৰুৱা। কলিকতাত পঢ়ি আছে। মাক নাই। মৃত্যু হৈছে। গৰমৰ বন্ধত ঘৰলৈ আহে। মাকৰ অভাৱ অনুভৱ কৰে। মন দুখেৰে ভৰি পৰে। দুখ পাতলাবলৈ সি দদায়ে ঘৰলৈ যায়। তাতেই মানে দদায়েকৰ গাঁও- সােণাপুৰত মালতীক লগ পায়। কম দিনৰ ভিতৰতে ইন্দ্রই মালতীৰ মন অনুভৱ কৰে। সময়ত ইন্দ্ৰ কলিকতালৈ উভতি যায়। তাত গৈয়াে মনৰ পৰ্দাত দেখি থাকে মালতীৰ হাঁহি।—কাহিনীলৈ আহে চিনেমাখনৰ খলনায়ক-চণ্ডীৰম (অভিনয় কৰিছে থানুৰাম বৰাই)। মালতীক বিয়া কৰাব খােজে। মালতীয়ে কিন্তু চণ্ডীৰামৰ নামটোকে শুনিব নােখােজে। তাৰ জেদ বাঢ়ে আৰু এদিন অপহৰণ কৰি মিচিং গাঁৱত ৰাখে।- খবৰ গৈ ইন্দ্ৰৰ কাণত পৰে। কলিকতাৰপৰা বন্ধু ললিত (অভিনয় কৰিছে ফণী শৰ্মাই)ৰ সৈতে আহি মালতীক উদ্ধাৰ কৰে। শেষত মালতী ইন্দ্ৰৰ মিলন। মিলনৰ ইংগিত।
অভিনয় : 'অসম বাণী'ত প্ৰকাশ পােৱা ফণী শৰ্মাৰ লেখা এটা পঢ়ি জানিব পৰিছিলোঁ চিনেমাখনৰ 'চৰিত্ৰ'ৰ বাবে প্রযােজক পক্ষই সাজ-পাৰ কিনা নাছিল। যাৰ যি পােছাক আছিল তাকে পিন্ধি ওলাইছিল।... “ছবিৰ নায়ক মনােভিৰাম বৰুৱাৰ নিজৰ লংপেণ্ট আছে। মােৰ নাই। মনত বৰ দুখ। কিনি ল’বলৈও হাতত পইচা নাই।” – ফণী শৰ্মাই লিখিছিল। আনহাতে, কোনাে অভিনয় শিল্পীয়ে পাৰিশ্ৰমিক লােৱা নাছিল। সন্দেহ নৰখাকৈ ক'ব পাৰি অসমীয়া চিনেমা নির্মাণত 'কম্প্রমাইজ’ তেতিয়াৰপৰায়ে আৰম্ভ হৈছিল। এই কথাও ক'ব পাৰি অসমীয়া চিনেমাই গতি কৰিছিল। ইন্দ্ৰমালতী’ৰ বাটেৰে। 'জয়মতী'ৰ বাটত খােজ পেলাইছিল পৰৱৰ্তী সময়ত পদুম বৰুৱাই। এইখিনিতে স্পষ্ট কৰি থব খুজিছোঁ 'জয়মতী’ আৰু 'ইন্দ্ৰমালতী'ৰ 'সােৱাদ’ লৈছিলোঁ 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী' তথ্যচিত্ৰখনত।
ব্যৱসায় : 'ইন্দ্ৰমালতী’ৰ উদ্দেশ্য আছিল–ব্যৱসায়। 'জয়মতী'ও লােকচান হৈছিল। সাংঘাতিক লােকচান। 'জয়মতী’, 'ইন্দ্ৰমালতী'ৰ অভিনেতা তেজপুৰৰ থানুৰাম বৰাই আমাক কৈছিল—“প্ৰথমখন চিনেমাত যে লােকচান হ'ব, সেয়া জ্যোতিপ্ৰসাদ আগৰৱালাই আগতে অনুমান কৰিছিল। সেয়েহে তেওঁ ভাঙি পৰা নাছিল। মােক মাতি নি কৈছিল— “হাতলৈ কিছু টকা ঘূৰাই আনিব লাগে। 'ইন্দ্ৰমালতী'ৰ বাবে বজাৰ চাইছোঁ। মই এইবাৰ সফল হম।...” সফল হৈছিল। ১০-১২ হাজাৰ টকা লাভ হৈছিল। কিন্তু চিনেমা হিচাপে 'জয়মতী'ৰ পর্যায় পােৱা নাছিল। কিয় পােৱা নাছিল?– থানুৰাম বৰাই কৈছিল— “চিনেমাৰ কাহিনী, চিত্রনাট্য পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে ৰচনা কৰিছিল। চিত্রনাট্য ৰচনাৰ সময়ত 'বাজেট’ৰ কথা মনত ৰাখিছিল যেন লাগে। মই ভাবো চিনেমাখনৰ চিত্রগ্রহণ ‘জয়মতী'ৰ দৰে ভােলাগুৰিৰ চিত্ৰবনত কৰা নাছিল বাজেট কমােৱাৰ বাবে। 'ইনড’ৰ শ্বুটিং কৰিছিল কলিকতাৰ নাৰকেল ডাংগাৰ আৰােৰ ষ্টুডিঅ’ত। মাত্র তিনিদিনৰ কাম কৰিছিল। চিনেমাখনৰ বেছিভাগ চিত্ৰগ্ৰহণৰ কাম কৰিছিল তেজপুৰৰ তালবাৰীত, এঘৰ মানুহৰ ঘৰত। ছয় দিন চিত্রগ্রহণৰ কাম কৰিছিল। কেমেৰা মুভমেণ্ট নাছিল। কেমেৰা একে ঠাইতে ৰাখিছিল। এংগল সলাইছিল।” সম্ভৱতঃ এই কাৰণেই ‘চিনেমা সৌন্দর্য’ নাছিল, কথাছবি পর্যায়তে ৰৈ গৈছিল 'ইন্দ্ৰমালতী'।
শেষত : 'ইন্দ্ৰমালতী’ত কিশােৰ চৰিত্ৰত ভূপেন হাজৰিকাই অভিনয় কৰিছিল— গৰখীয়া ল'ৰাৰ চৰিত্ৰত। ওঁঠত গীতাে আছে— গাইছিল বিশ্ব বিজয়ী নৱ জোৱান...'। তেওঁ লিখিছিল—“..নায়ক মনােভিৰাম বৰুৱাই ষ্টুডিঅ'ৰ বহির্ভাগৰ চোতালত থকা মধুৰিআম গছ এজোপাৰ ওচৰত থিয় হৈ মােক (গৰখীয়া ল'ৰাক) সুধিব— এইগীতটো ক'ত শিকিচা ? মই উত্তৰ দিব লাগিব—ভলণ্টিয়াৰৰ পৰা।” বুজাত অসুবিধা নহয়, ৰােমাণ্টিক কাহিনীটোৰ মাজলৈ ‘দেশভক্তি’ও আনিছিল। গীতে চিনেমাখনৰ ব্যৱসায়ত সহায় কৰিছিল। পৰৱৰ্তী সময়ত 'ইন্দ্ৰমালতী'ৰ ট্রেকেৰেহে অসমীয়া চিনেমাই গতি কৰে। 'জয়মতী'ৰ ট্রেকেৰে গতি কৰিলে ‘বিশ্ব চিনেমা'ৰ ক্ষেত্ৰখনত বিশেষ স্থান দখল কৰি থাকিলহেঁতেন।